ETV Bharat / state

ইতিহাস হ'ল ছেবা আৰু শিক্ষা সংসদ : গঠন হ'ল অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ - Assam School Education Board

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 5:34 PM IST

Assam education board : একত্ৰিত হ’ল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । ইয়াৰ জৰিয়তে গঠন কৰা হ’ল ‘অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ’ ৷ এতিয়াৰে পৰা অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীপৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব ।

Assam education board
গঠন হ’ল অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : ইতিহাস হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । একত্ৰিত হ’ল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণৰ জৰিয়তে গঠন কৰা হ’ল ‘অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ’ (𝐀𝐬𝐬𝐚𝐦 𝐒𝐭𝐚𝐭𝐞 𝐒𝐜𝐡𝐨𝐨𝐥 𝐄𝐝𝐮𝐜𝐚𝐭𝐢𝐨𝐧 𝐁𝐨𝐚𝐫𝐝)৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সামঞ্জস্য ৰাখি একত্ৰীকৰণ কৰা হৈছে । এতিয়াৰে পৰা অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীপৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব । উল্লেখ্য যে ৰমেশ চান্দ জৈন অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।

পূৰ্বে আৰ চি জৈন ছেবাৰ অধ্যক্ষৰ দায়িত্বত আছিল । সেইদৰে ৰুক্ম গোহাঁই বৰুৱাক অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । পূৰ্বে ৰুক্ম গোহাঁই বৰুৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আছিল । সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য যে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত বিগত বৰ্ষৰ ১৬ নৱেম্বৰৰ কেবিনেট বৈঠকত লোৱা হৈছিল । কেবিনেট বৈঠকত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণৰ জৰিয়তে অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ হিচাপে নামাকৰণৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল ।

কেবিনেটে অনুমোদন জনোৱাৰ পিচত এক দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে অৱশেষত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিকৰণ হয় । এতিয়াৰে পৰা অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীপৰ্যন্ত সকলো পৰীক্ষা পৰিচালনা কৰিব । ইয়াৰ লগে লগে অতীত হৈ পৰিল ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।

লগতে পঢ়ক : শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ অভিনন্দন : কোনে কিদৰে লাভ কৰিব পাৰিব আঁচনিখনৰ সুবিধা

শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী

মাজুলীত ৩১ খন বিদ্যালয়ৰ শ্মশান যাত্ৰা, সৰৱ ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.