ETV Bharat / bharat

অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা: ৰায়গড় আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে

author img

By

Published : Nov 7, 2020, 10:23 PM IST

'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত ৰায়গড় আৰক্ষীয়ে জনোৱা আবেদনৰ শুনানি স্থগিত ৰাখিলে আলিবাগৰ জিলা দণ্ডাধীশৰ আদালতে। বিশিষ্ট সাংবাদিকগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বিষয়ত পুনৰ বিবেচনা কৰাৰ বাবে আদালতত আবেদন জনাইছিল ৰায়গড় আৰক্ষীয়ে।

অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা: ৰায়গড় আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে
অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা: ৰায়গড় আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ: ২০১৮ চনৰ এটা আত্মহত্যাৰ গোচৰত অভিযুক্ত বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মাৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ জনোৱা আবেদনৰ শুনানি অহা ৯ নৱেম্বৰলৈ স্থগিত কৰিলে আলিবাগৰ জিলা দণ্ডাধীশৰ আদালতে। উক্ত আত্মহত্যাৰে জড়িত থকাৰ অভিযোগ তুলি অৰ্ণৱ গোস্বামী আৰু আন দুজন লোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত মুম্বাই উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি থকা বুলি জনোৱাৰ পিছতে আলিবাগৰ জিলা দণ্ডাধীশৰ আদালতে শুনানি স্থগিত কৰাৰ নিৰ্দেশ দিয়ে।

ন্যায়িক জিম্মাৰ পৰিৱৰ্তে আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিছিল 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদকগৰাকীক। কিন্তু আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত পুনৰ বিবেচনাৰ বাবে আবেদন জনাইছিল ৰায়গড় আৰক্ষীয়ে। শনিবাৰে শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰা হৈছিল যদিও আদালতে শুনানিৰ দিন অহা ৯ নৱেম্বৰলৈ স্থগিত কৰে। উল্লেখ্য যে, ২০১৮ চনত আলিবাগত সংঘটিত হোৱা এটা আত্মহত্যাৰ গোচৰ সন্দৰ্ভত বুধবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক মুম্বাইস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছতে তেওঁক আলিবাগ আৰক্ষী থানালৈ লৈ যোৱা হয় আৰু বুধবাৰে নিশাই জিলা দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। জিলা দণ্ডাধীশে অৰ্ণৱ গোস্বামীসহ ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰ নামৰ আন দুজন অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। একেটা গোচৰ সন্দৰ্ভত বৰ্তমানলৈকে ২৮ গৰাকী ব্য়ক্তিলৈ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে। ইয়াৰে ১৭ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু এওঁলোকৰ ভিতৰত আত্মহত্যা কৰা অনভয় নায়কৰ ফাৰ্মত কাম কৰা হিচাপ ৰক্ষক আৰু কৰ্মচাৰীও আছে।

উল্লেখ্য যে, ২০১৮ চনৰ মে' মাহত আলিবাগৰ ইন্টেৰিঅ'ৰ ডিজাইনাৰ অনভয় নায়ক আৰু তেওঁৰ মাতৃয়ে আত্মহননৰ পথ বাচি লৈছিল। আত্মহত্যাৰ টোকাত অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰে ৫.৪০ কোটি টকা দিবলৈ আছে বুলি উল্লেখ কৰি থৈ যায়। সেই সময়তে অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰ বিৰুদ্ধে নায়কক আত্মহত্যাৰ বাবে উচতনি যোগোৱা অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত গোচৰটো নিষ্পতি কৰা হয়। আত্মহত্যাৰ গোচৰৰ তদন্ত দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ গৃহমন্ত্ৰী অনিল দেশমুখে চি আই ডিক অৰ্পণ কৰিছিল। আলিবাগ থানাত পুনৰ নায়কৰ কন্যাই গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক:নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.