ETV Bharat / bharat

দেশৰ বাজেট সম্বন্ধে এক আলোকপাত

author img

By

Published : Jan 27, 2020, 11:27 PM IST

প্ৰফেচৰ এন.আৰ ভানুমূৰ্তিয়ে কয় যে, 2018-19 বৰ্ষৰ FRBM আইনত হোৱা পৰিৱৰ্তনৰ পৰিণামস্বৰূপে মূলধনৰ ব্যয় হ্ৰাস পাইছিল যাৰ ফলত অৰ্থনৈতিক পৰিকাঠামোত মন্দাৱস্থাই দেখা দিয়ে ৷

দেশৰ বাজেট সম্বন্ধে এক আলোকপাত
দেশৰ বাজেট সম্বন্ধে এক আলোকপাত

নিউজ ডেস্ক, 27 জনুৱাৰীঃ কেন্দ্ৰীয় বাজেট আটাইতকৈ অধিক প্ৰতিক্ষিত পৰিসংখ্যাবোৰৰ ভিতৰত অন্যতম ৰাজকোষীয় আৰ্থিক ঘাটি সংখ্যা, যাৰ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে 1 ফেব্ৰুৱাৰীত কৰিব ৷ বিগত বৰ্ষৰ জুলাই মাহত প্ৰদান কৰা বাজেটত, তেওঁ বিত্ত বৰ্ষ 2019-20 বৰ্ষৰ বাবে ৰাজকোষীয় ঘাটিক দেশৰ জিডিপিৰ 3.3% বা 7 লাখ কোটি টকাতকৈ অলপ বেছি হ'ব বুলি অনুমান কৰে ৷

2003 বৰ্ষত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য দুয়োৰে কামকাজত ৰাজকোষীয় অনুশাসনক প্ৰেৰিত কৰিবলৈ ৰাজকোষীয় দায়বদ্ধতা আৰু বাজেট পৰিচালনা আইন কাৰ্যকৰী কৰিছিল ৷ কেন্দ্ৰই নিজৰ ৰাজহ ঘাটি শূন্য শতাংশ আৰু ৰাজকোষীয় ঘাটি 3% পৰ্যন্ত অনাৰ প্ৰয়োজন আছিল ৷

যদিও অৰ্থনীতিবিদ সকলে বিশ্বাস কৰে যে, বিগত কিছু বছৰত FRBM আইনৰ বিধানবোৰৰ কিছু সালসলনি হৈছে, যাৰ ফলত অৰ্থনীতিৰ পৰিকাঠামোত দুৰ্বলতাই দেখা দিছে আৰু অৰ্থনৈতিক পুনৰোদ্ধাৰৰ বাবে মোডী চৰকাৰে অৱশ্যেই মূল FRBM আইনলৈ ঘূৰি যাব লাগিব ৷

'দৰ্শন অনুসৰি, FRBM আইন এটি ব্যয় পৰিবৰ্তনকাৰী প্ৰক্ৰিয়া, য'ত ৰাজহ ব্যয়ৰ পৰা পুঁজিগত ব্যয়লৈ আছে আৰু ই ব্যয় সংকোচন ব্যৱস্তা নহয়' এই মন্তব্য প্ৰকাশ কৰে National Institute of Public Finance and Policy ৰ অধ্যাপক এন.আৰ ভানুমূৰ্তিয়ে ৷

'মূল FRBM আইনে ৰাজকোষীয় ঘাটিক জিডিপিৰ 3% আৰু ৰাজহ ঘাটিক শূন্য শতাংশলৈ নমাই আনে ৷ এই সামঞ্জস্যত পুঁজী ব্যয় সময়ৰ লগত বৃদ্ধি পায় আৰু উপভোগ ব্যয় হ্ৰাস পায়' বুলি ইটিভি ভাৰতক উচ্চ পুঁজিগত ব্যয় আৰু উচ্চ জিডিপি বিকাশৰ মাজৰ প্ৰত্যক্ষ সম্বন্ধৰ বিষয়ে ব্যখ্যা কৰে ৷

ৰাজহ ব্যয়ৰ বিপৰীতে, যি অৰ্থ মূলত মজুৰি আৰু পেন্সন বিল, ৰাজসাহাৰ্য আৰু সুত প্ৰদান তথা অন্যান্য উৎপাদনহীন ব্যয়ৰ দৰে চৰকাৰৰ পৰিচালিত ব্যয়, পুঁজিগত ব্যয় পথ, বন্দৰ, বিদ্যালয় আৰু চিকিৎসালয়ৰ দৰে সম্পদ নিৰ্মাণত যায় ৷ উচ্চ মূলধন ব্যয়ৰ অৰ্থ আন্তঃগাঁথনি উন্নয়নত অধিক টকা প্ৰবাহিত কৰা যিয়ে এখন দেশৰ অৰ্থনৈতিক বিকাশত যথেষ্ট প্ৰভাৱ পেলায় ৷

2018-19 বৰ্ষক বিত্তীয় বিধেয়ক কেন্দ্ৰীয় চৰকাৰে ৰাজহ ঘাটিৰ পাৰ্থক্য আঁতৰাই দিয়ে ৷ এতিয়া চৰকাৰৰ সৈতে কেৱল ৰাজকোষীয় ঘাটি আৰু সাৰ্বজনীন ঋণ আছে য'ত কোৱা হৈছে যে, ৰাজকোষীয় ঘাটি হ্ৰাস হ'ব লাগে আৰু সাৰ্বজনীন ঋণো হ্ৰাস হ'ব লাগে, কিন্তু আপুনি যদি ৰাজহ ঘাটিৰ পাৰ্থক্য বাদ দিয়ে তেন্তে এনে নহয়' এই কথা ব্যাখ্য কৰে এগৰাকী অৰ্থনীতিবিদে, যিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ মাইক্ৰ' ফাইনেন্স ইণ্ডিকেটৰ আৰু অৰ্থক নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছে ৷ তেওঁ দেশৰ অৰ্থনীতিৰ আন্তঃগাঁথনিমূলক দুৰ্বলতাৰ বাবে মূল FRBM আইন দুৰ্বল হোৱা বুলিও আৰোপ কৰে ৷

এই বিত্তীয় বৰ্ষত জুলাইৰ পৰা চেপ্তেম্বৰ মাহত জিডিপি হ্ৰাস পাই পাই কেৱল 4.5% হয়, যাৰ পৰিমাণ 2012-13 বৰ্ষৰ জানুৱাৰী-মাৰ্চ মাহত সৰ্বনিম্ন পৰিমাণ আছিল, যি পৰিমাণ 4.3% আছিল ৷ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু আন্তৰাষ্ট্ৰীয় বেছিভাগ অৰ্থ সংস্থাইয়ে এই বিত্তীয় বৰ্ষত জিডিপি 5শতাংশৰো নিম্নগামী হ'ব বুলি অনুমান কৰিছে ৷

লগতে পঢ়ক ঃ বৈদ্যুতিক বাহন উৎপাদনৰ ক্ষেত্ৰত ষ্টীলে ভাৰতৰ গোলকীয় মাৰ্গ প্ৰশস্ত কৰিব

Intro:Body:

BUDGET STORY 27 JAN

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.