নিউজ ডেস্ক, 7 নৱেম্বৰ : অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সীমা বিবাদৰ পিচতেই বিগত 10 দিন ধৰি উত্তপ্ত হৈ থকা অসম-মিজোৰাম সীমান্তত শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে অৱশেষত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰিছে চৰকাৰে ৷
অসম চৰকাৰৰ গৃহ সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে এই কথা সদৰী কৰিছে ৷ ইতিমধ্যে শুকুৰবাৰেই সীমান্তৱৰ্তী অঞ্চলটোত উপস্থিত হয় কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল ৷ নিশাৰ ভাগত অঞ্চলটোত মোতায়েন কৰা দলটোৰ বিষয়া-জোৱানসকলক ৷
মিজোৰামৰ জীৱনৰেখাস্বৰূপ 306 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ 10 দিন অতিক্ৰম কৰাৰ পিচটো মিজোৰাম চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উক্ত স্থানৰ পৰা ৰাজ্যিক বাহিনী প্ৰত্যাহাৰ কৰা নাছিল ৷ এনে অৱস্থাত অঞ্চলটোৰ নিৰাপত্তা তথা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হয় ৷
লগতে পঢ়ক : অসম ত্ৰিপুৰা সীমান্তত তিনি নাইজেৰিয়ান নাগৰিক আটক