ETV Bharat / bharat

বাংগালুৰু বিমান বন্দৰত জব্দ 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ - সীমা শুল্ক অধিকাৰী

বাংগালুৰু বিমানবন্দৰত 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ ৷ সীমা শুল্ক বিভাগে উদ্ধাৰ কৰে 1980 গ্ৰামকৈ এম ডি এম এ / ই চি টাচি টেবলেট ৷ ড্ৰাগছখিনি বেলজিয়ামৰ পৰা প্ৰেৰণ কৰা হৈছিল ৷ সমগ্ৰ ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত ৷

বাংগালুৰু বিমানবন্দৰত উদ্ধাৰ1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ

author img

By

Published : Sep 9, 2020, 1:56 PM IST

নেশ্যনেল ডেস্ক, 9 চেপ্তেম্বৰ: বাংগালুৰু বিমানবন্দৰত জব্দ হৈছে প্ৰায় 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ ৷ বাংগালুৰু বিমান বন্দৰ সীমা শুল্কৰ অধিকাৰীয়ে এই বৃহৎ মূল্যৰ ড্ৰাগছ জব্দ কৰিছে ৷ এটা বৈদ্যুতিক যন্ত্ৰৰ ভিতৰত লুকুৱাই নিয়া অৱস্থাত সীমা শুল্কৰ অধিকাৰীয়ে ড্ৰাগছ খিনি উদ্ধাৰ কৰে ৷

বিমান বন্দৰত আৰক্ষীক সতৰ্ক কৰি দিয়াৰ পাছত, বাংগালুৰু ইন্টাৰনেশ্যনেল কুৰিয়াৰ কেন্দ্ৰত হোৱা এক নিৰীক্ষণত 1980 গ্ৰামকৈ এম ডি এম এ / ই চি টাচি টেবলেট উদ্ধাৰ হয় ৷ এতিয়ালৈকে অহা তথ্য অনুসৰি ড্ৰাগছখিনি বেলজিয়ামৰ পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ কাৰ বাবে এই ড্ৰাগছখিনি অনা হৈছিল সেই সম্পৰ্কে কোনো তথ্য পোৱা নাই যদিও সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰম্ভ কৰা হৈছে এক তদন্ত ৷

লগতে পঢ়ক: ক’লাজলত আটক চিলনী চোৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.