ETV Bharat / bharat

আস্থাভোটত অংশ ল'ব মণিপুৰৰ বিধায়কবৰ্গই

মণিপুৰ বিধানসভাত বিধায়কসকলে সোমবাৰে বিশেষ বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰীৰ দ্বাৰা জাৰি কৰা আস্থা ভোটত অংশগ্ৰহণ কৰিব লাগিব ৷ এই আস্থা ভোটে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷

BJP Congress leaders on toes as Manipur MLAs to participate in trust vote in Assembly etv bharat news
আস্থাভোটত অংশ ল'ব মণিপুৰৰ বিধায়কবৰ্গই
author img

By

Published : Aug 10, 2020, 1:34 PM IST

ইম্ফল,10 আগষ্ট: মণিপুৰত বিধায়কৰ ৰূপত বিজেপি আৰু কংগ্ৰেছ দলৰ নেতাসকল বৰ্তমান দোদুল্যমান স্থিতিত অৱস্থান কৰিছে ৷ সোমবাৰে বিধানসভাৰ এক এদিনীয়া বিশেষ অধিৱেশনত মুখ্যমন্ত্ৰী এন বীৰেন সিংহৰ দ্বাৰা প্ৰস্তাৱিত আস্থাভোটৰ প্ৰস্তাৱত ভোটদান কৰিব ৷ আস্থাভোটে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব ৷ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে ক্ৰমে 18 আৰু 24 গৰাকী বিধায়কক এইক্ষেত্ৰত বিধানসভাত উপস্থিত হ’বলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে দলীয় নীতি অনুসৰি ভোটদানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

তিনি বিধায়কৰ পদত্যাগ আৰু দলবিৰোধী আইনৰ ভিত্তিত চাৰি সদস্যৰ বহিষ্কাৰৰ পিছত 60 জনীয়া সদস্যযুক্ত সদনখনত বৰ্তমান সদস্যৰ সংখ্যা হৈছে 53 গৰাকী ৷ বিজেপিৰ প্ৰদেশ কমিটিৰ অধ্যক্ষ এছ টিকেন্দ্ৰ সিঙে কয় যে,চৰকাৰে 30 গৰাকীৰো অধিক সদস্যৰ সমৰ্থনৰ পিছতো আস্থাভোটত জয় লাভ কৰিব ৷ কংগ্ৰেছে বিগত 28 জুলাইত বিজেপি শাসিত ৰাজ্যখনত চৰকাৰ বিৰোধী এক অবিশ্বাস্য প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ এই প্ৰস্তাৱ দাখিল কৰা কংগ্ৰেছী বিধায়ক কিশম মেঘচন্দ্ৰ সিঙে কয় যে,মুখ্যমন্ত্ৰী এন বীৰেন সিঙ দ্বাৰা জাৰি কৰা আস্থাভোটৰ প্ৰস্তাৱটো শনিবাৰে বিধানসভাৰ সচিবৰ দ্বাৰা প্ৰসাৰিত সদনৰ ব্যৱসায়িক এজেণ্ডাৰ চৰ্চাৰ বাবে সূচীবদ্ধ কৰা হৈছে ৷

চৰ্চাৰ সময়ছোৱাত কংগ্ৰেছ হাই প্ৰফাইল নিচাজাতীয় সামগ্ৰী জব্দৰ ঘটনাৰ দৰে কেলেংকাৰী সম্পৰ্কে চণ্ডেল স্বায়ত্ব জিলা পৰিষদৰ অধ্যক্ষ লুখৌসী জোয়ে উত্থাপন কৰাৰ লগতে আন বহুকেইটা বিষয়ত সৰৱ চৰ্চা আগবঢ়োৱা পৰিলক্ষিত হয় ৷ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বিগত 17 জুনত ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছিল ৷ কিয়নো কংগ্ৰেছৰ ছগৰাকী বিধায়কে চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে তিনিগৰাকী বিজেপি বিধায়কে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ৷ তদুপৰি চাৰিগৰাকী ৰাষ্ট্ৰীয় পিপুলছ দলৰ পৰা উভটি আহি মিত্ৰজোঁটৰ চৰকাৰত যোগদান কৰে ৷

লগতে চাওকঃ হিন্দু,মুছলিম সকলোৱে বিচাৰিছে জনসংখ্যা নিয়ন্ত্ৰণ আইনঃ বিজেপি সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.