অলপতে চীনে পিপুলছ লিবাৰেচন আৰ্মিৰ দ্বাৰা এক গ্ৰেণ্ড পেৰেডৰ জৰিয়তে কমিউনিষ্ট শাসনৰ 70 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰে ৷ টিয়ানমেন স্কোৱেৰত শত শত টেংকৰ চালনা আৰু 15000 সৈন্যৰ দ্বাৰা একেলগে কৰা সামৰিক পেৰেডে চীনৰ একেবাৰে শেহতীয়া আৰু উচ্চ ক্ষমতাসম্পন্ন সামৰিক ব্যৱস্থাৰ উমান দিছে ৷ DF- 41 আৰু DF- 17 নামৰ নতুন ক্ষেপনাস্ত্ৰৰ প্ৰদৰ্শনৰ পৰা চীনে হাইপাৰছ'নিক প্ৰযুক্তি ব্যৱহাৰ কৰাটোৱে স্পষ্ট হৈছে ৷ 15000 কিলোমিটাৰ ৰেঞ্জৰ DF- 41 খনে 25 মেক/ঘন্টা গতিত 30 মিনিটৰ ভিতৰত ৱাৰহেডৰ সৈতে মাৰ্কিন যুক্তৰাষ্ট্ৰক আঘাত কৰিব পাৰিব ৷ DF- 17 হৈছে এখন হাইপাৰছ'নিক গ্লাইড বাহন, যিয়ে শব্দতকৈও পাঁচগুণ বেগত উৰিব পাৰে আৰু উৰণ কালতেই যুদ্ধাভ্যাস কৰিব পাৰে ৷ ইয়াক গুলীয়াই ভূ-পতিত কৰিব পৰাটোও প্ৰায় একপ্ৰকাৰ অসম্ভৱ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Joint Chiefs of Staffৰ উপাধ্যক্ষ জেন. জন হাইটনেও 2018 চনৰ মাৰ্চত চীনৰ এই ক্ষেপণাস্ত্ৰ ৰোধ কৰিবলৈ তেওঁলোকৰ কোনো প্ৰতিৰোধ নাই বুলি স্বীকাৰ কৰিছিল ৷
অধিক পঢ়কঃ নেশ্বনেল ডে পেৰেডঃ চীনে প্ৰদৰ্শন কৰিলে ডংফেং 41 ক্ষেপণাস্ত্ৰ
সেই প্ৰদৰ্শনীত মানৱবিহীন যানৰ ক্ষেত্ৰত PLAৰ উন্নয়নৰ কথাও গম পোৱা গৈছিল ৷ গংগিজী-11 নামৰ মানৱবিহীন যানখনক ৰাডাৰে ধৰা পেলাব নোৱাৰে আৰু ই শত্ৰুৰ ৰণকৌশলত পাচফালেৰে গোপনে মোক্ষম আঘাত হানিব পাৰে ৷ চীনে DR-8 নামৰ এখন ছুপাৰছ'নিক উচ্চ এল্টিটিউদাৰকনাইছ ক্ষমতাসম্পন্ন ড্ৰ'নো মুকলি কৰে, যাৰ বেগ 4 মেকতকৈও অধিক বুলি গুজৱ ওলাইছে ৷ চীনৰ নৌ-সেনাই HSU- 001 নামৰ এখন পানীৰ তলত চলা মানৱবিহীন যানৰো চালনাৰ শুভাৰম্ভ কৰে, যিয়ে পূব আৰু দক্ষিণ চীন সাগৰত শত্ৰুৰ সাগৰীয় গতি-বিধিক সন্তৰ্পনে নিৰীক্ষণ কৰিব পাৰিব ৷ ইয়াৰ জৰিয়তে চীনৰ পাব্লিক লিবাৰেচন আৰ্মিয়ে 2035 চনৰ ভিতৰত তেওঁলোকৰ সামৰিক আধুনিকীকৰণৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সফলতাৰে গতি কৰি থকাটোৱে প্ৰতীয়মান হয় ৷ অস্ত্ৰৰ হিচাপ বা প্ৰদৰ্শনতেই এক কাৰ্যক্ষম সামৰিক বাহিনীক জুখিব নোৱাৰি ৷ ইয়াৰ মান নিৰ্ণয় কৰাৰ বাবে সেনাবাহিনী এটাৰ যুদ্ধ ক্ষমতা, প্ৰশিক্ষণৰ মানদণ্ড, সেনাৰ নিয়ম, থলুৱা সামৰিক উৎপাদন, সামৰিক-অসামৰিক সমন্বয় ইত্যাদিও নিৰ্ভৰ কৰে ৷ এইবোৰ বিভাগতো শেহতীয়া সময়চোৱাত চীনে যথেষ্ট উন্নত মানদণ্ডৰ পৰিচয় দাঙি ধৰিছে ৷
