নিউজ ডেস্ক,31 আগষ্টঃ শনিবাৰে প্ৰকাশ পালে এন আৰ চি ৰ চূড়ান্ত তালিকা ৷ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে-লগে বিদেশী ঘোষণা হ’ল মুঠ 19 লাখ 6 হাজাৰ 657 জন লোক ৷ আনহাতে চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত হ’ল 3 কোটি 11 লাখ 21 হাজাৰ 4 জন লোকৰ নাম ৷ ছোনীয়া গান্ধীৰ বাসগৃহত আয়োজিত হৈছিল এই বৈঠক ৷ এই বৈঠকত অংশগ্ৰহণ কৰে গুলাম নৱী আজাদ, অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, মুকুল ছাংগমা, প্ৰদ্যুৎ দেৱে ৷
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অধীৰ চৌধুৰীয়ে কয়, কংগ্ৰেছ দলৰ কেৱল দুটাই দাবী আছে ৷ প্ৰথমটো হৈছে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ যাতে কোনো কাৰণত বাদ নপৰে আৰু দ্বিতীয়তে সকলো প্ৰকৃত ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান ৷
ইপিনে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল ছাংগমাই উল্লেখ কৰে, কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট ৷ সকলো ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব সুৰক্ষিত হওঁক ৷ এই প্ৰক্ৰিয়াই দেশত কি প্ৰভাৱ পেলাব সেইয়া পৰৱৰ্তি সময়তে গম পোৱা যাব ৷ আনহাতে ত্ৰিপুৰাৰ কংগ্ৰেছৰ কমিটিৰ সচিব প্ৰদ্যুৎ দেৱে কয়, এইয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হোৱা এক নিয়মীয়া প্ৰক্ৰিয়া ৷ জাতি, ধৰ্ম, সম্প্ৰদায় বিশেষে কোনো ধৰণৰ পক্ষপাত নহওঁক আৰু প্ৰকৃত ভাৰতীয় নাগৰিকে যাতে কোনো ধৰণৰ হাৰাশাস্তিৰ ভোগ নকৰে এই বুলি উল্লেখ কৰে প্ৰদ্যুৎ দেৱে ৷