ETV Bharat / bharat

হিমাচল প্ৰদেশৰ সীমান্তত চীনৰ হেলিকপ্তাৰ - চিকিম

লাহৌল স্পীতিৰ আৰক্ষী অধীক্ষক ৰাজেশ ধৰ্মানীয়ে কয় যে, ঘটনাৰ খবৰ সেনা আৰু অন্যান্য সুৰক্ষা সংস্থাসমূহক প্ৰদান কৰা হৈছে । চীনা হেলিকপ্তাৰক দুবাৰকৈ বহু তললৈকে উৰা পৰিলক্ষিত হৈছে । প্ৰথম ঘটনা এপ্ৰিলৰ শেষত প্ৰত্যক্ষ কৰা হৈছিল আৰু মে'ৰ প্ৰথম সপ্তাহত দ্বিতীয়বাৰৰ বাবে চীনা হেলিকপ্তাৰ হিমাচল প্ৰদেশৰ সীমাত উৰি ফুৰে । 12 কিল'মিটাৰ ভিতৰলৈ অহাৰ পিছত দুয়োবাৰেই হেলিকপ্তাৰ তিব্বতৰ দিশে উভতি যায় ।

chinese-helicopter-entered-12-kilometers-of-himachal-pradesh-border-in-lahaul-spiti
হিমাচল প্ৰদেশৰ সীমান্তত চীনৰ হেলিকপ্তাৰ
author img

By

Published : May 17, 2020, 2:50 PM IST

নেশ্যনেল ডেক্স,17 মেঃ হিমাচল প্ৰদেশৰ সীমান্তত চীনৰ হেলিকপ্তাৰ । বিগত ডেৰ মাহত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চীনা হেলিকপ্তাৰৰ উৰণ প্ৰত্যক্ষ কৰা হৈছে । ছিকিমৰ পিছত এইবাৰ চীনে ভাৰতীয় সীমান্তত প্ৰৱেশৰ চেষ্টা চলায় । হিমাচল প্ৰদেশৰ লাহৌল স্পীতিত চীনৰ হেলিকপ্তাৰ ভাৰতীয় সীমাৰ 12 কিল'মিটাৰ ভিতৰত প্ৰৱেশ কৰে ।

উল্লেখ্য যে, হেলিকপ্তাৰখন সামাৰিক দিশত পৰিপূৰ্ণ লাহৌল স্পীতি জিলাৰ পুলিচ চেক পোষ্টৰ কাষত প্ৰত্যক্ষ কৰা হয় । আৰক্ষীয়ে ইয়াৰ খবৰ সেনা,আই ই বি, আই অ টি বি পিৰ লগতে অন্য সংস্থাসমূহক প্ৰদান কৰে । ইয়াৰ পিছতেই সুৰক্ষা সংস্থাসমূহে ঘটনাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে ।

লাহৌল স্পীতিৰ আৰক্ষী অধীক্ষক ৰাজেশ ধৰ্মানীয়ে কয় যে, ঘটনাৰ খবৰ সেনা আৰু অন্যান্য সুৰক্ষা সংস্থাসমূহক প্ৰদান কৰা হৈছে । চীনা হেলিকপ্তাৰক দুবাৰকৈ বহু তললৈকে উৰা পৰিলক্ষিত হৈছে । প্ৰথম ঘটনা এপ্ৰিলৰ শেষত প্ৰত্যক্ষ কৰা হৈছিল আৰু মে'ৰ প্ৰথম সপ্তাহত দ্বিতীয়বাৰৰ বাবে চীনা হেলিকপ্তাৰ হিমাচল প্ৰদেশৰ সীমাত উৰি ফুৰে । 12 কিল'মিটাৰ ভিতৰলৈ অহাৰ পিছত দুয়োবাৰেই হেলিকপ্তাৰ তিব্বতৰ দিশে উভতি যায় ।

প্ৰায় এসপ্তাহ পূৰ্বে ছিকিমত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত সংঘৰ্ষৰ তথ্য পোৱা গৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, নৰ্থ ছিকিমত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষৰ সষ্টি হৈছিল । এই সংঘৰ্ষত দুয়ো দেশৰে সৈন্য আহত হৈছিল । কিছু বছৰ পূৰ্বে ডোকলাম বিবাদকো চীনে বহু দীঘলীয়া সময়লৈকে অব্যাহত ৰাখিছিল ।

লগতে পঢ়ক-শোনিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.