ETV Bharat / bharat

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনৰ ধাৰা

জম্মু-কাশ্মীৰে আজি পালন কৰিব ইয়াৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ বৰ্ষপূৰ্তি ৷ এইক্ষণত জম্মু-কাশ্মীৰৰ আইন-শৃংখলাৰ এক অৱলোকন ৷

author img

By

Published : Aug 5, 2020, 5:14 AM IST

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনৰ ধাৰা
অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তনৰ ধাৰা

নিউজ ডেস্ক, 5 আগষ্ট : বহু বিতৰ্কিত অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ এবছৰ বৰ্ষপূৰ্তিৰ ক্ষণত জম্মু-কাশ্মীৰৰ আইন-শৃংখলাতো দেখা গৈছে ব্যাপক পৰিৱৰ্তন ৷ জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা এই অনুচ্ছেদৰ অৱসান ঘটোৱাৰ লগতে জম্মু-কাশ্মীৰক দুভাগত ভাগ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আজিৰ পৰা এবছৰ পূৰ্বে ৷ এই বিগত এবছৰত জম্মু-কাশ্মীৰত বহুটো পৰিৱৰ্তনৰ ভিতৰত কেতবোৰ বিষয়ৰ এক চমু অৱলোকন....

সন্ত্ৰাসবাদীৰ হাতত নিধন 42 গৰাকী লোক

নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ নিৰ্মূলত ব্যস্ত থকাৰ সময়তে বিগত এবছৰত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে 42গৰাকী লোকে ৷ কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ কৰাৰ বিপৰীতে সন্ত্ৰাসবাদীয়ে সাধাৰণ জনতাক লক্ষ্য কৰি লৈ অঞ্চলটোত অশান্তি বিয়পোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ সেনাই প্ৰদান কৰা তথ্য অনুসৰি, 2019ৰ আগষ্টৰ পৰা 2020ৰ আগষ্টলৈ সন্ত্ৰাসবাদীয়ে 42 গৰাকী লোকক হত্যা কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদীৰ হাতত আঘাতপ্ৰাপ্ত হৈছে 121 গৰাকী স্থানীয় লোক ৷

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচতেই শিলাবৰ্ষণত ব্যাপক হ্ৰাস

চৰকাৰে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচতেই জম্মু-কাশ্মীৰত শিলাবৰ্ষণৰ ঘটনাও হ্ৰাস পাইছে ৷ নিৰাপত্তা বাহিনীৰ কঠোৰ নিৰীক্ষণৰ বাবেই শিলাবৰ্ষণৰ দৰে ঘটনা হ্ৰাস পাইছে ৷ বিগত বৰ্ষৰ আগষ্ট মাহলৈকে নিৰাপত্তা বাহিনীয়ে প্ৰদান কৰা তথ্যত সৰ্বমুঠ 264টা শিলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল; প্ৰতি তিনিঘন্টাত এটাকৈ শিলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ পৰৱৰ্তী 11 মাহত নিৰাপত্তা বাহিনীয়ে এই ঘটনা ৰোধ কৰিবলৈ ব্যাপক সফলতা লাভ কৰে ৷ 2019ৰ ছেপ্টেম্বৰৰ পৰা 2020ৰ জুলাইলৈ 133 টা শিলাবৰ্ষণৰ ঘটনা সংঘটিত হয় ৷

মুখ্যধাৰাৰ নেতাসকল গৃহবন্দী

জম্মু-কাশ্মীৰৰ মুখ্যধাৰাৰ নেতা, নেশ্বনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লা আৰু পিপুলছ ডেম্ক্ৰেটিক পাৰ্টীৰ প্ৰধান মেহবুবা মুফটিক অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই গৃহবন্দী কৰি ৰখা হৈছে ৷

কাশ্মীৰৰ যুৱ প্ৰজন্মৰ সন্ত্ৰাসবাদত যোগদানৰ সংখ্যা হ্ৰাস

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচৰে পৰাই জম্মু-কাশ্মীৰৰ যুৱ প্ৰজন্মৰ সন্ত্ৰাসবাদত যোগদানৰ পৰিসংখ্যাও কমি আহিছে ৷ এই সংখ্যা 40 শতাংশলৈ কমি আহিছে ৷ এবছৰ পূৰ্বৰ 105 গৰাকীৰ বিপৰীতে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 15 জুলাইলৈ কাশ্মীৰৰ 67গৰাকী যুৱকে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছে ৷ আনহাতে সন্ত্ৰাসবাদজনিত ঘটনাও বিগত বৰ্ষৰ 188ৰ তুলনাত 120টালৈ অৱনমিত হৈছে ৷

অনুপ্ৰৱেশৰ ঘটনা

নিয়ন্ত্ৰণৰেখাৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ ঘটনা কম হোৱাৰ বিপৰীতে বৃদ্ধি পাইছে ৷ পাকিস্তানে জম্মু-কাশ্মীৰত অশান্তি বিয়পোৱাৰ বাবে প্ৰেৰণ কৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰাত কিছু বিফল হৈছে নিৰাপত্তা বাহিনী ৷ এবছৰ পূৰ্বে 126 গৰাকী সন্ত্ৰাসবাদীৰ বিপৰীতে বিগত এবছৰত 136 গৰাকী সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰ হাতত নিধন হৈছে ৷

হিজবুল মুজাহিদীনৰ নিহতৰ সংখ্যা

এবছৰ পূৰ্বে সন্ত্ৰাসবাদজনিত ঘটনাত 75 গৰাকী নিৰাপত্তা বাহিনীৰ লোক শ্বহীদ হোৱাৰ বিপৰীতে, বিগত এবছৰত এই সংখ্যা কমি 35 গৰাকী হৈছে ৷ কাশ্মীৰৰ অশান্তিৰ মুলত থকা হিজবুল মুজাহিদীনৰ কামাণ্ডাৰ ৰিয়াজ নাইকুকে ধৰি 50ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে ৷

যুদ্ধবিৰতি উলংঘণ

2019ত নিয়ন্ত্ৰণৰেখাত বিগত 16 বৰ্ষৰ ভিতৰত অধিলেখসংখ্যক যুদ্ধবিৰতি চুক্তি উলংঘণ কৰিছিল পাকিস্তানে ৷ 2019ত 3,200 বাৰ যুদ্ধবিৰতি চুক্তি উলংঘণ কৰিছিল পাকিস্তানে ৷

কম গতিৰ ইন্টাৰনেট

2019ৰ 4 আগষ্টত চৰকাৰে যোগাযোগৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ চৰকাৰে লাহে লাহে যোগাযোগৰ মাধ্যমসমূহ মুকলি কৰি দিছিল যদিও ইন্টাৰনেট সেৱা 2জিলৈকে আৱদ্ধ কৰি ৰাখে ৷ এতিয়া ইয়াকো বন্ধ কৰি দিয়া হৈছে ৷ লগতে পুনৰ সান্ধ্য আইন জাৰি কৰা হৈছে ৷

লগতে পঢ়কঃ ভয়ংকৰ, শিহৰণকাৰী বিস্ফোৰণত কপি উঠিল বেইৰুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.