ETV Bharat / bharat

দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে

author img

By

Published : Oct 27, 2020, 1:37 PM IST

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অহা 2 নৱেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত এই কথা প্ৰকাশ পাইছে ৷

দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে
দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে

নিউজ ডেস্ক, 27 অক্টোবৰ : বহু সময়ৰ বিৰতিৰ অন্তত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ সম্পৰ্কীয় শুনানি ৷ বিগত জানুৱাৰী মাহত শীৰ্ষ আদালতে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক ইয়াৰ উত্তৰ প্ৰদান কৰিবলৈ 4 সপ্তাহৰ সময় প্ৰদান কৰিছিল ৷ কিন্তু আদালতক উত্তৰ দিয়াৰ পৰা বিৰত আছিল কেন্দ্ৰীয় চৰকাৰ ৷ বিগত মাৰ্চ মাহত কেন্দ্ৰই উত্তৰ প্ৰদান কৰে যদিও কোভিডৰ বাবে ইয়াৰ শুনানি অনুষ্ঠিত কৰিব নোৱাৰিলে শীৰ্ষ আদালতে ৷

পৰৱৰ্তী সময়ত ভাৰ্চুৱেল মাধ্যমত ইয়াৰ শুনানি গ্ৰহণ কৰা হয় যদিও এই শুনানি তালিকাভুক্ত হোৱা নাছিল ৷ সেয়েহে অহা 2 নৱেম্বৰত পুনৰ শুনানি অনুষ্ঠিত কৰাৰ কথা শীৰ্ষ আদালতৰ ৱেবচাইটত প্ৰকাশ পাইছে ৷ কেন্দ্ৰই ভাৰ্চুৱেল শুনানিত এই আইন সংবিধানবিৰোধী নহয় বুলি জনাইছিল শীৰ্ষ আদালতক ৷ কিন্তু এই আইনৰ বিৰোধিতা কৰি আছুকে ধৰি বিভিন্ন সংগঠনে শতাধিক আবেদন দাখিল কৰিছিল ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দাখিল কৰা আবেদনসমূহ পৃথকে বিবেচনা কৰাৰ কথা বিগত 22 জানুৱাৰীত শীৰ্ষ ন্যায়ালয়ে ঘোষণা কৰিছিল ।

লগতে পঢ়ক : ন্যায়ালয়ত ফাইবাৰ অপ্তিকেল নেটৱৰ্কৰ দৰে ব্যৱস্থাৰ আহ্বান উচ্চতম ন্য়ায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.