ETV Bharat / bharat

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰাজনৈতিক জীৱন

1971 চনত পূব বংগৰ শৰণাৰ্থী শিবিৰৰ সংকটৰ সময়ত তেওঁ সেৱা আগবঢ়াই থকাৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সংস্পৰ্শলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত তেওঁক ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক জীৱনলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল আৰু ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ চমুকৈ NSUIৰ অধ্যক্ষ হিচাপে প্ৰথমে নিযুক্তি লাভ কৰিছিল ৷ অশোক গেহলটে যেতিয়া কংগ্ৰেছৰ লগত জড়িত হৈ আছিল তেতিয়াই তেওঁ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় সমূহ বুজি উঠিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছতে তেওঁ 1985 চনত 32 বছৰ বয়সতে ৰাজ্যখনৰ যুৱ কংগ্ৰেছৰ প্ৰমুখ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷

author img

By

Published : Jul 14, 2020, 8:32 PM IST

Ashok Gehlot Political Profile
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰাজনৈতিক জীৱনঃ

নিউজ ডেস্ক, 14 জুলাই :

1971 চনত পূব বংগৰ শৰনাৰ্থী শিবিৰৰ সংকটৰ সময়ত তেওঁ সেৱা আগবঢ়াই থকাৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সংস্পৰ্শলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত তেওঁক ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক জীৱনলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছিল আৰু ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ চমুকৈ NSUI ৰ অধ্যক্ষ হিচাপে প্ৰথমে নিযুক্তি লাভ কৰিছিল ৷

যোধপুৰৰ এগৰাকী যাদুগৰৰ পুত্ৰ অশোক গহলটে পৰৱৰ্তী সময়ত নেহৰু-গান্ধী পৰিয়ালৰ তিনিটা প্ৰজন্মৰ সৈতে কাম কৰিবলৈ সক্ষম হৈছিল ৷ লগতে,ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ মন্ত্ৰী মণ্ডলৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ উপৰিও তেওঁ মনমোহন সিংৰ কাৰ্যকালত পৰ্যটন,খেল, নাগৰিক উন্নয়ন আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷

মুখ্যমন্ত্ৰী হিচাপে অশোক গেহলটঃ

অশোক গেহলটে যেতিয়া কংগ্ৰেছৰ লগত জড়িত হৈ আছিল তেতিয়াই তেওঁ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয় সমূহ বুজি উঠিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছতে তেওঁ 1985 চনত 32 বছৰ বয়সতে ৰাজ্যখনৰ যুৱ কংগ্ৰেছৰ প্ৰমুখ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত 1998 চনত তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ সময়ত 13 বছৰ অপেক্ষা কৰিব লগা হৈছে ৷ জানিব পৰা মতে,1998 চনত ৰাজস্থান বিধানসভা নিৰ্বাচনত 150 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷

পৰৱৰ্তী সময়ত 2008 চনত বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লবলৈ সক্ষম হৈছিল ৷ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম অলা,অধ্যক্ষ মদেৰণ আৰু নৱ নিৰ্বাচিত বিধায়ক সোনাৰামকো আদি কৰি বহু কেইগৰাকী নেতাই বিৰোধ কৰিছিল যদিও কোনো ধৰণৰ সুফল পোৱা নগ'ল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.