বাৰামুল্লা (জন্মু,কাশ্মীৰ),22 আগষ্টঃ জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংঘৰ্ষত নিহত বিশেষ আৰক্ষী বিষয়া বিল্লাল আহমেদলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ভাৰতীয় সেনা বাহিনীয়ে ৷ উত্তৰ কাশ্মীৰত 20 আগষ্টৰ সন্ধিয়া প্ৰায় 7.30 বজাৰ পৰা পাছ দিনালৈকে চলা সংঘৰ্ষত আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছিল ৷ উক্ত সংঘৰ্ষৰ সময়ত প্ৰচুৰ শিলাবৰ্ষণৰো সন্মুখীন হৈছিল আৰক্ষীৰ দলটো ৷ উল্লেখ্য যে, 5 আগষ্টৰ পাছত এইটো ভাৰতীয় সেনা বাহিনী,জন্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ প্ৰথমটো সুৰক্ষা অভিযান আছিল ৷
সংঘৰ্ষত নিহত আৰক্ষী বিষয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি - জন্মু-কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰ
জন্মু-কাশ্মীৰত আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত বিশেষ আৰক্ষী বিষয়া ৷ প্ৰচুৰ শিলাবৰ্ষণৰ মাজত জন্মু-কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰৰ পাছত সেনা বাহিনীৰ প্ৰথমটো সুৰক্ষা অভিযান ৷