নিউজ ডেস্ক, ৯ জুলাই : বৃহস্পতিবাৰে চেন্নাইত সংঘটিত হয় এক ভয়াবহ ঘটনা । এগৰাকী ভাৰাতীয়াৰ হাতত প্ৰাণ গ'ল ঘৰৰ মালিকৰ। অভিযোগ অনুসৰি, চেন্নাইৰ কুন্দ্ৰাথৰৰ ভাড়াঘৰৰ মালিকজনে ভাৰা দিয়াৰ নামত পৰিয়ালটোক মাৰধৰ কৰিছিল । মৃত ব্যক্তিজন কুন্দ্ৰাথুৰৰ নিবাসী গুনচেকৰণ বুলি জানিব পৰা গৈছে ।
তথ্য অনুসৰি, গুণচেকৰণ নামৰ লোকজনে ভাৰাতীয়া ধনৰাজক ভাৰা দিব নোৱাৰাৰ বাবে শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে মাৰধৰ কৰিছিল । কাৰণ লক্ ডাউনৰ বাবে বিগত ৪ মাহ ভাৰাতীয়াজনে মালিকক ঘৰ ভাৰা দিব পৰা নাছিল । উক্ত ঘটনাৰ পিচত বুধবাৰে নিশা ধনৰাজৰ পুত্ৰ অজিতে মালিক গুণচেকৰণক ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা গৈছে ।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে অজিতক কৰায়ত্ব কৰি ঘটনা সম্পৰ্কত বিবৃতি গ্ৰহণ কৰিবলৈ থানালৈ লৈ যায় আৰু গুণচেকৰণৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয় ।
লগতে পঢ়ক : হোজাইত ঘাইপথতে দুৰ্বৃত্তৰ আক্ৰমণঃ আহত ব্যক্তিজনৰ চিকিৎসালয়ত মৃত্যু