নিউজ ডেস্ক, 25 মেঃ শীঘ্ৰেই ৰূপালী পৰ্দাত দৰ্শকসকলে দেখিবলৈ পাব এটা নতুন যুটি ৷ তথ্য অনুসৰি আগন্তুক ছবি "ব'লে ছুৰিয়া"ৰে পোন প্ৰথমবাৰৰ বাবে একেলগে দেখিবলৈ পোৱা যাব অভিনেতা নৱাজুদ্দিন চিদ্দিকি আৰু অভিনেত্ৰী মৌনি ৰয়ক ৷
এই ছবিখনৰ পৰিচালনাৰে বলিউডত খোজ পেলাব নৱাজুদ্দিন চিদ্দিকিৰ ভাতৃ শ্বামাচ নৱাব চিদ্দিকিয়ে লগতে প্ৰযোজনা কিৰণ ভাটিয়াৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে হিন্দী ছবিৰ সমালোচক টাৰাণ আদৰ্শে নিজ টুইটাৰ যোগে ছবিখনৰ প্ৰথম পোষ্টাৰ মুকলি কৰাৰ লগতে উক্ত তথ্য প্ৰকাশ কৰে ৷