ETV Bharat / bharat

COVID-১৯ ৰোগীৰ চিকিৎসাৰ বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধ আমদানীৰ নতুন নিয়ম কেন্দ্ৰ চৰকাৰৰ - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

COVID-১৯ ৰোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত । ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে অনুকম্পা ব্যৱহাৰৰ (compassionate use) বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধৰ আমদানীৰ নতুন নিৰ্দেশাৱলী জাৰী কেন্দ্ৰীয় চৰকাৰৰ । এই সিদ্ধান্তই সম্ভাৱিত বহু ৰোগীৰ জীৱন ৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

Centre brings fresh rules for import of unapproved new drug to treat COVID-19 patients

author img

By

Published : Jun 8, 2020, 12:46 PM IST

নিউজ ডেস্ক, 8 জুনঃ COVID-১৯ মহামাৰীত এতিয়া জৰ্জৰিত বিশ্বৰ লগতে ভাৰতবৰ্ষ । ইটালীক চেৰ পেলাই আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতেই পঞ্চম স্থানত ভাৰত । কিন্তু বৰ্তমান পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই COVID-১৯ ৰ কোনো প্ৰতিষেধক । ইয়াৰ মাজতেই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত । ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে অনুকম্পা ব্যৱহাৰৰ (compassionate use) বাবে অস্বীকৃতিপ্ৰাপ্ত ঔষধৰ আমদানীৰ এক নতুন নিৰ্দেশাৱলী জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ । 2019 নিউ ড্ৰাগছ এণ্ড ক্লিনিকেল ট্ৰায়েলছ নীতিৰ অধীনত জাৰি কৰা হৈছে এই নতুন নিৰ্দেশাৱলী ।

বিশ্ব স্বাস্থ্য় সংস্থাইও ইয়াৰ পূৰ্বে ঔষধৰ অনুকম্পা ব্যৱহাৰ এনে এটা ৰোগৰ বাবে যাৰ বৰ্তমানলৈকে কোনো সন্তোষজনক প্ৰতিষেধক নাই তেনে ক্ষেত্ৰত আৰোগ্য লাভৰ বাবে জীৱনদায়িনী প্ৰয়োগিক হ'ব পাৰে বুলি উল্লেখ কৰিছিল । লগতে বহু ৰোগীৰ বাবে এই কাৰ্যক্ৰম অন্তিম আশা হিচাপে পৰিগণিত হ'ব পাৰে বুলিও কৈছিল । এই নিয়ম 96A ৰ পৰা 96I লৈ ধাৰা 96 অধীনত অন্তৰ্ভুক্ত কৰা হৈছে । যিটো আবেদন দাখিল কৰা, আমদানী আৰু নিৰ্মাতাক লাইচেঞ্চ প্ৰদান, চৰ্ত আৰু অনুকম্পা ব্যৱহাৰৰ বাবে লাইচেঞ্চ অবিহনে নতুন ঔষধৰ নিৰ্মাণ, আমাদানী কৰিবলৈ দিয়া লাইচেঞ্চ বাতিল আদি বিষয়ক সামৰি লৈছে ।

এই সংশোধীত নিয়মত লগতে কোৱা হৈছে যিটো নিৰ্মাণ কোম্পানীক অনুমতি প্ৰদান কৰা হ'ব সেই কোম্পানীয়ে কেৱল অনুমতি সাপেক্ষে নিৰ্দিষ্ট উদ্দেশ্যৰ বাবেহে নতুন ঔষধৰ উৎপাদন কৰিব লগতে ইয়াৰ কোনো অংশ বজাৰ, এজেঞ্চী, প্ৰতিষ্ঠান তথা কোনো লোকক বিক্ৰী কৰিব নোৱাৰিব ।

বৰ্তমানে ৰিমডেছিচিভিৰ, ফভিপিৰাভিৰৰ দৰে এণ্টি-ভাইৰেল ড্ৰাগছৰ কথা উল্লেখ কৰা প্ৰাসংগিক কিয়নো Pegylated Interferon Alpha-2b কৰ'ণা ভাইৰাছৰ সম্ভাৱিত আৰোগ্যৰ বাবে প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰক্ৰিয়াত আছে এই সমূহ ঔষধ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.