ETV Bharat / bharat

দুৰ্নীতিবিৰোধী শপতনামাৰ নামত প্ৰহসন! - দুৰ্নীতিবিৰোধী শপতনামাৰ নামত প্ৰহসন!

জল প্ৰকল্পৰ ঠিকা আবণ্টনৰ ক্ষেত্ৰত ৭০,০০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত বোম্বে উচ্চ ন্যায়ালয়ে দুৰ্নীতি নিবাৰক শাখাক এই কেলেংকাৰীত অজিত পাৱাৰ কিমান দূৰ জড়িত সেয়া অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত বিগত বৰ্ষৰ নৱেম্বৰ মাহত দাখিল কৰা শপতনামা অনুসৰি এ চি বি বা এণ্টি-ক্ৰাইম ব্ৰাঞ্চৰ সঞ্চালক প্ৰধানে কৈছিল-মহাৰাষ্ট্ৰ চৰকাৰৰ সাধাৰণ প্ৰশাসন নিয়মৰ ১০নং দফা অনুসৰি তদানীন্তন কংগ্ৰেছ-এন চি পি চৰকাৰৰ আটাইতকৈ বেছি কাৰ্যকাল দায়িত্বত থকা জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিভাগটোত সংঘটিত অনিয়মৰ বাবে সম্পূৰ্ণ অকলে দায়ী।

দুৰ্নীতিবিৰোধী শপতনামাৰ নামত প্ৰহসন!
দুৰ্নীতিবিৰোধী শপতনামাৰ নামত প্ৰহসন!
author img

By

Published : Jan 7, 2020, 2:52 PM IST

সাম্প্ৰতিক ৰাজনীতিৰ যেনিয়ে চোৱা যায় তেনিয়েই দুৰ্নীতি দেখা পোৱা যায় । আটাইতকৈ প্ৰহসন এয়ে যে সংবিধান বা আইন মতে ভয় অথবা পক্ষপাতদুষ্টতা অবিহনে,স্বজন তোষণ বা আক্ৰোশ নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰিব বুলি ৰাজনৈতিক নেতাসকলে গ্ৰহণ কৰা শপত বা ৰাজনৈতিক নেতাসকলৰ নিয়ন্ত্ৰণত কাম কৰা দুৰ্নীতি বিৰোধী বিভাগসমূহে আদালতত দাখিল কৰা শপতনামাৰ কিবা সত্যতা আছে । বিখ্যাত তেলেগু নাটক কন্যাশুল্কমৰ এক উল্লেখযোগ্য চৰিত্ৰ গিৰিশ্যামে কৈছিল, “যিজনে তেওঁৰ বক্তব্য সময়ে সময়ে সলনি নকৰে তেওঁ এজন ৰাজনৈতিক নেতা নহয়।” মহাৰাষ্ট্ৰৰ দুৰ্নীতি নিবাৰক বিভাগে ৰাজনৈতিক গুৰুসকলৰ কথা মতে সঘনাই নিজৰ বক্তব্য সলাই সম্পূৰ্ণৰূপে গিৰিশ্যামৰ কথাষাৰ পালন কৰিছে ।

Anti-corruption Affida'wits' etv bharat special news
জল প্ৰকল্পৰ ঠিকা আবণ্টনৰ ক্ষেত্ৰত ৭০,০০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হয়

