ETV Bharat / bharat

ট্ৰাম্পৰ ভাৰত ভ্ৰমণে কি দিব ? ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰাক্তন বিষয়া অৰুণ সিঙৰে সাক্ষাৎকাৰ - চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম

ট্ৰাম্পৰ আগমণলৈ কেইবাদিনো বাকী আছে যদিও ইতিমধ্যে সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছে আৰু ৰাইজে এই বিষয়ে কথা পাতিবলৈ লৈছে । যিয়ে প্ৰমাণ কৰে যে আনুষ্ঠানিক কৌশলগত আৰু ৰাজনৈতিক দিশৰ উপৰি এই সম্পৰ্কৰ আন কিছু নিৰ্দিষ্ট গুৰুত্ব আছে । ইয়াৰ মূলতে হ’ল মানুহৰ পৰা মানুহলৈ থকা দিশটো । প্ৰায় ৪ মিলিয়ন ভাৰতীয় আমেৰিকান,২০০০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে ।

ট্ৰাম্পৰ ভাৰত ভ্ৰমণে কি দিব ?
ট্ৰাম্পৰ ভাৰত ভ্ৰমণে কি দিব ?
author img

By

Published : Feb 20, 2020, 8:40 AM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণসূচীৰে অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত নতুন দিল্লী আৰু আহমেদাবাদত থাকিব। আহমেদাবাদৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগৰ চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়ামত ‘হাউডি মোদী’ সদৃশ অনুষ্ঠানৰ প্ৰস্তুতি চলোৱা হৈছে । আমেৰিকান ছিনেটত অনাস্থা প্ৰস্তাৱৰ পৰা মুক্ত হোৱাৰ কিছুদিন পাছতে ট্ৰাম্পে ভাৰত ভ্ৰমণলৈ আহিব। আমেৰিকালৈ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত অৰুণ সিঙে বিশ্বাস কৰে যে এই ভ্ৰমণে নিৰ্বাচনী বছৰত ট্ৰাম্পক তেওঁৰ ঘৰুৱা শক্তি আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ সুবিধা প্ৰদৰ্শন কৰিব । বৰ্তমান সময়ত দ্বিপাক্ষিক চুক্তিৰ অৱস্থা,এক সীমাবদ্ধ বাণিজ্যিক চুক্তিৰ সম্ভাৱনা,আমেৰিকান কংগ্ৰেছত কাশ্মীৰ,কা-এন আৰ চি প্ৰতিবাদৰ প্ৰসংগ আদি সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই অৰুণ সিঙৰ সৈতে বাৰ্তালাপ কৰিছে ।

ট্ৰাম্পৰ উষ্ম আদৰণিয়ে ভাৰতক সহায় কৰিবঃ আমেৰিকাস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত

প্ৰশ্ন—২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এয়াই তেওঁৰ প্ৰথমটো কাৰ্যকালৰ শেষ বছৰ । ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ এই সময়ছোৱাক আপুনি কেনেদৰে চাব ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি এগৰাকীৰ যিকোনো ভ্ৰমণে বহু উৎসাহৰ সৃষ্টি কৰে। ট্ৰাম্পৰ আগমণলৈ কেইবাদিনো বাকী আছে যদিও ইতিমধ্যে সংবাদ মাধ্যমত সৰৱ চৰ্চা চলিছে আৰু ৰাইজে এই বিষয়ে কথা পাতিবলৈ লৈছে । যিয়ে প্ৰমাণ কৰে যে আনুষ্ঠানিক কৌশলগত আৰু ৰাজনৈতিক দিশৰ উপৰি এই সম্পৰ্কৰ আন কিছু নিৰ্দিষ্ট গুৰুত্ব আছে । ইয়াৰ মূলতে হ’ল মানুহৰ পৰা মানুহলৈ থকা দিশটো । প্ৰায় ৪ মিলিয়ন ভাৰতীয় আমেৰিকান, ২০০০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে । বৃহৎ সংখ্যক ভাৰতীয় লোকে আমেৰিকাত বা আমেৰিকা-ভাৰতৰ সংযোগ থকা সংস্থাপনৰ সুবিধা বিচাৰি আমেৰিকালৈ যায় । এই সম্পৰ্কক লৈ যথেষ্ট প্ৰত্যাশা ব্যক্ত কৰা হৈছে। এই ভ্ৰমণক মই গুৰুত্বপূৰ্ণ বুলি ভাবো কিয়নো উচ্চ পৰ্যায়ত নিয়মীয়া দ্বিপাক্ষিক আলাপ-আলোচনা হৈ থকাটো জৰুৰী । বহুমাত্ৰিক আলাপ-আলোচনাৰ আঁৰতেই কেৱল নহয়, এখন দেশ আৰু আনখন দেশৰ মাজত ভ্ৰমণ হোৱাটো দৰকাৰ । ক্লিণ্টনৰ পৰা প্ৰতিগৰাকী আমেৰিকান ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিছে ।

