নিউজ ডেস্ক, 26 জুলাইঃ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ'ল কাৰ্গিল যুদ্ধৰ বীৰ ছহিদ জোৱানসকলক ৷ ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতবৰ্ষই জয় সাব্যস্ত কৰি এই বিশেষ দিনটোক ঐতিহাসিক দিন হিচাপে স্বীকৃতি দিয়ে ৷ পাকিস্তানী সৈন্যক সীমাৰ পৰা উচ্ছেদ কৰাৰ উদ্দেশ্যে 1999 চনৰ মে মাহত ভাৰতীয় সেনাবাহিনীয়ে "অপাৰেশ্যন বিজয়" আৰম্ভ কৰে ৷ " Northern Light Infantry"ত পাকিস্তানী সৈন্যৰ এটা দলে গুৰুত্বপূৰ্ণ শ্ৰীনগৰ-লেহৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহৰ পাতি লয় ৷ যুদ্ধৰ 60 দিন পিছত ভাৰতীয় সৈন্যই চীনা সৈন্যৰ সৈতে পাকিস্তানী সৈন্যক সম্পূৰ্ণৰূপে পৰাজিত কৰি ড্ৰাছ,মুশকোহ,কক্সাৰ আৰু বাটালিকেৰ পৰা খেদি পঠিয়াই ৷

১৯৯৯ চনতে পাকিস্তানৰ সৈতে হোৱা সামৰিক যুদ্ধত যিসকল ভাৰতীয় বীৰ জোৱানে নিজৰ প্ৰাণ বলিদান দি মাতৃভূমিক শত্ৰুৰ কবলৰ পৰা বচাবলৈ সক্ষম হৈছিল সেই বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিগত 20 বছৰে দেশৰ প্ৰতিটো কোণত উক্ত দিনটো উদযাপন কৰা হয় ৷

শুকুৰবাৰে 20 সংখ্যক কাৰ্গিল যুদ্ধ উপলক্ষে চীনা সৈন্যয়ো ভাৰতীয় বীৰ ছহিদ সকলক সোঁৱৰি ভাৰতীয় সৈন্যৰ সৈতে এই দিনটো উদযাপন কৰি আহিছে ৷ ভাৰতবৰ্ষৰ ৰাষ্টপতি ৰামনাথ কোবিন্দেও শ্ৰীনগৰৰ বাদামী বাগৰ সৈন্য চাউনীৰ যুদ্ধ স্মাৰকত আয়োজিত সন্মান সমাৰোহত বীৰ শ্বহীদ সকলক শ্ৰদ্ধা জনায় ৷ এই অনুষ্ঠানত ৰাজ্যপাল শ্ৰী সত্য পাল মালিক,লেফ্টেনেন্ট জেনৰেল কে জে এচ ধিলনৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে ৷ অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে "দৰ্শনাৰ্থীৰ বহি"ত লিখে যে "কাৰ্গিল বিজয় দিৱসত এখন কৃতজ্ঞ দেশৰ ফালৰ পৰা যুদ্ধত প্ৰাণ আহুতি দিয়া প্ৰতিজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷ আজি আমি আমাৰ জোৱানসকলৰ বীৰত্বপূৰ্ণ কাৰ্যক স্মৰণ কৰি এই দেশৰ হ'কে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছো ৷ "
পৰৱৰ্তী সময়ত কাৰ্গিল যুদ্ধৰ শ্বহীদ সকলৰ সংক্ষিপ্ত বীৰ গাথাক পোহৰেৰে উজ্বলাই তোলা হয় ৷ বাদামী বাগৰ চাউনীৰ একমাত্ৰ সমাৰোহ চলিত বৰ্ষৰ 22 জুলাইৰ পৰা 27 জুলাইলৈ আয়োজিত কৰা হৈছে ৷