ETV Bharat / state

নিমাতীঘাটৰ অভিশপ্ত ফেৰী দুৰ্ঘটনা: আজিও কৰুণ স্মৃতিয়ে কন্দুৱাই প্ৰত্যক্ষদৰ্শীক - Nimati Ghat boat tragedy

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 4:59 PM IST

Nimati Ghat boat accident: যোৰহাট আৰু মাজুলীবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত ৮ ছেপ্টেম্বৰ ৷ দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষৰ ফলত অকালতে প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী লোকে ৷ এই অভিশপ্ত দুৰ্ঘটনাৰ সাক্ষী হৈ ৰোৱা লোকসকলে আজিও উচুপি উঠে এই কৰুণ স্মৃতিক সুঁৱৰি ৷

Nimati Ghat boat accident
নিমাতীৰ ফেৰী দুৰ্ঘটনা (ETV Bharat Assam)

যোৰহাট, ৮ ছেপ্টেম্বৰ: আজি অভিশপ্ত ৮ ছেপ্টেম্বৰ । আজি দিনটোতেই যোৰহাটৰ নিমাতীঘাটত সংঘটিত হৈছিল দেশ আৰু ৰাজ্য কঁপাই যোৱা এটা ভয়ানক নাও দুৰ্ঘটনা । ২০২১ চনৰ ৮ ছেপ্টেম্বৰ বিয়লি প্ৰায় ৩ বজাত নিমাতীৰ পৰা মাজুলীলৈ আৰু মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ যাত্ৰা কৰা দুখন ফেৰীৰ মাজত সংঘটিত হৈছিল মুখামুখি সংঘৰ্ষ ৷

এই সংঘৰ্ষৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ভাঁহি আহিছিল কান্দোন আৰু চিঞৰ । লগে লগে নিমাতীঘাটত সৃষ্টি হৈছিল কোনেও ভাবিব নোৱাৰা এক পৰিৱেশৰ । শতাধিক যাত্ৰী থকা নাওখনৰ পৰা ৩ জনক বাদ দি বাকী সকলক সুকলমে উদ্ধাৰ কৰে নিমাতীঘাটৰ ব্যৱসায়ী, মেজিক সন্থা আৰু জল পৰিবহণ বিভাগৰ লোকে । সকলোৱে আজি সুঁৱৰিছে সেই অভিশপ্ত দিনটোক ।

আজিও সেই আৰ্তনাদৰ স্মৃতি ভাঁহি অহাৰ বাবে নিমাতি ঘাটে যেন উচুপি উঠিছে । দুখ প্ৰকাশ কৰিছে সেইসকল কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে, যি স্বচক্ষে দেখিছিল দুৰ্ঘটনাটো ৷ পানীত পৰা যাত্ৰীসকলক উদ্ধাৰ কৰা সেই দৃশ্য আজিও যেন সজীৱ হৈ আছে তেওঁলোকৰ মনত । লগতে প্ৰয়াত বিক্ৰমজিৎ বৰুৱা, পৰিণীতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ অকাল মৃত্যুক সুঁৱৰি একপ্ৰকাৰ আজিও শোকাকুল হৈ পৰিছে তেওঁলোক ।

উল্লেখ্য যে, ২০২১ চনৰ ৮ ছেপ্টেম্বৰত বেলি লহিয়াবলৈ ধৰোঁতেই নিমাতীঘাটত বৰলুইতৰ বুকুত লাগিছিল কালক্ষণ ৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানী ফালি আগবাঢ়িছিল দুখনকৈ ফেৰী ৷ দুয়োখন আহিছিল বিপৰীত দিশৰ পৰা ৷ নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি আছিল টিপকাই নামৰ ফেৰীখন ৷ কিন্তু পলকতে সকলো খেলিমেলি হৈ গৈছিল ৷

লগতে পঢ়ক: নিমাতীঘাটত মৰণমুখী মানুহৰ আৰ্তনাদ

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ভুক্তভোগী যাত্ৰীৰ মুখেৰে শুনক নিমাতীঘাট নাও দুৰ্ঘটনাৰ বিশদ বৰ্ণনা

অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা দুই যুৱকৰ শিহৰণকাৰী বৰ্ণনা

ভৰা লুইতৰ বুকুত দুৰ্ঘটনাত পতিত হয় দুয়োখন ফেৰী ৷ দুয়োখন ফেৰীৰ মুখামুখি সংঘৰ্ষৰ ফলত বিধ্বস্ত হৈ পৰে মা কমলা নামৰ ফেৰীখন ৷ দুয়োখন ফেৰীতে আছিল শতাধিক যাত্ৰীৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ সংঘৰ্ষৰ পাচতে নৈৰ বুকুত ছিটিকি পৰে যাত্ৰীসকল ৷ একাংশই সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে আৰু একাংশক উদ্ধাৰ কৰে স্থানীয় ব্যৱসায়ীয়ে ৷ কিন্তু নিজক বচাব নোৱাৰি বৰলুইতৰ বুকুত ডুব গৈছিল তিনিজনকৈ যাত্ৰী ৷ বৰ লুইতৰ বুকুৰ পৰা কাল সন্ধিয়া ভাঁহি আহিছিল মৰণমুখী মানুহৰ আৰ্তনাদ ৷

তাৰ পিচতেই সজোৰেৰে দাবী উঠিছিল মাজুলীলৈ এখন দলং নিৰ্মাণৰ বাবে ৷ পৰৱৰ্তী সময়ত অসম চৰকাৰে মাজুলীলৈ দলং নিৰ্মাণৰ বাবে বহিঃৰাজ্যৰ এটা কোম্পানীক দায়িত্ব অৰ্পণ কৰি ভূমি পূজনেৰে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ কিন্তু এতিয়া সেই দলংখন সুদূৰ পৰাহত ৷ কেইদিনমান পূৰ্বে নিৰ্মাণকাৰী সংস্থাৰ অন্তঃকন্দলৰ বাবে শ্ৰমিকসকলে কাম আধাতে এৰি দলং নিৰ্মাণ থলীৰ পৰা ঘৰাঘৰি যোৱাৰ খবৰ পোৱা গৈছে ৷ মাজুলীয়ালে চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই ২০২৬ চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে দাবী তুলিছে ৷

লগতে পঢ়ক: মাজুলীয়ালৰ আশাত চেঁচাপানী: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম - Majuli Jorhat connecting bridge

নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা; আটক 6 ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.