জল প্ৰকল্পৰ ঠিকা আবণ্টনৰ ক্ষেত্ৰত ৭০,০০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত বোম্বে উচ্চ ন্যায়ালয়ে দুৰ্নীতি নিবাৰক শাখাক এই কেলেংকাৰীত অজিত পাৱাৰ কিমান দূৰ জড়িত সেয়া অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত বিগত বৰ্ষৰ নৱেম্বৰ মাহত দাখিল কৰা শপতনামা অনুসৰি এ চি বি বা এণ্টি-ক্ৰাইম ব্ৰাঞ্চৰ সঞ্চালক প্ৰধানে কৈছিল-মহাৰাষ্ট্ৰ চৰকাৰৰ সাধাৰণ প্ৰশাসন নিয়মৰ ১০ নং দফা অনুসৰি তদানীন্তন কংগ্ৰেছ-এন চি পি চৰকাৰৰ আটাইতকৈ বেছি কাৰ্যকাল দায়িত্বত থকা জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিভাগটোত সংঘটিত অনিয়মৰ বাবে সম্পূৰ্ণ অকলে দায়ী। সকলো নীতি-নিয়ম সঠিকভাৱে পালন হৈছে নে নাই সেয়া চোৱাৰ দায়িত্ব সচিব আৰু কাৰ্যবাহী সঞ্চালকসকলৰ বুলি অজিত পাৱাৰে দাবী কৰিছিল । কিন্তু ঠিকা আবণ্টন আৰু আগতীয়া ধন আদায়ৰ সকলোবোৰ ফাইলত অজিত পাৱাৰে চহী কৰিছিল বুলি এ চি বিৰ ফালৰ পৰা দাবী কৰা হৈছিল । সমান্তৰালভাৱে দুৰ্নীতি নিবাৰক শাখাইও দাবী কৰিছিল যে দুৰ্নীতি তথা চৰকাৰৰ বৃহৎ ক্ষতি সাধন কৰাত দায়বদ্ধসকলে নীতি-নিয়মৰ সুযোগ গ্ৰহণ কৰি আনক দোষাৰোপ কৰিব বিচাৰিছিল । চৰকাৰখনক বদনামী কৰাৰ বাবে জলসম্পদ বিভাগৰ ভিতৰৰে পৰা এয়া এক ষড়যন্ত্ৰ আছিল বুলিও এ চি বিৰ ফালৰ পৰা স্পষ্টকৈ উল্লেখ কৰা হয়। এবছৰৰ ভিতৰতে এ চি বিয়ে কেনেদৰে ইয়াৰ ভাষ্য সলনি কৰে।

অজিত পাৱাৰ জড়িত আছিল মহাৰাষ্ট্ৰৰ জলসিঞ্চন প্ৰকল্পৰ দুৰ্নীতিত

এ চি বিক প্ৰতিনিধিত্ব কৰা আৰক্ষী অধীক্ষকগৰাকীয়ে এখন ১৬ পৃষ্ঠাৰ শপতনামা উচ্চ ন্যায়ালয়ত দাখিল কৰে। শপতনামাখনত কোৱা হৈছে,“যদিও জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিদৰ্ভ পানী যোগান উন্নয়ন নিগমৰ অধ্যক্ষ, কাৰ্যকৰী পৰিষদে কৰা ভুলৰ বাবে তেওঁক দোষাৰোপ কৰিব নোৱাৰি । অনিয়মবোৰ চোৱাটো তেওঁৰ দায়িত্ব নহয়।” ঠিকা আবণ্টনৰ ক্ষেত্ৰত অজিত পাৱাৰ জড়িত আছিল বুলি নিশ্চয়তা প্ৰদান কৰা দুৰ্নীতি নিবাৰক শাখাই পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰে আৰু জলসিঞ্চনৰ মুখ্য সচিব আৰু কৰ্পৰেচনৰ কাৰ্যবাহী সঞ্চালকৰ বিৰুদ্ধেহে সকলোবোৰ অনিয়মৰ বাবে অভিযোগ উত্থাপন কৰে । ইয়াৰ সমৰ্থনত কোৱা হৈছে যে জলসম্পদ বিভাগৰ সচিবে অজিত পাৱাৰক উচ্চ নিৰিখ উল্লেখ থকা নিবিদা সমূহ গ্ৰহণ কৰিব নালাগে বুলি কোৱাৰ কোনো লিখিত তথ্য-প্ৰমাণ নাই। বিদৰ্ভ জলসিঞ্চন উন্নয়ন নিগমৰ অধীনৰ ৪৫ টা প্ৰকল্পৰ ২৬৫৪ খন নিবিদা এ চি বিয়ে অনুসন্ধান কৰি আছে । ১৭,৭০০ কোটিতকৈ অধিক ধন অপ্ৰয়োজনীয়ভাৱে অধিক হাৰত ব্যয় কৰাৰ অভিযোগ উত্থাপন হোৱা ৩১ টা প্ৰকল্পৰ তদন্ত এ চি বিয়ে কৰি আছে । ২০১৮ চনৰ নৱেম্বৰ মাহলৈকে তদন্তত বহু নতুন তথ্যৰ সন্ধান পোৱা গৈছিল বুলি বিশ্বাস কৰাটো বহু পৰিমাণে টান কথা । প্ৰয়োজন আৰু সুযোগ-সুবিধা অনুসৰি ৰং সলনি কৰাত আৰু সেইমতে শপতনামা সলনি কৰাত বিভাগসমূহ কিমান অভিজ্ঞ সেই কথা জনাসকলৰ বাবে চি বিৰ এই স্থিতি সলনিৰ কাৰণ বুজাটো বেছি টান কথা নিশ্চয় নহয় ।

দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত এতিয়াও শেষ হোৱা নাই

ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত য’ত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে শক্তিৰ হস্তান্তৰ ঘটে তেনে এখন দেশত সকলো বিভাগে শাসকসকলৰ ইচ্ছা অনুযায়ী চলিবলৈ দক্ষতা আয়ত্ব কৰে। কিছু দিন পূৰ্বে খবৰ ওলাইছিল যে অজিত পাৱাৰক দুৰ্নীতিৰ অভিযোগৰ পৰা মুক্ত কৰি দিবলৈ লোৱা হৈছে । এয়া ফাড়নাৱিছৰ সংখ্যালঘু চৰকাৰৰ প্ৰতি দিয়া সমৰ্থনৰ পুৰস্কাৰ । অৱশ্যে জলসিঞ্চন বিভাগৰ নটা গোচৰহে বন্ধ কৰা হৈছে বুলি লগে লগে দুৰ্নীতি নিবাৰক শাখাই স্পষ্টীকৰণ দিয়ে। তদুপৰি এই গোচৰসমূহৰ সৈতে অজিত পাৱাৰৰ কোনো সম্পৰ্ক নাই বুলিও এ চি বিয়ে স্পষ্ট কৰি দিয়ে। বিগত মাহৰ ২৭ তাৰিখে এ চি বিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কোৱা হৈছে যে মহাৰাষ্ট্ৰ ৰাজ্যিক চৰকাৰৰ কিছু নীতি অনুসৰি প্ৰকল্পৰ খেলিমেলিবোৰত অজিত পাৱাৰ দায়ী নহয়। এতিয়া গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বন্ধ কৰা গোচৰৰ সংখ্যা নটা নে ঊনৈশটা সেয়া ডাঙৰ কথা নহয়, কিন্তু বিভিন্ন ধৰণৰ দফা আৰু নিয়মৰ উল্লেখেৰে এ চি বিয়ে অজিত পাৱাৰক সুৰক্ষা দিবলৈ কৰা প্ৰচেষ্টাহে অধিক চিন্তনীয়। অজিত পাৱাৰ ফাড়নাৱিছ চৰকাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দুদিন পাছত আৰু কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ চৰকাৰ গঠন হোৱাৰ এদিন আগত এই সকলোবোৰ ঘটনা ঘটিছিল । ২০১২ চনত সংবাদ মাধ্যমে উন্মোচন কৰা তথ্য অনুসৰি অজিত পাৱাৰ জলসিঞ্চন মন্ত্ৰী হৈ থকা কালছোৱাত বিভাগীয় আপত্তি সত্বেও তিনি মাহত উচ্চ নিৰিখত ৩২ টা প্ৰকল্পৰ কাম দিয়া হৈছিল। জলসিঞ্চন বিভাগৰ ১২০০ ক্ষুদ্ৰ আৰু বৃহৎ প্ৰকল্পৰ বাবদ ৭০,০০০ কোটি টকা ব্যয় কৰা হৈছিল । এই প্ৰকল্পসমূহৰ নিৰ্দিষ্ট অঞ্চলত বিকাশৰ হাৰ আছিল মাত্ৰ এক শতাংশহে । জলসিঞ্চন উন্নয়ন নিগমৰ পৰামৰ্শ অবিহনে আঠ মাহৰ ভিতৰত তেওঁ ২০,০০০ কোটি টকাৰ প্ৰকল্প আবণ্টন দিছিল । এনেধৰণৰ খেলিমেলিৰ বাবে ২০১২ চনত অজিত পাৱাৰ ক্ষমতাচ্যুত হয় । কংগ্ৰেছ আৰু এন চি পি চৰকাৰে গঠন কৰি দিয়া বিশেষ অনুসন্ধানকাৰী গোটৰ ওচৰত বিৰোধী নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে ১৪ হাজাৰ পৃষ্ঠাৰ তথ্য-প্ৰমাণ দাখিল কৰে। নিগমৰ কাৰ্যকৰী সমিতিৰ সৈতে লগ লাগি কমিচনৰ বাবে তেওঁ ঠিকাদাৰসকলক লাভান্বিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল । এই বিষয়ে মাধৱ চিতালেৰ নেতৃত্বৰ এক তদন্তকাৰী গোটে তথ্য দাখিল কৰে । কিন্তু তেতিয়াৰ চৰকাৰে অজিত পাৱাৰক ক্লীনশ্বিট দিয়ে । ২০১৪ চনত দেৱেন্দ্ৰ ফাড়নৱাৱিছ মুখ্যমন্ত্ৰী হোৱাৰ কেইমাহ মান পাছতে গোচৰটো দুৰ্নীতি নিবাৰক শাখাৰ হাতত গতাই দিয়া হয় যদিও তদন্ত চাৰি বছৰ ধৰি স্থবিৰ হৈ ৰোৱাৰ পাছত অজিত পাৱাৰক অনিয়মৰ বাবে দায়বদ্ধ কৰে। আচৰিত ধৰণে একেটা সংস্থাই বৰ্তমান সম্পূৰ্ণ বিপৰীত স্থিতি অৱস্থান কৰিছে ।

