নিউজ ডেস্ক,৫ ফেব্ৰুৱাৰী: ছট্টিশগড়ত এক লোমহৰ্ষক হত্য়া কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন ব্যক্তিক । ২৯ জানুৱাৰীত ৰাজ্য়খনৰ কোৰৱা জিলাৰ লেমৰু আৰক্ষী থানাৰ অন্তৰ্গত সাত্ৰেংগা নামৰ গাঁওখনৰ সমীপত সংঘটিত হৈছিল লোমহৰ্ষক ঘটনাটো । একেটা পৰিয়ালৰে ৩ জনক হত্য়া কৰিছিল দুৰ্বৃত্তৰ দলে । পৰিয়ালটোৰ ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ লগতে তাইৰ পিতৃ আৰু ৪ বছৰীয়া ভগ্নীক হত্য়া কৰে দুৰ্বৃত্তৰ দলটোৱে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে ২ ফেব্ৰুৱাৰীত এজন ব্যক্তিয়ে তেওঁৰ ৫৫ বছৰীয়া পিতৃ, ৪ বছৰীয়া এটি শিশু আৰু ১৬ বছৰীয়া ভনীয়েকৰ নিৰুদ্দেশ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলোৱাত দেউতাকৰ মৃতদেহ আৰু ৪ বছৰীয়া শিশুক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে আনহাতে ১৬ বছৰীয়া কিশোৰীগৰাকীক চিকিৎসালয় লৈ যোৱা পথত মৃত্যু হৈছিল ।
সহকাৰী আৰক্ষী অধীক্ষক কীৰ্তন ৰাথোৰে জনোৱা মতে ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনৰ ধাৰা ৩০২, ৩০৭, ১২০ বি, আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ ব্যৱস্থাৰ(পোকছো) অধীনত গোচৰ ৰুজু কৰা হৈছে ।
লগতে পঢ়ক:1 এপ্ৰিলৰ বন্ধ হ'ব পে পলৰ ঘৰুৱা সেৱা