ETV Bharat / bharat

বিহাৰত বানত মৃত্যু 13 জনৰ - গংগা

বিহাৰত গংগা, মহানন্দা, বুঢ়ী গণ্ডক, বাগমতী আৰু কুশিৰ লগতে উত্তৰ বিহাৰত কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

Bihar Floods LIVE: Death toll rises to 13, nearly 50 lakh affected
বিহাৰত বানত মৃত্যু 13 জনৰ
author img

By

Published : Aug 2, 2020, 2:18 PM IST

বিহাৰ, 2 আগষ্ট : বিহাৰত অব্যাহত আছে বানৰ সংহাৰ ৷ ৰাজ্যখনত বৰ্তমানলৈ 14 খন জিলাৰ 50 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মৃত্যু হৈছে 13 জনৰ ৷ বিহাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি মুজফৰপুৰত শনিবাৰে বানত পুনৰ দুজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ পূৰ্বে দৰভংগা জিলাত সাতজন আৰু পশ্চিম চম্পাৰণ জিলাত চাৰিজন লোকৰ বানৰ ফলত মৃত্যু হৈছিল ৷

ৰাজ্যখনত গংগা, মহানন্দা, বুঢ়ী গণ্ডক, বাগমতী আৰু কুশিৰ লগতে উত্তৰ বিহাৰত কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷ ইয়াৰ ফলত মুজফৰপুৰ, মতিহাৰী, দৰভংগা আৰু সীতামৰীৰ লগতে প্ৰায় 15 খন জিলা বানৰ কৱলত পৰে ৷

লগতে পঢ়ক : COVID-19ক পৰাস্ত কৰি অসমৰ প্ৰায় 40 আৰক্ষীৰ প্লাজমা দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.