বিধানসভা নিৰ্বাচনলৈ দুটা মাহো বাকী নথকা অৱস্থাত উত্থাপন কৰা কেন্দ্ৰীয় বাজেটে ভোটাৰক আকৰ্ষণ কৰিবলৈ একো প্ৰচেষ্টাই এৰি দিয়া নাই ৷ সেয়ে এইবাৰ বাজেটত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসম, পশ্চিমবংগ আৰু তামিলনাডুক লৈ কেবাটাও বৃহৎ বৃহৎ আন্তঃগাঁথনিগত প্ৰকল্প উত্থাপন কৰা হৈছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণাই অসম আৰু পশ্চিমবংগৰ বাবে আত্মবিশ্বাস আৰু ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানযুক্ত কেৰালা আৰু তামিলনাডুৰ বাবে আশা প্ৰকাশ কৰিছে ৷ বাজেটৰ পিচত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা তেওঁৰ প্ৰথমটো ভাষণত দাক্ষিনাত্যৰ আৰু পূৰ্বোত্তৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে ৷
সীতাৰমণে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিওখন ৰাজ্যলৈ বিশেষ গুৰুত্ব প্ৰদান কৰি ₹225,000 কোটি টকাৰ আন্তঃগাঁথনিগত উন্নয়ন অনুদান প্ৰদান কৰিছে ৷ ইয়াৰ ভিতৰত সৰ্বাধিক ₹1.03 লাখ কোটি প্ৰদান কৰা হৈছে তামিলনাডুক, যি টকাৰে আগন্তুক পাঁচ বছৰলৈ ৰাজ্যখনৰ সকলো আন্তঃগাঁথনিগত উন্নয়ন সম্ভৱ কৰি তোলা হ’ব ৷ এই টকাৰে মাডুৰাই-কোল্লাম সংযোগী ঘাইপথ, ছিত্তৰ-থাটচুৰ সংযোগী ঘাইপথ যিয়ে তামিলনাডুৰ সৈতে কেৰালা আৰু অন্ধ্ৰ প্ৰদেশক সংযোগ কৰিব, তাত ব্যয় কৰা হ’ব ৷
লক্ষনীয়ভাৱে বিজেপিৰ অধ্যক্ষ জগত প্ৰকাশ নাড্ডাই বাজেট ঘোষণাৰ দুদিন পূৰ্বে ঘোষণা কৰিছিল যে, বিজেপিয়ে এআইএডিএমকেৰ সৈতে মিত্ৰজোঁটত তামিলনাডুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ ইয়াৰ পূৰ্বে এআইএডিএমকেৰ এনডিএৰ সৈতে মিত্ৰজোঁটৰ ঘোষণাক গুৰুত্ব দিয়া নাছিল বিজেপিয়ে ৷ ৰজনীকান্তৰ সৈতে বিজেপিয়ে নিৰ্বাচনী বন্ধুত্বৰ কথা ভাবি আছিল যদিও ৰজনীকান্তৰ ঘোষণাৰ পিচতেই বিজেপিয়ে এআইএডিএমকেৰ সৈতে মিত্ৰতাৰ পোষকতা কৰে ৷ এআইএডিএমকেৰ কনিষ্ঠ সহযোগী হিচাপে বিজেপিয়ে 2021ৰ বিধানসভা নিৰ্বাচনত কিছুসংখ্যক আসনত জয়লাভ কৰি তামিলনাডুতো খোপনি পোতাৰ বাবে আগবাঢ়িছে ৷ যাৰ বাবে কেন্দ্ৰই দাক্ষিনাত্যৰ প্ৰতি নিজৰ শুশ্ৰুষা বঢ়াই তুলিছে বুলি বিজেপিৰ ভিতৰুৱা সূত্ৰই জনাইছে ৷
তামিলনাডুৰ মুখ্যমন্ত্ৰী পালানিস্বামীয়ে বিগত 19 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল আৰু বাজেটত অন্তৰ্ভূক্ত কৰিবলগা দাবীসমূহ অৰ্পন কৰিছিল ৷ সেয়ে সীতাৰমণে কৰা ঘোষণাসমূহক লৈ আচৰিত হ’বলগীয়া একো নাই ৷ দৰাচলতে প্ৰধানমন্ত্ৰীয়ে আগন্তুক 14 ফেব্ৰুৱাৰীত তামিলনাডু ভ্ৰমণ কৰি বহুকেইটা প্ৰকল্প উদ্বোধন কৰিব ৷
পালানিস্বামীয়ে 2021-22ৰ ভিতৰত 227 কিলোমিটাৰ দৈৰ্ঘ্যৰ চেন্নাই-চালেম সংযোগী ঘাইপথটো নিৰ্মাণ কৰাৰ বিশেষ পোষকতা কৰিছে ৷ 2018ত এই সন্দৰ্ভত কৰা ঘোষণাক লৈ কৃষকে বিৰোধ কৰিছিল যদিও 2020ৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ভূমি অধিগ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে ৷ চলিত বিত্তীয় বৰ্ষত বেংগালুৰু-চেন্নাই সংযোগী 278 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছ ঘাইপথ নিৰ্মাণৰ বিষয়ো উত্থাপন হৈছিল আৰু 2021-22 বৰ্ষত ইয়াৰ নিৰ্মাণৰ কামো আৰম্ভ হ’ব ৷ কেন্দ্ৰই চেন্নাই মেট্ৰ’ ৰে’লৱেৰ দ্বিতীয় পৰ্যায়ৰ 118.9 কিলোমিটাৰৰ বাবে ₹63,246 কোটি টকা অনুমোদন দিয়াৰ কথা সীতাৰমনে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰিছিল ৷ ইয়াৰ লগতে তামিলনাডুৰ উপকূলীয় অঞ্চলৰ বিকাশৰ বাবে এক বিশেষ পাৰ্ক গঢ়ি তোলাৰ কথাও উল্লেখ কৰিছিল সীতাৰমনে যাৰ দ্বাৰা মৎস উৎপাদনৰ সম্ভাৱনা থকা কোচিন, বিশাখাপট্টনম, পাৰাদ্বীপ আৰু পেটুৱাঘাটক সামৰি লোৱা হ’ব ৷ তামিলনাডু চৰকাৰে ভেল্লাপাল্লামত মৎস পালনৰ এক বিশেষ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰিছিল ৷ পশ্চিম উপকূলৰ মাজেৰে পাৰ হৈ যোৱা 600 কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই-কন্যাকুমাৰী সংযোগী পথৰ পৰাও তামিলনাডুৱে অতিৰিক্তভাৱে আন্তঃগাঁথনিগত সুবিধা লাভ কৰিব ৷
কেৰালাত বহুবছৰ ধৰি তৃণমুল পৰ্যায়ত কাম কৰিও বিজেপিয়ে নিজৰ খোপনি পুতিবলৈ সক্ষম হোৱা নাছিল ৷ ৰাজনৈতিকভাৱে নিৰ্বাচনৰ পিচতেই কেৰালাত হয়টো বামপন্থী অথবা কংগ্ৰেছেই চৰকাৰ গঠন কৰি আহিছে ৷ এইবাৰ বামপন্থীয়ে ক্ষমতাত অহাৰ বাবে পূৰ্ণোদ্যমে কাম কৰিছে আৰু স্থানীয় প্ৰশাসনৰ নিৰ্বাচনত এই কথা প্ৰতীয়মান হৈছে ৷ যিয়েই নহওঁক বিজেপিয়ে বাজেটত কেৰালাৰ বাবেও বিশেষ ঘোষণা কৰিছে ৷ কোচিন মেট্ৰ’ৰ বাবে ₹1,957 কোটি আৰু ইয়াক 11.5 কিলোমিটাৰ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে ৷ কোচিন বন্দৰকো এক মুখ্য ব্যৱসায়িক ঘাটি হিচাপে পৰিৱৰ্তিত কৰা হ’ব ৷ বিত্তমন্ত্ৰীয়ে ভাৰতত বসবাস নকৰা ভাৰতীয়ৰ কৰ দুগুণ কৰাৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ দ্বাৰা পূৰ্বৰ 5 কোটিৰ পৰিৱৰ্তে এই ৰাশি 10 কোটিলৈ বৃদ্ধি কৰা হৈছে আৰু ইয়ে বিজেপিয়ে আশা কৰা মতে ৰাজ্যখনৰ তিনি মিলিয়ন এনআৰআইক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব ৷
পশ্চিমবংগৰ বাবে বিজেপি অধিক আত্মবিশ্বাসী হৈ আছে আৰু মমতা নেতৃত্বাধীন তৃণমুলক ক্ষমতাৰ পৰা ওফৰাই দিবলৈ বদ্ধপৰিকৰ হৈছে ৷ বিত্তমন্ত্ৰীয়ে কলকাতাৰ পৰা শিলিগুৰি সংযোগী পথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ₹25,000 কোটি টকাৰ প্ৰকল্প দাঙি ধৰিছে ৷ 2019ৰ সাধাৰন নিৰ্বাচনত উত্তৰবংগত বিজেপিয়ে আঠখন লোকসভা আসনৰ ভিতৰত সাতখনতেই জয়ী হৈছিল ৷ ইয়াৰ উপৰিও খড়গপুৰৰ পৰা বিজয়ৱাড়া আৰু ডানকুনি আৰু গোমোলৈ 675 কিলোমিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে’ল পথৰ বিষয়েও ঘোষণা কৰিছে ৷ বংগ আৰু অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ বাবে ₹1,000 কোটিৰ প্ৰকল্প হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ যদিও মমতা বেনাৰ্জীয়ে এনেকুৱা ঘোষণাই পশ্চিমবংগৰ ভোটাৰক আকৰ্ষণ কৰিব নোৱাৰে বুলি কৈছে ৷ কিন্তু 10 বছৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ পিচত এইবাৰ নিৰ্বাচনত সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব মমতাই ৷
নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ বাবেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ বিজেপি চৰকাৰ আত্মবিশ্বাসী হৈ আছে ৷ সীতাৰমনে অসমৰ পথ আন্তঃগাঁথনিৰ বাবে প্ৰায় ₹34,000 কোটি ঘোষণা কৰিছে যাৰ দ্বাৰা আগন্তুক তিনিবছৰৰ ভিতৰত 1,300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব ৷ বৰ্তমান সময়ত অসমত হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উপৰিও এয়া হৈছে প্ৰায় ₹19,000 কোটি অধিক ধন যাক আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব ৷ অন্যান্য কিছুমান আন্তঃগাঁথনিগত কামো বিজেপি চৰকাৰৰ দিনতেই সম্ভৱপৰ হৈছিল আৰু ইয়ে বিজেপিক নিৰ্বাচনত যথেষ্ট পৰিমানে সহায় কৰিব ৷