নেশ্যনেল ডেস্ক, ২১ জুন : উত্তৰ প্ৰদেশৰ কানপুৰৰ চকেৰি থানাৰ অধীনস্থ এটি এলেকাত শনিবাৰে কোনো অজ্ঞাত হত্যাকাৰীয়ে বন্দুকেৰে গুলিয়াই হত্যা কৰি থৈ যায় সম্পত্তি ডিলাৰ হিচাপে খ্যাত পিণ্টু চেংগাৰ বহুজন সমাজ পাৰ্টিৰ নেতাক । কানপুৰৰ এছএছপি দীনেশ কুমাৰ প্ৰভুই সদৰী কৰা মতে, অজ্ঞাত হত্যাকাৰীজনে হত্যা কৰিবৰ বাবে নেতাজনৰ গাড়ীৰ পিছ লয় ।
বিএছপিৰ নেতা পিণ্টু চেংগাৰে নিজৰ গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহোতে হত্যাকাৰীজনে বন্দুকেৰে ৫-৬ ৰাউণ্ড গুলি চলাই হত্যা কৰে নেতাজনক । আৰক্ষীৰ সহযোগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিণ্টু চেংগাৰক । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি এছএছপি দীনেশ কুমাৰ প্ৰভুই জানিবলৈ দিয়ে ৷