ETV Bharat / bharat

চণ্ডীগড়ত ৰাজহুৱা স্থানত মাস্ক পৰিধন নকৰিলে কৰা হ'ব গ্ৰেপ্তাৰ - মাস্ক

কোনো লোকে এই নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় দণ্ড বিধিৰ 188 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব । আৰক্ষীক প্ৰশাসনে গ্ৰেপ্তাৰৰ ক্ষমতা প্ৰদান কৰিছে ।

চণ্ডীগড়ত ৰাজহুৱা স্থানত মাস্ক পৰিধন নকৰিলে  কৰা হ'ব  গ্ৰেপ্তাৰ

author img

By

Published : Apr 10, 2020, 10:23 AM IST

নিউজ ডেস্ক, 10 এপ্ৰিলঃ কোনো লোককেই যদি মাস্ক অৱিহনে ৰাজহুৱা স্থানত দেখা পাই তেন্তে সেই লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে চণ্ডীগড় প্ৰশাসনে । এক জাননীযোগে প্ৰকাশ কৰে এই কথা ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোত বৃহস্পতিবাৰৰ পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰোটো বাধ্যতামূলক কৰা হয় ।

বৃহস্পতিবাৰে প্ৰকাশ কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে, কোনো লোকে এই নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় দণ্ড বিধিৰ 188 ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰা হ'ব । আৰক্ষীক গ্ৰেপ্তাৰৰ ক্ষমতা প্ৰদান কৰিছে প্ৰশাসনে ।

নিৰ্দেশনা মতে, ব্যক্তিগত বা কাৰ্যালয়ৰ বাহনত অহা-যোৱা কৰা লোক সকলেও পৰিধান কৰিব লাগিব মাস্ক ।

কাৰ্যালয়, কৰ্মক্ষেত্ৰ, ফিল্ড ৱৰ্ক, ইত্যাদি সকলো ধৰণৰ স্থানৰ বাবেও বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান কৰাটো । আনহাতে মাস্ক অবিহনে দুজন বা তাতোধিক ব্যক্তি মিলিত হোৱাৰ ক্ষেত্ৰটো বাধা প্ৰদান কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.