ETV Bharat / bharat

চিকিৎসকক নিলম্বন কৰা কাৰ্যক নিন্দা চন্দ্ৰবাবু নাইডুৰ; শীঘ্ৰেই নিলম্বন প্ৰত্যাহাৰৰ দাবী

author img

By

Published : Apr 9, 2020, 2:11 PM IST

পিপিইৰ অভাৱ সম্পৰ্কে অভিযোগ উত্থাপন কৰা চিকিৎসকক নিলম্বন কৰা YSRCP চৰকাৰৰ সিদ্ধান্তক গৰিহণা চন্দ্ৰবাবু নাইডুৰ । শীঘ্ৰেই নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী নাইডুৰ ।

Chandrababu Naidu condemns suspension of doctor, demands immediate revocation

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ চিকিৎসকক নিলম্বন কৰা YSRCP চৰকাৰৰ সিদ্ধান্তক গৰিহণা টিডিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ । COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (Personal Protection Equipment) অভাৱৰ অভিযোগ দিয়াৰ বাবেই অভিযোগকাৰী চিকিৎসকক নিলম্বনৰ নিৰ্দেশক দিয়ে YSRCP চৰকাৰে ।

নাৰছিপাটনাম হাস্পতালত মাস্ক, গ্লেভছৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল চিকিৎসক সুদাকৰে । N-95 মাস্কৰ দাবী উত্থাপন কৰাৰ বাবেই অন্ধ্ৰপ্ৰদেশৰ YSRCP চৰকাৰে চিকিৎসক গৰাকীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে । এই নিৰ্দেশৰ পাচতেই সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ।

তেওঁ কয়, এই সংকটৰ সময়ত চিকিৎসক সৈনিক সকলক অপমান কৰিলে কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আনক ৰক্ষা কৰাৰ বাবে তেওঁলোকক বিপদৰ সন্মুখত থিয় হ'বলৈ অনুপ্ৰেৰণা যোগাব । এই সময়ত চিকিৎসক, স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ দিশটো চোৱাটো গুৰুত্বপূৰ্ণ ।

অৱশ্যে এই ঘটনাৰ পাচতেই YSRCP চৰকাৰৰ বহু নেতাই চিকিৎসকগৰাকীৰ TDP ৰ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি উল্লেখ কৰে । অভিযোগৰ পূৰ্বে TDP ৰ জেষ্ঠ নেতা অয়ান্নাৰ পাথৰুডোৰ সৈতে বহু সময় অতিবাহিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে YSRCP চৰকাৰৰ বহু নেতাই ।

হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.