ETV Bharat / bharat

মুখ্য ন্যায়ধীশৰ মাতৃৰ পৰা 2.5 কোটি টকা আত্মসাৎ - তত্বাবধায়ক

মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববডেৰ মাতৃৰ 2.5 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নাগপুৰ আৰক্ষীয়ে ৷

CJI Bobde's mother alleges cheating by caretaker
মুখ্য ন্যায়ধীশৰ মাতৃৰ 2.5 কোটি টকা আত্মসাৎ অভিযোগ
author img

By

Published : Dec 10, 2020, 9:06 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ : ভাৰতৰ মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববডেৰ মাতৃৰ 2.5 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে, ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ নাগপুৰত ৰুজু কৰা হৈছে গোচৰ ৷

অভিযোগ অনুসৰি, নাগপুৰত মুখ্য ন্যায়ধীশ গৰাকীৰ পিতৃৰ কিছু সম্পত্তি আছিল আৰু বৰ্তমান সেই সম্পত্তিখিনি মাতৃৰ নামত পঞ্জীয়ন আছে ৷ নাগপুৰৰ সেই সম্পত্তিখিনি চোৱাচিতা কৰিবলৈ তাপস ঘোষ নামৰ এজন তত্বাবধায়ক নিযুক্ত কৰা হৈছিল ৷

উল্লেখ্য যে, মাতৃৰ নামত পঞ্জীয়ন থকা সম্পত্তিখিনি আন মানুহক ভাড়ালৈ দিয়া হৈছিল আৰু ভাড়াতীয়াৰ পৰা ভাড়া সংগ্ৰহ কৰি বিগত 10 বছৰৰ পৰাই তাপস ঘোষ নামৰ লোকজনে স্বত্বাধিকাৰীক জমা দিয়াৰ পৰিৱৰ্তে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে, মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীয়ে তত্বাবধায়ক তাপস ঘোষক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : তিনিটা দশকৰ পিচত উন্মোচন হ'ল অসম আন্দোলনৰ 'তথ্য কোষ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.