ETV Bharat / bharat

ছ'চিয়েল মিডিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পষ্ট আঁতৰাই দিলে চীনে

শনিবাৰে ভাৰতে গলৱান ঘাটীত চীনৰ সাৰ্বভৌমত্বৰ দাবীক প্ৰত্যাখান কৰে ৷ চীনৰ এনে পক্ষপাতী আৰু অচল দাবী মানি লোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ ভাৰতৰ ৷

author img

By

Published : Jun 21, 2020, 1:02 PM IST

Chinese social media deletes PM Modi's remarks on border row
সীমা ৰেখাৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী বক্তব্যক আঁতৰালে চীনে

নতুন দিল্লী, 21 জুন : চীন-ভাৰতৰ সংঘাতৰ পাছতেই ছ'চিয়েল মিডিয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ আৰু সীমা ৰেখাৰ ওপৰত ভাৰতৰ অধিকাৰীক বক্তব্যক আঁতৰাই দিলে চীনে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে পূৱ লাডাখৰ গলৱান ঘাটীত হোৱা সংঘৰ্ষৰ 20 জন সেনা জোৱান নিহত হোৱাৰ পাছত 18 জুনত উই চাটত দেশৰ সীমা ৰেখাৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল ৷ এই বক্তব্যত মোডীয়ে ভাৰতে শান্তিত বিশ্বাস কৰে যদিও শান্তিত ব্যাঘাত জনোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিবলৈও ভাৰতে জানে বুলি উল্লেখ কৰিছিল ৷ উই চাটত ব্যাপক সংখ্যক লোকে এই ভিডিঅ'টো অনুকৰণ কৰিছিল ৷ ইয়াৰ পাচতেই চীনে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিয়ে ভিডিঅ'টো ৷

এমইএৰ প্ৰৱক্তা অনুৰাগ শ্ৰীবাস্তৱে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত দিয়া এটা বক্তব্যও উই চাটৰ অধিকাৰীক একাউণ্টৰ পৰা আঁতৰাই দিছিল ৷ উই চাটৰ এটা বক্তব্যত এই ভিডিঅ'টোৱে উই চাটৰ নিয়ম উলংঘন কৰাৰ বাবে আঁতৰাই দিয়া হৈছে বুলি প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 2015 চনত চীন যাত্ৰাৰ সময়ত বিৱ'ত এটা একাউণ্ট খুলিছিল ৷ এই একাউণ্টটোত চীনৰ লগত সীমা বিবাদ সংক্ৰান্তীয় কোনো তথ্য পোষ্ট কৰা হোৱা নাছিল ৷ আনহাতে শনিবাৰে ভাৰতে গলৱান ঘাটীত চীনৰ সাৰ্বভৌমত্বৰ দাবীক প্ৰত্যাখান কৰে ৷ ভাৰতে প্ৰকাশ কৰে যে, চীনৰ এনে পক্ষপাতী আৰু অচল দাবী মানি লোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰেলগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.