ETV Bharat / bharat

চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘অনুপযুক্ত ব্যক্তি’ৰ তথ্য বিচাৰিলে মুখ্য সমন্বয়কে

author img

By

Published : Feb 22, 2020, 8:51 AM IST

31 আগষ্ট 2019 চনত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি তালিকাখনত কিছুমান অনুপযুক্ত নাম অন্তৰ্ভুক্ত হৈছে, আৰু সেইবোৰক চিনাক্ত কৰিবলৈ আহ্বান জনাই অসমৰ এনআৰচিৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷ প্ৰতিবেদন অনুসৰি সন্দেহজনক ভোটাৰ (ডিভি), বিদেশী হিচাপে ঘোষণা হোৱা (ডিএফ) তথা বিদেশী ন্যায়াধীশকৰণত বিচাৰাধীন অৱস্থাত থকা লোকসকলক অনুপযুক্ত হিচাপে বিচাৰ কৰা হ’ব ৷

Assam NRC Coordinator seeks details of 'ineligible persons' in final list
চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘অনুপযুক্ত ব্যক্তি’ৰ তথ্য বিচাৰিলে মুখ্য সমন্বয়কে

নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃ অসমৰ এনআৰচিৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাই এনআৰচিৰ চূড়ান্ত তালিকাত থকা ভাৰতীয় নাগৰিকৰ বাবে অনুপযুক্ত নাগৰিকক চিনাক্ত কৰাৰ বাবে প্ৰত্যেক জিলাস্থিত এনআৰচি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মাই 19 ফেব্ৰুৱাৰীত সকলো জিলাৰ উপায়ুক্ত আৰু জিলা এনআৰচি কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰে ৷

এই পত্ৰখনত 31 আগষ্ট 2019 চনত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি তালিকাখনত অন্তৰ্ভুক্ত কিছুমান অনুপযুক্ত নাম প্ৰকাশ পাইছে, আৰু সেইবোৰক চিনাক্ত কৰিবলৈ আহ্বান জনায় ৷ আনহাতে ডিভি, ডিএফ, পিএফটি, ডিভিডি, ডিএফডি আৰু পিএফটিডিৰ ক্ষেত্ৰত এই নামসমূহ চিনাক্ত কৰাৰ কথা পত্ৰখনত উল্লেখ আছে ৷

প্ৰতিবেদন অনুসৰি সন্দেহজনক ভোটাৰ (ডিভি), বিদেশী হিচাপে ঘোষণা হোৱা (ডিএফ) তথা বিদেশী ন্যায়াধীশকৰণত বিচাৰাধীন অৱস্থাত থকা লোকসকলক অনুপযুক্ত হিচাপে বিচাৰ কৰা হ’ব ৷

ইয়াৰোপৰি ওপৰত উল্লেখিত কাৰণবোৰৰ ভিতৰত যদি কোনোবা ব্যক্তিৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হৈছে তেন্তে সেইবোৰৰ তথ্য জিলা এনআৰচি কেন্দ্ৰক প্ৰকাশ কৰাৰ বাবে পত্ৰখনত উল্লেখ আছে ৷

আনহাতে পত্ৰখনত উল্লেখিত বিষয় সন্দৰ্ভত মুখ্য সমন্বয়কে উল্লেখ কৰে যে ভাৰতবৰ্ষৰ মুখ্য পঞ্জীয়কে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰিছে ৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত বিদেশী চিনাক্তকৰণৰ বাবে এনআৰচিৰ কাম সম্পন্ন কৰা হৈছিল ৷ বিগত বৰ্ষৰ 31 আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এনআৰচিৰ তালিকাৰ পৰা 19 লাখ লোকৰ নাম বাদ পৰিছিল ৷

আনহাতে বিভিন্ন ৰাজনৈতিক দল তথা জাতীয় সংগঠনে প্ৰকাশ পোৱা চূড়ান্ত এনআৰচি তালিকাখনত যথেষ্ট আসোঁৱাহ ৰৈ যোৱা বুলি উল্লেখ কৰে ৷ যথেষ্ট সংখ্যক ভাৰতীয় নাগৰিকৰ নাম এই তালিকাৰ পৰা বাদ পৰা বুলি উল্লেখ কৰে ৷

আৰু পঢ়কঃযুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ পৰিত্ৰাণ কেনেকৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.