নিউজ ডেস্ক 7 নৱেম্বৰ : বহু বাদ-বিবাদ আৰু অনিশ্চয়তাৰ অন্তত আজি মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পূৰ্বে বিজেপিৰ প্ৰতিনিধিবৰ্গই সাক্ষাৎ কৰে ৰাজ্যপাল ভগত সিং কোচিয়াৰীক ৷ প্ৰদেশখনৰ ৰাজ্যিক বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলৰ নেতৃত্বত যোৱা দলটোৱে ৰাজ্যপাল গৰাকীক আজি সাক্ষাৎ কৰে ৷ উক্ত দলত বিধায়িনী দলৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ দেখা পোৱা নগ‘ল ৷ বিগত লোকসভা নিৰ্বাচনত শিৱসেনা আৰু বিজেপিয়ে মিত্ৰজোঁটত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷
উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত 288 খন আসনৰ ভিতৰত বিজেপিয়ে 105 খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ বিপৰীতে শিৱসেনাই 56 খন আসন লাভ কৰে ৷ শিৱসেনাৰ অভিযোগ মৰ্মে নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলে 50-50 আসনত চুক্তিবদ্ধ হয় ৷ সকলো অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰী ফাড়নাবিছে কয় যে 2019 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনাৰে হোৱা চুক্তিত তেনে কোনো উল্লেখ নাছিল ৷ দুয়োটা দলৰ শাসনকেন্দ্ৰিক মতানৈক্যৰ বাবে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন হোৱাত বিলম্ব হয় ৷
লগতে চাওকঃ জীৱনৰ বিয়লি বেলাত আৰ্থিক দীনতাই কোঙা কৰা এগৰাকী প্ৰাণ শিল্পীৰ কথাৰে...