দেৱেন্দ্ৰ ফাড়নাৱিছে ১৪ হাজাৰ পৃষ্ঠাৰ তথ্য-প্ৰমাণ দাখিল কৰিছিল দুৰ্নীতি সন্দৰ্ভত

২০১৪ চনত পুনেৰ এগৰাকী ঠিকাদাৰে জমা কৰা লিখিত ভাষ্যত কৈছিল যে জলসিঞ্চন বিভাগৰ তলৰ পৰা ওপৰলৈকে অৰ্থাৎ কেৰাণীৰ পৰা,কাৰ্যবাহী অভিযন্তা,অধীক্ষক অভিযন্তা,সঞ্চালক, সচিব আৰু অধ্যক্ষলৈকে সকলোকে কমিচন আদায় দিয়াটো বাধ্যতামূলক আছিল। মুঠ প্ৰকল্প ব্যয়ৰ ২২ শতাংশ ধন উৎকোচ হিচাপে দিব লাগিছিল । বহু সমালোচনাৰ পাছতো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ চি বি আই,এনফৰ্চমেণ্ট সঞ্চালকালয়,দুৰ্নীতি নিবাৰক শাখা আদি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিভাগ বা সংস্থাসমূহে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক নেতাসকলৰ মতেহে কাম কৰে। যাৰ ফলত জনসাধাৰণৰ মাজত সংস্থাসমূহৰ বিশ্বাসযোগ্যতা ক্ৰমান্বয়ে হ্ৰাস পাইছে ।

১৭,৭০০ কোটিতকৈ অধিক ধন অপ্ৰয়োজনীয়ভাৱে অধিক হাৰত ব্যয় কৰাৰ অভিযোগ

পাৰ্ৱতম মূৰ্তী

Intro:Body:

দুৰ্নীতিবিৰোধী শপতনামাৰ নামত প্ৰহসন

সাম্প্ৰতিক ৰাজনীতিৰ যেনিয়ে চোৱা যায় তেনিয়েই দুৰ্নীতি দেখা পোৱা যায় । আটাইতকৈ প্ৰহসন এয়ে যে সংবিধান বা আইন মতে ভয় অথবা পক্ষপাতদুষ্টতা অবিহনে, স্বজন তোষণ বা আক্ৰোশ নোহোৱাকৈ নিজৰ কৰ্তব্য পালন কৰিব বুলি ৰাজনৈতিক নেতাসকলে গ্ৰহণ কৰা শপত বা ৰাজনৈতিক নেতাসকলৰ নিয়ন্ত্ৰণত কাম কৰা দুৰ্নীতিবিৰোধী বিভাগসমূহে আদালতত দাখিল কৰা শপতনামাৰ কিবা সত্যতা আছে । বিখ্যাত তেলেগু নাটক কন্যাশুল্কমৰ এক উল্লেখযোগ্য চৰিত্ৰ গিৰিশ্যামে কৈছিল, “যিজনে তেওঁৰ বক্তব্য সময়ে সময়ে সলনি নকৰে তেওঁ এজন ৰাজনৈতিক নেতা নহয়।”  মহাৰাষ্ট্ৰৰ দুৰ্নীতি নিবাৰক বিভাগে ৰাজনৈতিক গুৰুসকলৰ কথা মতে সঘনাই নিজৰ বক্তব্য সলাই সম্পূৰ্ণৰূপে গিৰিশ্যামৰ কথাষাৰ পালন কৰিছে ।  

