ETV Bharat / bharat

কোভিডত আক্ৰান্ত শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ মৃত্য়ু

author img

By

Published : Jul 5, 2020, 6:34 PM IST

1984 চনৰ শিখবিৰোধী সংঘৰ্ষৰ অন্যতম অভিযুক্ত মহেন্দৰ যাদৱৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্য়ু ৷ বিগত 1 জুলাইত তেওঁৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

কোভিডত আক্ৰান্ত শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ মৃত্য়ু
কোভিডত আক্ৰান্ত শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ মৃত্য়ু

নিউজ ডেস্ক, 5 জুলাই : প্ৰাক্তন বিধায়ক তথা 1984 চনৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ দেওবাৰে মৃত্যু হয় ৷ 10 বছৰৰ শাস্তিৰে তেওঁক মান্দোলী কাৰাগাৰত ৰখা হৈছিল আৰু কাৰাগাৰত থকা অৱস্থাতে কোভিড-19ত আক্ৰান্ত হৈছিল শিখবিৰোধী সংঘৰ্ষৰ অন্যতম অভিযুক্তগৰাকী ৷ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই তেওঁক দিল্লীৰ লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

বিগত কিছুদিন পূৰ্বেই অভিযুক্ত যাদৱে আদালতত জামিন আবেদন কৰিছিল যদিও তেওঁৰ জামিন আবেদন নাকচ কৰিছিল দেশৰ শীৰ্ষ আদালতে ৷ 26 জুনতে তেওঁ এইদৰে জামিনৰ বাবে আবেদন কৰিছিল আৰু 1 জুলাইত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল ৷ কোভিড-19ত আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন হৈ থকাৰ বাবেই শীৰ্ষ আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল ৷

অৱশেষত আজি দিনৰ ভাগত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় শিখবিৰোধী সংঘৰ্ষৰ অন্যতম অভিযুক্তগৰাকীয়ে ৷

লগতে পঢ়কঃ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.