ETV Bharat / bharat

বুলন্দচহৰত ধৰ্ষণৰ বলি কিশোৰী - উত্তৰ প্ৰদেশ

পুনৰ ধৰ্ষণ কাণ্ডই লজ্জানত কৰিলে উত্তৰ প্ৰদেশক । এইবাৰৰ স্থান বুলন্দচহৰ । ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী । গোচৰ উঠাই ল'বলৈ নিৰ্যাতিতা কিশোৰীৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ অভিযুক্তৰ পৰিয়ালৰ ।

বুলন্দচহৰত ধৰ্ষণৰ বলি কিশোৰী
বুলন্দচহৰত ধৰ্ষণৰ বলি কিশোৰী
author img

By

Published : Oct 3, 2020, 2:26 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : বিগত এটা মাহত উত্তৰ প্ৰদেশত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো জঘন্য ধৰ্ষণ কাণ্ড । হাথৰস গণধৰ্ষণৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ বুলন্দচহৰ জিলাত বলাৎকাৰৰ বলি হ'ল এগৰাকী কিশোৰী । ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক আটক কৰে । শেহতীয়াকৈ নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে, অভিযুক্তৰ পৰিয়ালে গোচৰ উঠাই ল'বলৈ তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে ।

দুয়োটা পৰিয়ালে মিলি মীমাংসা কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে অভিযুক্তৰ পৰিয়ালে । কিশোৰীগৰাকীৰ পৰিয়ালে প্ৰকাশ কৰা তথ্য অনুসৰি ধৰ্ষণকাৰীটোৱে কিশোৰীগৰাকীক নিশা নিচাযুক্ত দ্ৰব্য সেৱন কৰাই আন এক স্থানলৈ লৈ গৈ অপকৰ্ম কৰে । নিৰ্যাতিতাৰ পিতৃয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰীটোক আটক কৰে যদিও পিছত মুকলি কৰি দিয়ে ।

কিশোৰীগৰাকীৰ পিতৃ পেচাত মিস্ত্ৰী । 5 জনীয়া দৰিদ্ৰ পৰিয়ালটো এটা কোঠাৰ এটি ঘৰত বাস কৰে । অভিযুক্তৰ পৰিয়ালে কিশোৰীগৰাকীৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ সুযোগ লৈ গোচৰ উঠাই ল'বলৈ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰি আহিছে বুলি নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে ইটিভিৰ ভাৰতৰ আগত প্ৰকাশ কৰিছে । লগতে তেওঁলোকে কন্যাৰ লগত হোৱা জঘন্য কাণ্ডৰ ন্যায় বিচাৰে বুলি মন্তব্য কৰে । আনহাতে আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়া নম্ৰতা শ্ৰীবাস্তবে ।

লগতে পঢ়ক : কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.