জল প্ৰকল্পৰ ঠিকা আবণ্টনৰ ক্ষেত্ৰত ৭০,০০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত বোম্বে উচ্চ ন্যায়ালয়ে দুৰ্নীতি নিবাৰক শাখাক এই কেলেংকাৰীত অজিত পাৱাৰ কিমান দূৰ জড়িত সেয়া অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে । উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত বিগত বৰ্ষৰ নৱেম্বৰ মাহত দাখিল কৰা শপতনামা অনুসৰি এ চি বি বা এণ্টি-ক্ৰাইম ব্ৰাঞ্চৰ সঞ্চালক প্ৰধানে কৈছিল-মহাৰাষ্ট্ৰ চৰকাৰৰ সাধাৰণ প্ৰশাসন নিয়মমৰ ১০ নং দফা অনুসৰি তদানীন্তন কংগ্ৰেছ-এন চি পি চৰকাৰৰ আটাইতকৈ বেছি কাৰ্যকাল দায়িত্বত থকা জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিভাগটোত সংঘটিত অনিয়মৰ বাবে সম্পূৰ্ণ অকলে দায়ী । সকলো নীতি-নিয়ম সঠিকভাৱে পলান হৈছে নে নাই সেয়া চোৱাৰ দায়িত্ব সচিব আৰু কাৰ্যবাহী সঞ্চালকসকলৰ বুলি অজিত পাৱাৰে দাবী কৰিছিল । কিন্তু ঠিকা আৱণ্টন আৰু আগতীয়া ধন আদায়ৰ সকলোবোৰ ফাইলত অজিত পাৱাৰে চহী কৰিছিল বুলি এ চি বিৰ ফালৰ পৰা দাবী কৰা হৈছিল । সমান্তৰালভাৱে দুৰ্নীতি নিবাৰক শাখাই এয়াও দাবী কৰিছিল যে দুৰ্নীতি তথা চৰকাৰৰ বৃহৎ ক্ষতি সাধন কৰাত দায়বদ্ধসকলে নীতি-নিয়মৰ সুযোগ গ্ৰহণ কৰি আনক দোষাৰোপ কৰিব বিচাৰিছিল । চৰকাৰখনক বদনামী কৰাৰ বাবে জলসম্পদ বিভাগৰ ভিতৰৰে পৰা এয়া এক ষড়যন্ত্ৰ আছিল বুলিও এ চি বিৰ ফালৰ পৰা স্পষ্টকৈ উল্লেখ কৰা হয় । চাব এবছৰৰ ভিতৰতে এ চি বিয়ে কেনেদৰে ইয়াৰ ভাষ্য সলনি কৰে । 

