ETV Bharat / state

আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক - Dhing Rape Case

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 5:18 PM IST

Dhing rape case accused surrender : নগাঁও আৰক্ষীৰ ব্যৰ্থতা প্ৰমাণ কৰি দেখুৱালে সংখ্যালঘু সংগঠনে ৷ সংখ্যালঘু সংগঠনে আত্মসমৰ্পণ কৰোৱাৰ পিচতহে ৰাজ্য কঁপোৱা ধিঙৰ কিশোৰী ধৰ্ষণৰ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ । ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰাই পলাতক হৈ থকা দুই অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিবলগীয়া হৈছিল প্ৰতিবাদ । আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সংগঠনৰ ৷

Dhing rape case accused surrender
সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক (ETV Bharat Assam)

নগাঁও, ৪ ছেপ্টেম্বৰ : নগাঁও আৰক্ষীৰ ব্যৰ্থতা প্ৰমাণ কৰি দেখুৱালে সংখ্যালঘু সংগঠনে ৷ আত্মসমৰ্পণ কৰোৱাৰ পিচতহে ৰাজ্য কঁপোৱা ধিঙৰ কেশোৰী ধৰ্ষণৰ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ঘটনা সংঘটিত হোৱাৰ পিচৰ পৰাই পলাতক হৈ থকা দুই অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিবলগীয়া হৈছিল প্ৰতিবাদ । আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনে ৷

দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছিল :

বিয়াগোম গৃহ বিভাগৰ আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱৰা অভিযুক্তক আত্মসমৰ্পণ কৰোৱাবলৈ সক্ষম হৈছে সংখ্যালঘু সংগঠনে । বিগত ২২ আগষ্টৰ সন্ধিয়া সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো । উক্ত দিনটোৰ সন্ধিয়া অচেতন অৱস্থাত উদ্ধাৰ হৈছিল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । তাৰ পিচতেই উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য । টিউচনৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাতে কিশোৰী ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল বিভিন্ন দল-সংগঠনে । এই জঘন্য ঘটনা সংঘটিত হোৱাৰ এটা দিন পিচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধিঙত উপস্থিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰীকাও ।

ধৰ্ষণৰ ঘটনাত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দিয়া হৈছিল আশ্বাস । ঘটনা সংঘটিত হোৱাৰ এটা দিন পিচতেই তফাজ্জুল ইছলাম নামৰ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে । আনকি ঘটনাৰ অনুসন্ধান কৰাৰ সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই সলিল সমাধি ঘটিছিল তফাজ্জুল ইছলামৰ । কিন্তু ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰাই পলায়ন কৰিবলৈ সক্ষম হৈছিল এই জঘন্য ঘটনাত নাম সাঙুৰ খাই পৰা আন দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিন ।

ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া :

কিশোৰী ধৰ্ষণত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ । কিন্তু ঘটনা সংঘটিত হোৱাৰ প্ৰায় এটা পষেক সম্পন্ন হোৱাৰ পিচতো জঘন্য ঘটনাৰ দুই অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল নগাঁও আৰক্ষী । সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত দুই অভিযুক্তক কৰায়ত্ত কৰাত নগাঁও আৰক্ষীৰ ব্যৰ্থতাক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে নগাঁও আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱালে এটা সংখ্যালঘু সংগঠনে ।

ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্তক বিচাৰি নগাঁও আৰক্ষী একপ্ৰকাৰ হাইৰাণ হোৱাৰ সময়ত সংখ্যালঘু সংগঠনটোৱে যেন স্বস্তিৰ নিশ্বাস এৰিবলৈ সুযোগ দিলে নগাঁও আৰক্ষীক । শুকুৰবাৰে সন্ধিয়া ধিংকাণ্ডৰ দুই অভিযুক্তক ব্যক্তিগত বাহনেৰে লৈ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুই নেতা । সংগঠনৰ নেতাদ্বয়ে কোনো স্থানৰ পৰা সাধাৰণ লোকৰ দৰেই আনি ভয়ংকৰ ঘটনাৰ অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনক কৰোৱায় আত্মসমৰ্পণ ।

আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ :

শুকুৰবাৰে সন্ধিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই আত্মসমৰ্পণ কৰোৱা ধিংকাণ্ডৰ দুই অভিযুক্ত ফৰিদুল আৰু গোলাপক নিশাই গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে । দুই অভিযুক্তৰ পৰিয়ালৰ লোকৰ সহযোগত এটা সংখ্যালঘু সংগঠনে সন্ধান উলিয়াই আত্মসমৰ্পণ কৰোৱা কাৰ্যই অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা উদঙাই দিয়া বুলিও দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

ৰাজ্য কঁপোৱা ধিং কাণ্ডৰ দুই পলাতক অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰাই । স্মৰ্তব্য যে, ধিঙৰ জঘন্য ঘটনাৰ অভিযুক্তক এটা সংগঠনে বিচাৰি আত্মসমৰ্পণ কৰোৱাবলৈ সক্ষম হোৱা অভিযুক্তক নগাঁও আৰক্ষীয়ে বিগত প্ৰায় এটা পষেকে কোনো সূং সূত্ৰ উলিয়াব নোৱৰাত আৰক্ষীৰ সক্ৰিয়তাক লৈ প্ৰশ্নৰ উদ্বেগ ঘটিছে ।

লগতে পঢ়ক : তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ দুই অভিযুক্ত

ধিংকাণ্ডৰ আত্মসমৰ্পণকাৰী দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ হাতত আছে তথ্য-প্ৰমাণ

ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.