ETV Bharat / bharat

হাজেলাৰ বিৰুদ্ধে এন আৰ চি ৰ তথ্য সলনিৰ অভিযোগ

author img

By

Published : Feb 13, 2020, 1:50 PM IST

এন আৰ চি প্ৰাক্তন ৰাজ্যিক মূখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে আসাম পাব্লিক ৱৰ্কছ নামৰ বেচৰকাৰী সংস্থাটোৱে ৷ ইয়াৰ পূৰ্বেও ধন আত্মসাতৰ অভিযোগ তুলিছিল হাজেলাৰ বিৰুদ্ধে ৷

হাজেলাৰ বিৰুদ্ধে এন আৰ চি ৰ তথ্য সলনিৰ অভিযোগ
হাজেলাৰ বিৰুদ্ধে এন আৰ চি ৰ তথ্য সলনিৰ অভিযোগ

গুৱাহাটী, 13 ফেব্ৰুৱাৰীঃ আসাম পাব্লিক ৱৰ্কছে এন আৰ চি প্ৰাক্তন মূখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এক গুৰুতৰ অধিযোগ উত্থাপন কৰিছে ৷ অভিযোগ অনুসৰি হাজেলাই তালিকাৰ পৰা দুজন লোকক বাদ দি চূড়ান্ত এন আৰ চি তালিকাৰ তথ্য সলনি কৰিছে ৷ ৰাজ্যিক চিআইডিক প্ৰদান কৰা এক গোচৰত এ পি ডাব্লিউয়ে এই অভিযোগ উত্থাপন কৰে হাজেলাৰ বিৰুদ্ধে ৷

এপিডাব্লিউয়ে এন আৰ চি উন্নীত কৰণ সম্বন্ধত উচ্চতম ন্য়ায়ালয়ত মূখ্য আবেদন দাখিল কৰিছিল আৰু তাৰ পৰিপেক্ষিতত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চি উন্নীতকৰণৰ কাম হাতত লৈছিল আৰু মূখ্য সমন্বয়ক হিচাপে প্ৰতীক হাজেলাক নিযুক্তি দিছিল ৷ ইপিনে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিচত আইএএচ বিষয়া প্ৰতীক হাজেলাৰ জীৱনলৈ ভাবুকি অহাৰ বুলি বিগত বৰ্ষত তেওঁক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছিল ৷

লগতে পঢ়কঃ NRCৰ অ'ফলাইন বিতৰ্ক : কি হৈছিল

উক্ত এন আৰ চি 2019 বৰ্ষৰ 31 আগষ্টত প্ৰকাশ পাইছিল, য'ত 19 লাখ মানুহৰ নাম কৰ্তন হৈছিল ৷ আনহাতে বিভিন্ন দল সংগঠনে এই তালিকাত যথেষ্ট আসোঁৱাহ থকাৰ অভিযোগ কৰি আহিছে ৷ উল্লেখ্য যে, বিগত বৰ্ষত নবেম্বৰ মাহৰ 28 তাৰিখে এ পি ডাব্লিউয়ে চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাত হাজেলাই আৰু তেওঁৰ ঘনিষ্ট সকলে 1600 কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.