2015 চনৰ নৱেম্বৰত চীনৰ সেনা বাহিনীত এক বৃহৎ সংস্কাৰমূলক পদক্ষেপ লোৱা হৈছিল ৷ ইয়াৰ আগতে চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিংৰ দ্বাৰা সেনাবাহিনীৰ পৰা 3 লাখকৈ সৈন্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ কিছু আভ্যন্তৰীণ বাধাৰ পাচত 2016 চনৰ ফেব্ৰুৱাৰীত সাতটা সামৰিক মণ্ডলক 5 টা দলত পুনৰ্গঠন কৰা হৈছিল ৷ লগতে 4 টা সাধাৰণ বিভাগক কেন্দ্ৰীয় সামৰিক আয়োগৰ দ্বাৰা পোনপটীয়াভাৱে 15 টা কাৰ্যকৰী অংগত ভাগ কৰি দিয়া হৈছিল ৷ এয়া চীনৰ সামৰিক বাহিনীক যুটীয়া অভিযান, আকাশমাৰ্গৰ নিয়ন্ত্ৰণ, চাইবাৰ অভিযান আদিৰ ক্ষেত্ৰত সক্ষম কৰি তোলাৰ আৰম্ভণি পদক্ষেপহে আছিল ৷ অৱশ্যে সামৰিক ক্ষেত্ৰখনত বিশ্বৰ আগশাৰীৰ আধুনিক প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীন এতিয়াও বহু পিচপৰি থকাৰ কথা স্বীকাৰ কৰে ৰাষ্ট্ৰপতি ঝীয়ে ৷ ইয়াৰ বাবে বিগত বৰ্ষত PLA প্ৰশিক্ষণৰ বাবে এক নতুন নীতি স্থাপনা কৰি সংযুক্ত আৰু সমসাময়িক প্ৰশিক্ষণ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷
চীনৰ সামৰিক উদ্যোগিক ক্ষেত্ৰখনৰ উন্নয়ন চকুত লগাকৈ দৰ্শনীয় ৷ প্ৰত্যেক বৰ্ষতেই Defence Newsএ বিশ্বৰ 100 খন সামৰিক ফাৰ্মৰ নাম ঘোষণা কৰে ৷ বিগত বৰ্ষত চীনৰ এখনো সামৰিক ফাৰ্মে শীৰ্ষ 100ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও চলিত বৰ্ষত চীনৰ 6খনকৈ সামৰিক ফাৰ্মে শীৰ্ষ 15ৰ ভিতৰত স্থান লাভ কৰে ৷ চীনে প্ৰতিৰক্ষা সামগ্ৰী আৰু সামৰিক ক্ষেত্ৰখনত বিশ্বমানৰ ক্ষেপনাস্ত্ৰ আৰু লেণ্ড ছিষ্টেমত একক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ International Institute of Strategic Studiesৰ তথ্য অনুসৰি, 2014ৰ পৰা 2018ৰ ভিতৰত চীনে জাৰ্মান, ভাৰত, স্পেইন, টাইৱান আৰু সংযুক্ত গণৰাজ্যৰ সামূহিক জাহাজসমূহকৈ অধিক সংখ্যক ছাবমেৰিন, যুদ্ধজাহাজ, উভচৰ ভেছেলচ আৰু অন্যান্য সামৰিক সামগ্ৰী চকুত লগাকৈ সেনাবাহিনীত অন্তৰ্ভূক্ত কৰিছে ৷ চীনৰ নব্য যুদ্ধনীতি তথা প্ৰযুক্তিসমূহ 'Civil-Military Integration' কৰ্মসূচীৰে সমৰ্থিত ৷ ইয়াৰ বাবে চীনৰ Tsinghua University আৰু Central Military Commission Science and Technology Commission আদিৰ দৰে শিক্ষানুষ্ঠানে গৱেষনা অব্যাহত ৰাখিছে ৷