এ চি বিক প্ৰতিনিধিত্ব কৰা আৰক্ষী অধীক্ষকগৰাকীয়ে এখন ১৬ পৃষ্ঠাৰ শপতনামা উচ্চ ন্যায়ালয়ত দাখিল কৰে । শপতনামাখনত কোৱা হৈছে, “যদিও জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী বিদৰ্ভ পানী যোগান উন্নয়ন নিগমৰ অধ্যক্ষ, কাৰ্যকৰী পৰিষদে কৰা ভুলৰ বাবে তেওঁক দোষাৰোপ কৰিব নোৱাৰি । অনিয়মবোৰ চোৱাটো তেওঁৰ দায়িত্ব নহয় ।” ঠিকা আৱণ্টনৰ ক্ষেত্ৰত অজিত পাৱাৰ জড়িত আছিল বুলি নিশ্চয়তা প্ৰদান কৰা দুৰ্নীতি নিবাৰক শাখাই পৰৱৰ্তী সময়ত ভাষ্য সলনি কৰে আৰু জলসিঞ্চনৰ মুখ্য সচিব আৰু কৰ্পৰেচনৰ কাৰ্যবাহী সঞ্চালকৰ বিৰুদ্ধেহে সকলোবোৰ অনিয়মৰ বাবে অভিযোগ উত্থাপন কৰে । ইয়াৰ সমৰ্থনত কোৱা হৈছে যে জলসম্পদ বিভাগৰ সচিবে অজিত পাৱাৰক উচ্চ নিৰিখ উল্লেখ থকা নিবিদাসমমূহ গ্ৰহণ কৰিব নালাগে বুলি কোৱাৰ কোনো লিখিত তথ্য-প্ৰমাণ নাই ।   বিদৰ্ভ জলসিঞ্চন উন্নয়ন নিগমৰ অধীনৰ ৪৫ টা প্ৰকল্পৰ ২৬৫৪ খন নিবিদা এ চি বিয়ে অনুসন্ধান কৰি আছে । ১৭,৭০০ কোটিতকৈ অধিক ধন অপ্ৰয়োজনীয়ভাৱে অধিক হাৰত ব্যয় কৰাৰ অভিযোগ উত্থাপন হোৱা ৩১ টা প্ৰকল্পৰ তদন্ত এ চি বিয়ে কৰি আছে । ২০১৮ চনৰ নৱেম্বৰ মাহলৈকে তদন্তত বহু নতুন তথ্যৰ সন্ধান পোৱা গৈছিল বুলি বিশ্বাস কৰাটো বহু পৰিমাণে টান কথা । প্ৰয়োজন আৰু সুযোগ-সুবিধা অনুসৰি ৰং সলনি কৰাত আৰু সেইমতে শপতনামা সলনি কৰাত বিভাগসমূহ কিমান অভিজ্ঞ সেই কথা জনাসকলৰ বাবে চি বিৰ এই স্থিতি সলনিৰ কাৰণ বুজাটো বেছি টান কথা নিশ্চয় নহয় ।  

ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত য’ত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে শক্তিৰ হস্তান্তৰ ঘটে তেনে এখন দেশত সকলো বিভাগে শাসকসকলৰ ইচ্ছা অনুযায়ী চলিবলৈ দক্ষতা আয়ত্ব কৰে। কিছু দিন পূৰ্বে খবৰ ওলাইছিল যে অজিত পাৱাৰক দুৰ্নীতিৰ অভিযোগৰ পৰা মুক্ত কৰি দিবলৈ লোৱা হৈছে । এয়া ফাড়নাৱিছৰ সংখ্যালঘু চৰকাৰৰ প্ৰতি দিয়া সমৰ্থনৰ পুৰস্কাৰ । অৱশ্যে জলসিঞ্চন বিভাগৰ নটা গোচৰহে বন্ধ কৰা হৈছে বুলি লগে লগে দুৰ্নীতি নিবাৰক শাখাই স্পষ্টীকৰণ দিয়ে । তদুপৰি এই গোচৰসমূহৰ সৈতে অজিত পাৱাৰৰ কোনো সম্পৰ্ক নাই বুলিও এ চি বিয়ে স্পষ্ট কৰি দিয়ে । বিগত মাহৰ ২৭ তাৰিখে এ চি বিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কোৱা হৈছে যে মহাৰাষ্ট্ৰ ৰাজ্যিক চৰকাৰৰ কিছু নীতি অনুসৰি প্ৰকল্পৰ খেলিমেলিবোৰত অজিত পাৱাৰ দায়ী নহয় । এতিয়া গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বন্ধ কৰা গোচৰৰ সংখ্যা নটা নে ঊনৈশটা সেয়া ডাঙৰ কথা নহয়, কিন্তু বিভিন্ন ধৰণৰ দফা আৰু নিয়মৰ উল্লেখেৰে এ চি বিয়ে অজিত পাৱাৰক সুৰক্ষা দিবলৈ কৰা প্ৰচেষ্টাহে অধিক চিন্তনীয় । অজিত পাৱাৰ ফাড়নাৱিছ চৰকাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দুদিন পাছত আৰু কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাৰ চৰকাৰ গঠন হোৱাৰ এদিন আগত এই সকলোবোৰ ঘটনা ঘটিছিল । ২০১২ চনত সংবাদ মাধ্যমে উন্মোচন কৰা তথ্য অনুসৰি অজিত পাৱাৰ জলসিঞ্চন মন্ত্ৰী হৈ থকা কালছোৱাত বিভাগীয় আপত্তি সত্বেও তিনি মাহত উচ্চ নিৰিখত ৩২ টা প্ৰকল্পৰ কাম দিয়া হৈছিল । জলসিঞ্চন বিভাগৰ ১২০০ ক্ষুদ্ৰ আৰু বৃহৎ প্ৰকল্পৰ বাবদ ৭০,০০০ কোটি টকা ব্যয় কৰা হৈছিল । এই প্ৰকল্পসমূহৰ নিৰ্দিষ্ট অঞ্চলত বিকাশৰ হাৰ আছিল মাত্ৰ এক শতাংশহে । জলসিঞ্চন উল্লনয় নিগমৰ পৰামৰ্শ অবিহনে আঠ মাহৰ ভিতৰত তেওঁ ২০,০০০ কোটি টকাৰ প্ৰকল্প আৱণ্টন দিছিল । এনেধৰণৰ খেলিমেলিৰ বাবে ২০১২ চনত অজিত পাৱাৰ ক্ষমতাচ্যুত হয় । কংগ্ৰেছ আৰু এন চি পি চৰকাৰে গঠন কৰি দিয়া বিশেষ অনুসন্ধানকাৰী গোটৰ ওচৰত বিৰোধী নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে ১৪ হাজাৰ পৃষ্ঠাৰ তথ্য-প্ৰমাণ দাখিল কৰে । নিগমৰ কাৰ্যকৰী সমিতিৰ সৈতে লগ লাগি কমিচনৰ বাবে তেওঁ ঠিকাদাৰসকলক লাভান্বিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল । এই বিষয়ে মাধৱ চিতালেৰ নেতৃত্বৰ এক তদন্তকাৰী গোটে তথ্য দাখিল কৰে । কিন্তু তেতিয়াৰ চৰকাৰে অজিত পাৱাৰক ক্লীনশ্বিট দিয়ে । ২০১৪ চনত দেৱেন্দ্ৰ ফাড়নৱাৱিছ মুখ্যমন্ত্ৰী হোৱাৰ কেইমাহ মান পাছতে গোচৰটো দুৰ্নীতি নিবাৰক শাখাৰ হাতত গতাই দিয়া হয় যদিও তদন্ত চাৰি বছৰ ধৰি স্থবিৰ হৈ ৰোৱাৰ পাছত অজিত পাৱাৰক অনিয়মৰ বাবে দায়বদ্ধ কৰে । আচৰিত ধৰণে একেটা সংস্থাই বৰ্তমান সম্পূৰ্ণ বিপৰীত স্থিতি অৱস্থান কৰিছে । 

২০১৪ চনত পুনেৰ এগৰাকী ঠিকাদাৰে জমা কৰা লিখিত ভাষ্যত কৈছিল যে জলসিঞ্চন বিভাগৰ তলৰ পৰা ওপৰলৈকে অৰ্থাৎ কেৰাণীৰ পৰা, কাৰ্যবাহী অভিযন্তা, অধীক্ষক অভিযন্তা, সঞ্চালক, সচিব আৰু অধ্যক্ষলৈকে সকলোকে কমিচন আদায় দিয়াটো বাধ্যতামূলক আছিল । মুঠ প্ৰকল্ব ব্যয়ৰ ২২ শতাংশ ধন উৎকোট হিচাপে দিব লাগিছিল । বহু সমালোচনাৰ পাছতো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা অৰ্থাৎ চি বি আই, এনফৰ্চমেণ্ট সঞ্চালকালয়, দুৰ্নীতি নিবাৰক শাখা আদি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিভাগ বা সংস্থাসমূহে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক নেতাসকলৰ মতেহে কাম কৰে । যাৰ ফলত জনসাধাৰণৰ মাজত সংস্থাসমূহৰ বিশ্বাসযোগ্যতা ক্ৰমান্বয়ে হ্ৰাস পাইছে । 

-পাৰ্ৱতম মূৰ্তী

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.