ETV Bharat / bharat

প্ৰব্ৰজিত শ্ৰমিকৰ পৰিয়ালৰ তেলেংগানাত আত্মহত্যা ! - তেলেংগানাৰ ৱাৰাংগল জিলা

তেলেংগানাৰ ৱাৰাংগলত একেটা পৰিয়ালৰে 9 লোকৰ মৃতদেহ উদ্ধাৰ ৷ কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় প্ৰব্ৰজিত শ্ৰমিকৰ পৰিয়ালটোৰ মৃতদেহ ৷

কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় প্ৰব্ৰজিত শ্ৰমিকৰ পৰিয়ালটোৰ মৃতদেহ
তেলেংগানাৰ ৱাৰাংগলত একেটা পৰিয়ালৰে 9 লোকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : May 22, 2020, 5:37 PM IST

নেশ্যনেল ডেস্ক, 22 মে': তেলেংগানাৰ ৱাৰাংগল জিলাত শুকুৰবাৰে একেটা পৰিয়ালৰে 9 জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃতদেহ এটা কুঁৱাৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত আৰ্থিক সংকটত ভুগাৰ বাবে পৰিয়ালটোৱে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

বৃহস্পতিবাৰে চাৰিটা মৃতদেহ উদ্ধাৰ কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে পাঁচটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী বিভাগে ৷

তথ্য অনুসৰি, মৃত লোককেইজন পশ্চিম বংগৰ বাসিন্দা আছিল আৰু যোৱা 20 বছৰ ধৰি ৱাৰাংগলৰ শিৱনগৰত বাস কৰি আহিছিল ৷

আৰক্ষীয়ে কয় যে, এটা গুদামৰ এটা সৰু কোঠাত তেওঁলোকে বাস কৰি আহিছিল ৷ পৌৰসভাৰ কৰ্মচাৰীৰ সহযোগত মৃতদেহকেইটা উদ্ধাৰ কৰাৰ পাচতে মৰণোত্তৰ পৰীক্ষাৰ বাবে MGM শৱগৃহলৈ প্ৰেৰণ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.