ETV Bharat / bharat

আত্মসমৰ্পণ কৰিবলৈ প্ৰস্তুত নগা বিদ্ৰোহী সংগঠনৰ 50 জন সদস্য - Around 50 Naga insurgents likely to join national mainstream

NSCN(K) আৰু কেইবাটাও নগা বিদ্ৰোহী সংগঠনে অসমৰ চুবুৰীয়া মণিপুৰ আৰু অৰুণালচ প্ৰদেশৰ নগা অধ্যুষিত অঞ্চলসমূহ একত্ৰিত কৰি ‘বৃহত্তৰ নাগালেণ্ড’ গঠনৰ দাবী উত্থাপন কৰি আহিছিল ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিচ্ছিন্নতাবাদী সংগঠনটোৰ নেতা ষ্টাৰচন লামকাঙৰ নেতৃত্বত প্ৰায় 52 জনকৈ সদস্যই নাগলেণ্ডৰ ফেক জিলাত সুৰক্ষা বাহিনীৰ আগত আত্মসমৰ্পণৰ বাবে প্ৰস্তুত ৷

Around 50 Naga insurgents likely to join national mainstream: Military sources
আত্মসমৰ্পণ কৰিবলৈ প্ৰস্তুত নগা বিদ্ৰোহী সংগঠনৰ 50 জন সদস্য
author img

By

Published : Dec 26, 2020, 10:41 PM IST

নেশ্যনেল ডেস্ক,26 ডিচেম্বৰ: নগা বিদ্ৰোহী সংগঠন এনএচচিএন(কে)ৰ এটি বিচ্ছিন্নতাবাদী শিবিৰৰ 50 গৰাকীকৈ সদস্য মূলসূঁতিলৈ উভটি আহিবলৈ সাজু ৷ ভাৰত-ম্যানমাৰ সীমান্তত দুয়ো দেশৰে সেনাৰ সঘনাই চলোৱা যুটীয়া অভিযানৰ বাবে বহু প্ৰত্যহ্বানৰ সন্মুখীন হৈ আহিছিল দলটো ৷ সুৰক্ষা সংস্থাই জনোৱা অনুসৰি বিগত কিছু মাহত ভাৰতীয় সেনা, সুৰক্ষা বাহিনী আৰু অনুসন্ধানকাৰী সংস্থাৰ যুটীয়া অভিযানৰ বাবে অৱশেষত আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰে নিকি চুমীৰ নেতৃত্বাধীন NSCN(K)ৰ সদস্য সকলে ৷

ভাৰত আৰু ম্যানমাৰ সীমান্ত সেনাৰ মাজত সমন্বয় আৰু সহযোগিতা শেহতীয়াকৈ ভাৰতীয় চীফ অব আৰ্মী ষ্টাফ জেনেৰেল এম এম নাৰাৱানেৰ ভ্ৰমণৰ পিছতেই আৰু অধিক দৃঢ় হৈ পৰে ৷ চলিত বৰ্ষৰ অক্টোবৰত এম এম নাৰাৱানেই বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাৰৰ সৈতে ম্যানমাৰ ভ্ৰমণ কৰে ৷ এই ভ্ৰমণসূচীতে ভাৰতে ম্যানমাৰৰ নৌ-সেনালৈ চাবমেৰিন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, NSCN(K) আৰু কেইবাটাও নগা বিদ্ৰোহী সংগঠনে অসমৰ চুবুৰীয়া, মণিপুৰ আৰু অৰুণালচ প্ৰদেশৰ নগা অধ্যুষিত অঞ্চলসমূহ একত্ৰিত কৰি ‘বৃহত্তৰ নাগালেণ্ড’ গঠনৰ দাবী উত্থাপন কৰি আহিছিল ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিচ্ছিন্নতাবাদী সংগঠনটোৰ নেতা ষ্টাৰচন লামকাঙৰ নেতৃত্বত প্ৰায় 52 জনকৈ সদস্যই নাগলেণ্ডৰ ফেক জিলাত সুৰক্ষা বাহিনীৰ আগত আত্মসমৰ্পণৰ বাবে প্ৰস্তুত ৷ আনহাতে, সংগঠনটোৱে জানিবলৈ দিয়া অনুসৰি 8 গৰাকী সদস্যই আত্মসমৰ্পণকাৰী দলটোত যোগদান কৰিব ৷

উল্লেখ্য যে, 2015 চনত মণিপুৰত ভাৰতীয় সেনাৰ কনভয়লৈ আক্ৰমণ চলোৱা NSCN(K)ৰ মুখ্য সদস্য আছিল নিকি চুমী ৷ এই আক্ৰমণতে ভাৰতীয় সেনাৰ 18 গৰাকীকৈ সদস্যই জীৱন হেৰুৱাব লগীয়া হৈছিল ৷

লগতে পঢ়ক-প্ৰতিদিনাই ৰাজধানীত 15 গৰাকী শিশু নিৰুদ্দেশ হয়: আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.