নিউজ ডেস্ক, ২৪ জুন : বুধবাৰে Central Bureau of Investigation (CBI) দল এটাই মণিপুৰৰ কংগ্ৰেছ নেতা তথা মণিপুৰৰ পূৰ্ব মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিঙৰ ঘৰত উপস্থিত হয় । জানিব পৰা মতে, ফাণ্ড অপব্যৱহাৰৰ গোচৰ সন্দৰ্ভত সংমুক্ত নিৰ্দেশক এন এম সিংৰ নেতৃত্বত দল এটি বুধবাৰে মণিপুৰৰ নেতা গৰাকীৰ বাসগৃহত উপস্থিত হয় ।
উল্লেখযোগ্য যে, মণিপুৰৰ ৰাজনৈতিক অনিশ্চয়তাৰ বাবে CBI ৰ এই তৎপৰতা দেখা গৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ চাৰিজন মন্ত্ৰী আৰু ৯ জন বিধায়কে পদত্যাগ কৰাৰ পিচত এই সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । পদত্যাগ কৰা মন্ত্ৰী-বিধায়ক সকলৰ ভিতৰত বিজেপিৰ ৩ জন, কংগ্ৰেছ আৰু নিৰ্দলীয়া প্ৰাৰ্থীৰ বিধায়ক থকা বুলি জানিব পৰা গৈছে ।
শেহতীয়াকৈ গঠিত চেকুলাৰ পগ্ৰৰেছিভ ফ্ৰন্ট চমুকৈ SPF য়ে দাবী কৰিছে যে, বৰ্তমান চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাইছে আৰু আস্থা ভোটৰ দাবী তুলিছে । যিখন চৰকাৰত বিজেপিৰ ২১ জন বিধায়ক , NPP, Naga People's Front আৰু নিৰ্দলীয় বিধায়কৰ মিত্ৰজোঁটত চৰকাৰ গঠন কৰিছিল ।
উক্ত বিষয় সন্দৰ্ভত বিজেপিয়ে তৰা গোচৰ মৰ্মে CBI য়ে বিগত বৰ্ষৰ ২০ নৱেম্বৰত গোচৰৰ তদন্ত আৰম্ভ কৰিছিল ।
তথ্য অনুসৰি, পূৰ্ব মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিংয়ে ২০০৯ চনৰ পৰা ২০১৭ চনৰ ভিতৰত Manipur Development Society (MDS) ৰ অধ্যক্ষ হৈ থাকোতে ৫১৮ কোটি টকাৰ ভিতৰত ৩৩২ টকা লুন্ঠন কৰাৰ অভিযোগ উখাপন হৈছিল । লগতে চচাইটিখনৰ প্ৰাক্তন পৰিচালক আৰু প্ৰশাসনিক কৰ্মকৰ্তাৰ নামো উক্ত গোচৰত সাঙুৰ খাই পৰিছে ।