ETV Bharat / bharat

ছখন ৰাজ্যলৈ কেন্দ্ৰৰ অতিৰিক্ত ৪,৩৮২ কোটি টকা মুকলি

কেন্দ্ৰীয় চৰকাৰে 2020-21 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় পুঁজিৰ 15,524.43 কোটি টকা মুকলি কৰি দিছে 28 খন ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগলৈ ৷ শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিখনে দেশৰ ছখন ৰাজ্যৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগক (এনডিআৰএফ) 4,381.88 কোটি টকাৰ অতিৰিক্ত সাহাৰ্যৰ অনুমোদন জনাইছে ৷

author img

By

Published : Nov 13, 2020, 3:50 PM IST

Centre approves Rs 4,382 cr as calamity assistance to 6 states
ছখন ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ ৪,৩৮২ কোটি টকা মুকলি

নিউজ ডেস্ক, 13 নৱেম্বৰ: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতিয়ে চলিত বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰ বাবে কেন্দ্ৰৰ অতিৰিক্ত সাহাৰ্য হিচাপে ছখন ৰাজ্যলৈ প্ৰায় ৪,৩৮২ কোটি টকা মুকলিৰ বাবে অনুমোদন জনাইছে । চলিত বছৰটোত ধুমুহা, বান আৰু ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা বিভিন্ন ক্ষতি পূৰণৰ বাবে পশ্চিমবঙ্গ, উৰিষ্যা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছিকিমকে ধৰি ছখন ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগলৈ এই পুঁজি মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

গৃহ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে যে, গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিখনে ছখন ৰাজ্যৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগক (এনডিআৰএফ) 4,381.88 কোটি টকাৰ অতিৰিক্ত সাহাৰ্যৰ অনুমোদন জনাইছে ৷ ইয়াৰ ভিতৰত সাগৰীয় ধুমুহা ‘আম্ফা’ৰ বাবে পশ্চিমবঙ্গক 2,707.77 কোটি টকা আৰু উৰিষ্যাৰ বাবে 128.23 কোটি টকা অনুমোদন জনাইছে ৷ আনহাতে মহাৰাষ্ট্ৰত সাগৰীয় ধুমুহা নিসৰ্গই কৰা ক্ষতিৰ বাবে ৰাজ্যখনলৈ 268.59 কোটি টকা অনুমোদন জনাইছে উচ্চস্তৰীয় সমিতিখনে ।

একেদৰে দক্ষিণ-পশ্চিম মৌচুমীৰ সময়ত হোৱা বান আৰু ভূমিস্খলনৰ বাবে কৰ্ণাটকক 577.84 কোটি টকা, মধ্য প্ৰদেশৰ বাবে 611.61 কোটি টকা আৰু ছিক্কিমৰ বাবে 87.84 কোটি টকা অনুমোদন জনোৱা হৈছে । আনহাতে ‘আম্ফান’ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22 মে’ত পশ্চিমবঙ্গ আৰু উৰিষ্যাৰ প্ৰভাৱিত ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, দুয়োখন ৰাজ্যক জৰুৰীকালীন সাহাৰ্য হিচাপে 23 মে’ত পশ্চিমবংগক 1,000 কোটি টকা আৰু উৰিষ্যাৰ বাবে 500 কোটি টকাৰ আৰ্থিক সহাৰ্য আগবঢ়োৱা হৈছিল ।

ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকতাত্মীয়সকলৰ বাবে 2 লাখকৈ টকা আৰু আহতসকলক 50,000 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল; যিটো ৰাজ্য দুৰ্যোগ প্ৰশমন বিভাগ (এছডিআৰএফ) আৰু এনডিআৰএফক প্ৰদান কৰা অনুগ্ৰহ ৰাশিৰ অধিক আছিল । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 2020-21 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় পুঁজিৰ পৰা 28 খন ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগলৈ 15,524.43 কোটি টকা মুকলি কৰি দিছে ৷

লগতে পঢ়ক: শিৱসাগৰৰ দিখৌ নদীত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.