ETV Bharat / bharat

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা

author img

By

Published : Jun 11, 2020, 8:10 PM IST

এইবাৰ জগন্নাথ যাত্ৰাত সেৱক সকলে মুখাবৰণ হিচাপে ব্যৱহাৰ কৰিব অসমীয়া গামোচা ৷

Assam towels will be used by the Daitapati servitor during the Pahandi bije
বিখ্যাত জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা

নিউজ ডেস্ক, 11 জুনঃ অসমীয়া গামোচাখন অসমীয়াৰ জাতীয় সত্বাৰ প্ৰতীক ৷ চেনেহৰ দীঘ আৰু হেঁপাহৰ বাণীৰে বোৱা গামোচাখন অসমীয়াৰ গৌৰৱ ৷ এইবাৰ অসমীয়া ধ্বজা বহনকাৰী অসমীয়া গামোচা ব্যৱহাৰ হ'ব জগন্নাথ ৰথ যাত্ৰাত ৷23 জুনৰ পৰা আৰম্ভ হ'ব লগা জগন্নাথ ৰথ যাত্ৰাত এইবাৰ ব্যৱহাৰ হ'ব অসমীয়া গামোচা ৷

জগন্নাথ মন্দিৰৰ পৰা যি সকল সেৱকে ৰথ যাত্ৰা কৰিব তেওঁলোকে মুখাবৰণ হিচাপে ব্যৱহাৰ কৰিব অসমীয়া গামোচা ৷ যিহেতু এনে অনুষ্ঠানৰ সময়ত দীৰ্ঘ সময়ৰ বাবে ডিজাইনাৰ মাস্ক পৰিধান কৰাটো আৰামদায়ক নহয় সেয়ে প্ৰশাসনে নিৰ্ণয় কৰিছে ৷ এই সকল সেৱকে ৰথ যাত্ৰাৰ সময়ত মুখ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব অসমীয়া সমাজৰ পৰম্পৰাগত গামোচাখন ৷ তেওঁলোকৰ মতে,যথেষ্ট মসৃণ আৰু এশ শতাংশই কপাহী হোৱাৰ বাবে অসমীয়া গামোচাখন তেওঁলোকে এই আধ্যাত্মিক তথা শুভ কামত ব্যৱহাৰ কৰিব ৷ ইতিমধ্যে,ওড়িশা চৰকাৰে অসমৰ পৰা এই গামোচা আমদানি কৰিবৰ বাবে দায়িত্ব দিছে মন্দিৰ প্ৰশাসনক ৷

লগতে পঢ়কঃ বাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.