নেশ্বনেল ডেস্ক, 20 আগষ্ট : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে মঙলবাৰে পি. চিদাম্বৰমৰ বাসগৃহত উপস্থিত হয় ৷ কিন্তু প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক ঘৰত উপস্থিত নাপাই দলটো ঘূৰি আহে ৷ ইয়াৰ পাছতে এনফৰ্চমেন্ট ডাইৰেক্টৰৰ এটা দল আহি উপস্থিত হয় চিদাম্বৰমৰ বাসগৃহত ৷
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীক আইএনএক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত কোনো ধৰণৰ ৰেহাই প্ৰদান নকৰে বুলি ঘোষণা কৰাৰ পাছতে এনেদৰে চিবিআই আৰু এনফৰ্চমেন্ট ডাইৰেক্টৰৰ দল আহি উপস্থিত হয় তেওঁৰ বাসগৃহত ৷ চিদাম্বৰমৰ বাসগৃহত উপস্থিত হোৱা সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে চি বি আইৰ বিষয়াসকল ৷ ইয়াৰোপৰি, চিদাম্বৰমৰ দুই ন্যায়িক অধিবক্তা কপিল ছিবাল আৰু অভিষেক সিংবীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাক এই বিষয়টো সন্দৰ্ভত দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাব ৷