নিউজ ডেস্ক, ৩১ জুলাইঃ বিগত ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰা আৰু আগন্তুক ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ প্ৰস্তুতি চলোৱা ঘটনা মাত্ৰ এটা সংযোগ বুলিহে মন্তব্য কৰে বিজেপি নেতা শিৱ প্ৰতাপ শুক্লাই । বিজেপিৰ বিৰুদ্ধে বিৰোধী দলে কৰা অভিযোগৰ পাচতে এই উত্তৰ দিয়ে শুক্লাই ।
![শিৱ প্ৰতাপ শুক্লা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:14:53:1596185093_8239746_dfx.jpg)
লগতে অযোধ্য়াৰ ৰাম মন্দিৰ নিৰ্মাণ আধাৰশিলা স্থাপনৰ অনুষ্ঠানক "সোণালী ক্ষণ" হিচাপে অভিহিত কৰি শুক্লাই কয় যে,যদিও এই অনুষ্ঠান সকলো লোক শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰে তথাপি এই ঘটনাৰ সাক্ষী হৈ থকা ভগৱান ৰামৰ পৰা সকলোৱে আশীৰ্বাদ লাভ কৰিব ।
আনহাতে,ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে কেৱল ৫ আগষ্টটোৱে কিয় বাচনি কৰিলে এই বিষয় সন্দৰ্ভত বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দি শুক্লাই কয় যে, এতিয়া বিৰোধী দলৰ সমালোচনা কৰিবলৈ কোনো ধৰণৰ বিষয় নাই । এই বাবে তেখেতসকলে ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন তাৰিখকলৈ বিতৰ্ক আৰম্ভ কৰিছে ।
লগতে চাওকঃ কিছু উন্নত ৰাজ্যৰ বান পৰিস্থিতি : 108 গৰাকীয়ে হেৰুৱালে প্ৰাণ