ETV Bharat / bharat

ছোনিয়াৰ গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু : কংগ্ৰেছৰ গৰিহণা - কৰ্ণাটকৰ শিৱমুগ্গা

ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰ্ণাটকৰ শিৱমুগ্গাত গোচৰ ৰুজু ৷ প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰাৰ বাবে গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

কংগ্ৰেছৰ গৰিহণা
ছোনিয়াৰ গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : May 21, 2020, 5:20 PM IST

নেশ্যনেল ডেস্ক, 21 মে': কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰ্ণাটকৰ শিৱমুগ্গাত এক গোচৰ ৰুজু হোৱাৰ পাচতে কংগ্ৰেছে এই ঘটনাৰ গৰিহণা জনাইছে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰাৰ বাবে গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ কংগ্ৰেছে এই সম্পৰ্কত কয় যে, বিজেপি শাসকগোষ্ঠীৰ মানসিকতাই হৈছে স্বচ্ছতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা ৷

এক বিবৃতিত কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগিলে কয়, "এয়া বিজেপিৰ স্বচ্ছতালৈ ভাবুকি প্ৰদান, উত্তৰ প্ৰদান কৰাৰ পৰা বিৰত থকাৰ চেষ্টা ৷ পুঁজি সম্পৰ্কত প্ৰশ্ন কৰিলে ভিতিগ্ৰস্ত হৈ পৰে বিজেপি ৷"

অধিবক্তা কে. ভি. প্ৰবীনে ছোনিয়া গান্ধীৰ বিৰুদ্ধে ৰুজু কৰিছিল এই গোচৰ ৷ অভিযোগ অনুসৰি, 11 মে'ত প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি সম্পৰ্কত টুইট কৰি দেশৰ নাগৰিকক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে কংগ্ৰেছে ৷ ভাৰতীয় দণ্ডাবিধিৰ আইনৰ 153/505 অনুচ্ছেদৰ অধীনত ছোনিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ৷

পূৰ্বে অভিষেক মানু সিংবীয়ে কৈছিল যে, Covid-19 ৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ ধন খৰচ হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.