স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: প্ৰবীণ ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিঙে এছিয়াৰ অলিম্পিক পৰিষদৰ(অ’ চি এ) সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ৷ দেওবাৰে এই মহাদেশীয় সংস্থাটোৰ 44 তম সাধাৰণ সভাৰ সময়ত সিঙক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয় ৷
পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ ৰণধীৰ অ’ চি এ ৰ সভাপতি পদৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল । তেওঁৰ কাৰ্যকাল 2024 চনৰ পৰা 2028 চনলৈ কাৰ্যকৰী থাকিব ৷ এই বাছনি প্ৰক্ৰিয়াত সকলোৰে সন্মতি আছিল, যাৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে পদটোত নিৰ্বাচিত হয় ৰণধীৰ সিং ৷
Heartiest congratulations to Shri Randhir Singh on being elected as the first Indian President of the Olympic Council of Asia (OCA) at the 44th General Assembly! 🇮🇳
— Ravneet Singh Bittu (@RavneetBittu) September 8, 2024
A proud moment for India and a testament to his dedication to sports. Wishing him great success in leading the OCA… pic.twitter.com/mAL7n2R5vB
77 বছৰীয়া প্ৰশাসকগৰাকী 2021 চনৰ পৰা অ’ চি এ-ৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব বহন কৰি আছিল । তেওঁ কুৱেইটৰ শ্বেখ আহমেদ আল-ফাহাদ আল-চাবাহৰ স্থানত অধিষ্ঠিত হয় ৷ চাবাহক নৈতিকতা উলংঘনৰ বাবে চলিত বছৰৰ মে’ মাহত ক্ৰীড়া প্ৰশাসনৰ তৰফৰ পৰা 15 বছৰৰ নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল ।
ভাৰত আৰু এছিয়াৰ ক্ৰীড়া সংস্থাসমূহত বিভিন্ন প্ৰশাসনিক পদত অধিষ্ঠিত হৈ থকা ৰণধীৰক ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু এছিয়াৰ প্ৰায় 45 খন দেশৰ শীৰ্ষ ক্ৰীড়া প্ৰশাসকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অ' চি এ-ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ।
History in the making as Raja Randhir Singh becomes the first Indian President of @AsianGamesOCA! Congrats, @RANDHIR1946! #OCAInIndia2024 #SaluteTheSpirit pic.twitter.com/PKK52Ha5BD
— Virat Kohli FC (@ViratKohli_King) September 8, 2024
ৰণধীৰ পঞ্জাৱৰ পাটিয়ালাৰ বাসিন্দা আৰু তেওঁৰ পৰিয়াল আৰম্ভণিৰে পৰা ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে । সিঙৰ খুৰাক মহাৰাজা যাদৱেন্দ্ৰ সিঙে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল আৰু আন্তৰ্জাতিক অলিম্পিক সমিতিৰ(আই অ’ চি) সদস্য আছিল । তেওঁৰ দেউতাক ভলিন্দ্ৰ সিঙেও এজন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আছিল । তেওঁ 1947 ৰ পৰা 1992 চনৰ ভিতৰত আই অ’ চিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে ৷ ৰণধীৰ 2001 চনৰ পৰা 2014 চনলৈ আই অ’ চি-ৰ সদস্য পদত অধিষ্ঠিত আছিল । তেতিয়াৰ পৰা তেওঁ আই অ’ চিৰ সন্মানীয় সদস্য হিচাপে জড়িত হৈ আছে ।