প্ৰশ্ন—বাৰাক অ’বামাই দুবাৰকৈ ভাৰতলৈ আহিছিল ।

  • অ’বামা দুবাৰ ভাৰতলৈ আহিছিল আৰু তেওঁৰ প্ৰথমটো ভ্ৰমণ প্ৰথমটো কাৰ্যককালৰ আছিল । যদি আপুনি ক্লিণ্টনৰ ক্ষেত্ৰত চায় তেওঁ আহিছিল তেওঁৰ দ্বিতীয় কাৰ্যকাল সমাপ্ত হ’বলৈ লোৱাৰ সময়ত । সেইটো দিশৰ পৰা এয়া গুৰুত্বপূৰ্ণ যে ট্ৰাম্পে তেওঁৰ প্ৰথম কাৰ্যকালৰ শেষৰ পিনে আহি আছে । ইয়ে প্ৰমাণ কৰে কেৱল ভাৰতৰ বাবে নহয়,ট্ৰাম্প ব্ৰেণ্ড তথা ট্ৰাম্পৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে তেওঁ কিমান দ্বিপাক্ষিক সম্পৰ্কক গুৰুত্ব প্ৰদান কৰে ।

প্ৰশ্ন—ট্ৰাম্প মাত্ৰ কিছুদিন পূৰ্বে অনাস্থা প্ৰস্তাৱৰ পৰা মুক্ত হৈছে। তেওঁৰ ভাৰত আগমণ ঘৰুৱা সফলতাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰাৰ এক সুযোগ নেকি?

  • নিশ্চিতভাৱে । তেওঁৰ দেশত আমেৰিকান ছিনেটে ৫ ফেব্ৰুৱাৰীত তেওঁৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰিছে ।৪ ফেব্ৰুৱাৰীত তেওঁ ভালদৰে দেশবাসীক সম্বোধন কৰে । তেওঁ এই ভাষণটোক আনকি আফ্ৰিকান-আমেৰিকান,হিজপানিক সমাজৰ কাষ চাপিবলৈও ব্যৱহাৰ কৰিছে । গতিকে এতিয়া তেওঁ প্ৰমাণ কৰিব লাগে যে তেওঁ কেৱল ঘৰুৱাভাৱে নহয়, আন্তঃৰাষ্ট্ৰীয়ভাৱেও এনেধৰণৰ আদৰি লাভ কৰে । বৰ্তমান দেশত সামান্য কেইখনমান দেশ আছে য’ত তেওঁ এইধৰণৰ আদৰণি লাভ কৰিব ।

প্ৰশ্ন—মিলিয়ন-মিলিয়ন ভাৰতীয়ই তেওঁক আদৰিবলৈ শাৰী পাতিব নেকি?

  • সেইটো সঁচা । ট্ৰাম্পক আদৰিবলৈ ভাৰতীয়সকল ৰাজপথলৈ ওলাই আহিব,আহমেদাবাদৰ বিশাল ষ্টেডিয়ামত গোট খাব,তেওঁক লগতে নতুন দিল্লীত ৰাজনৈতিকভাৱে আদৰণি জনোৱা হ’ব । কিয়নো বহু দেশত তেওঁ মিত্ৰতা সন্দৰ্ভত কৰা মন্তব্যক লৈ সমস্যা আছে । তেওঁলোকৰ আফগানিস্তানৰ লগত জড়িত ছিৰিয়াত গ্ৰহণ কৰা নীতিকলৈ সমস্যা আছে । যাৰ বাবে ট্ৰাম্পে দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে । যেতিয়া ডনাল়্ ট্ৰাম্পে ইকুৱেডৰৰ ৰাষ্ট্ৰপতিক আদৰণি জনাইছিল ট্ৰাম্পে দাবী কৰিছিল যে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ বহু পৰিমাণে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । গতিকে ভাৰতলৈ আহিলে আৰু বিশেষভাৱে আদৰণি লাভ কৰিলে তেওঁৰ সহায় হ’ব ।

প্ৰশ্ন—প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টতাৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰে । কিন্তু এক বাণিজ্যিক চুক্তি ঘোষণা কৰা আমি দেখা পামনে ?

আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্পষ্টতা অতি গুৰুত্বপূৰ্ণ । ইয়াৰ জৰিয়তে ইংগিত লাভ কৰা যায় । কিন্তু উপৰিভাগো গুৰুত্বপূৰ্ণ । এটা কথা স্পষ্ট যে দুয়ো পক্ষই প্ৰতিৰক্ষাৰ বুজাবুজিক লৈ চুক্তি স্বাক্ষৰ কৰাৰ বাবে পৰিকল্পনা কৰি আছে । ইয়ে সম্পৰ্কৰ গভীৰতাকো সূচাব পাৰে । ইয়ে দুয়োখন দেশৰে ইখনৰ লগত সিখনৰ সম্পৰ্কৰ ক্ষেত্ৰত কিমান বিশ্বাস আছে সেয়া বুজাব পাৰে । প্ৰতিৰক্ষাৰ ওপৰত গৈ আছে বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক । আমেৰিকাস্থিত ভাৰতৰ ৰাষ্টদূতৰ শেহতীয়া মন্তব্য অনুসৰি দুয়োখন দেশৰ মাজত বৰ্তমান ব্যৱসায় চলি আছে ১৬০ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ । অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰমাণিত যে প্ৰতি বছৰে ব্যৱসায়ৰ পৰিমাণ বৃদ্ধি পাই আছে আৰু আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বন্ধু । সামগ্ৰিকভাৱে ভাৰতবৰ্ষ বাণিজ্যিক ঘাটিৰ সন্মুখীন হোৱা দেশ কিন্তু আমাৰ আমেৰিকাৰ সৈতে ট্ৰে়ড ছাৰপ্লাছ আছে । আমাৰ বাবে সেয়া বৰ গুৰুত্বপূৰ্ণ । কিন্তু কিছু সমস্যা আছে ।ছেপ্টেম্বