ETV Bharat / bharat

আজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20 - ভাৰতৰ পশ্চিম উপকূলৰ উত্তৰ আৰৱ সাগৰ

ভাৰত আৰু জাপানৰ নৌ-সেনাৰ মাজৰ দ্বিপাক্ষিক সাগৰীয় অনুশীলন JIMEX 20 আৰম্ভ হ'ব ৷ উত্তৰ আৰৱ সাগৰত দুয়োখন দেশৰ নৌ-সেনাই আগন্তুক 28 ছেপ্টেম্বৰলৈ এই অনুশীলনত অংশগ্ৰহণ কৰিব ৷ কোভিড-19 মহামাৰীলৈ লক্ষ্য ৰাখি ‘non-contact at-sea-only format’ ব্যৱস্থাপনাৰে অনুষ্ঠিত হ'ব এই সাগৰীয় অনুশীলন ৷

আজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20

author img

By

Published : Sep 26, 2020, 4:25 AM IST

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : ভাৰতীয় নৌ-সেনা আৰু জাপান নৌ-সেনাৰ মাজৰ দ্বিপাক্ষিক সাগৰীয় অনুশীলন JIMEX 2020ৰ চতুৰ্থ সংস্কৰণ আজিৰে পৰা আৰম্ভ হ'ব ৷ দুবছৰৰ অন্তৰালত হোৱা এই সাগৰীয় অনুশীলনত দুয়োখন দেশৰ নৌ-সেনাই ভাৰতৰ পশ্চিম উপকূলৰ উত্তৰ আৰৱ সাগৰত অংশগ্ৰহণ কৰিব ৷ 2012 চনৰ জানুৱাৰী মাহত সাগৰীয় সুৰক্ষাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত এই অনুশীলন আৰম্ভ হৈছিল ৷ JIMEX 2020ৰ চতুৰ্থ সংস্কৰণ 26 ছেপ্টেম্বৰৰ পৰা 28 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ শেষৰবাৰ এই অনুশীলন 2018 চনৰ অক্টোৱৰ মাহত বিশাখাপট্টনমত অনুষ্ঠিত হৈছিল ৷

উল্লেখ্য যে, ভাৰত আৰু জাপানৰ মাজত নৌ-সুৰক্ষা তথা সহযোগিতাত শেহতীয়াকৈ উন্নতি দেখিবলৈ পোৱা গৈছে ৷ দুয়োখন দেশৰ যুটীয়া অনুশীলনৰ লগতে সামৰিক প্ৰযুক্তি তথা প্ৰশিক্ষণৰ সালসলনিয়ে ইয়াৰ প্ৰমাণ ৷ চলিত JIMEX 2020ৰ চতুৰ্থ সংস্কৰণত দুয়োখন দেশৰ নৌ-সেনাই উচ্চ পৰ্যায়ৰ পৰিকল্পনাযুক্ত সাগৰীয় অভিযান, শত্ৰুক প্ৰতিহত কৰা প্ৰযুক্তি আৰু বিশেষকৈ কোভিড-19 মহামাৰীলৈ লক্ষ্য ৰাখি ‘non-contact at-sea-only format’ শীৰ্ষকভাৱে এই অনুশীলনত অংশগ্ৰহণ কৰিব ৷

চলিত অনুশীলনত উচ্চ পৰ্যায়ৰ সহযোগিতা আৰু যুটীয়া সম্পৰ্কৰে multitude of advanced exercises শীৰ্ষক সাগৰীয় অভিযানত অংশগ্ৰহণ কৰিব ভাৰতীয় আৰু জাপানী নৌ-সেনাই ৷ অনুশীলনত Multi-faceted tactical exercises য'ত অস্ত্ৰচালনা, ক্ৰছ ডেক আৰু কমপ্লেক্স ছাৰফেচত হেলিকপ্টাৰ উৰণ তথা অৱতৰণ, ছাবমেৰিণ বিৰোধী অভিযান, বিমান বিৰোধী অভিযানতো অংশগ্ৰহণ কৰিব দুয়োখন দেশৰ নৌ-সেনাই ৷

লগতে পঢ়ক : একেসময়তে দুটাকৈ শক্তিক প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.