চীনৰ সামৰিক অভ্যুত্থান বিশ্বশক্তিৰ হাবিয়াসেৰে পূৰ্ণ ৷ দুটা দিশৰ পৰা চীনৰ সামৰিক অভ্যুত্থান অতিকে গুৰুত্বপূৰ্ণ ৷ প্ৰথমটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাবুকি, যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ Joint Chiefs of Staff জেন. জোচেফ ডানফৰ্ডে 2025চনৰ ভিতৰত চীন আমেৰিকাৰ বাবে এক ভাবুকি হৈ পৰিব পাৰে বুলি উল্লেখ কৰে ৷ দ্বিতীয়টো হৈছে আমেৰিকা-চীনৰ সামৰিক মুখামুখি এছিয়া মহাদেশৰ বহুটো দেশৰ বাবে ভাবুকি, যাৰ বাবে ভাৰতৰ দৰে দেশে যিকোনো এটা বিশ্বশক্তিৰ সৈতে সংযুক্ত হ'বলৈ বাধ্য কৰাব পাৰে ৷
The Tragedy of Great Power Politics নামৰ গ্ৰন্থত offensive realismৰ বিষয়ে উল্লেখ কৰি লেখক জন জে. মেয়াশ্বেইমাৰে কয় যে, "মোৰ যুক্তি হৈছে যদিহে চীনে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে, তেতিয়াহ'লে সমগ্ৰ এছিয়া মহাদেশতে চীনে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব, যিদৰে পশ্চিমত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰভূত্ব স্থাপন কৰিছে ঠিক একেদৰেই ৷ অৱশ্যে চীনৰ ভৌগলিক আগ্ৰাসন ৰুধিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই যিকোনো পৰ্যায়লৈ নামিব পাৰে ৷ এইক্ষেত্ৰত বেইজিঙক ৰুধিবলৈ ইয়াৰ সীমান্তৱৰ্তী ভাৰত, জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, ৰাছিয়া আৰু ভিয়েটনামৰ দৰে দেশে আমেৰিকা যুক্তৰাষ্ট্ৰক সমৰ্থন কৰিব ৷ যিয়ে এক ভয়াৱহ সামৰিক প্ৰতিদ্বন্দিতাৰ সৃষ্টি কৰিব, চমুকৈ চীনৰ এই অভ্যুত্থান বিশ্ববাসীৰ বাবেই এক সন্ত্ৰাসৰ কাৰণ ৷"
অধিক পঢ়কঃ 70 তম বাৰ্ষিকীত চীনৰ শক্তি প্ৰদৰ্শন
লেখক জন জে. মেয়াশ্বেইমাৰৰ অনুমান তথা যুক্তি সম্পূৰ্ণ সঠিক নহ'লেও নিজা শক্তিৰে মহীয়ান হোৱা চীনৰ সামৰিক অভ্যুত্থান আৰু প্ৰভুত্ব প্ৰতিৰোধ ভাৰতৰ বাবে অপৰিহাৰ্য হিচাপে দেখা দিছে ৷ ইয়াৰ বাবে ভাৰতৰ সামৰিক বাহিনীক আধুনিক যুদ্ধনীতিৰ প্ৰশিক্ষিত কৰাৰ লগতে শক্তিশালী কৰাটো অতিকে প্ৰয়োজনীয় ৷ বৰ্তমান সময়ত প্ৰতিটো সামৰিক উপকৰণ চামিলক লৈ হোৱা অযথা হৈ-হাল্লাই দেশৰ সামৰিক ক্ষেত্ৰখনৰ উন্নতি তথা স্বদেশীকৰণৰ কিছুমান দিশ যিটো ভাৰতৰ হাতত মজুত নাই তাক লুকাই থকাতহে সহায় কৰিছে ৷ চীনৰ পৰা ভাৰতে এইক্ষেত্ৰত বহুটো শিকিবলগীয়া আছে ৷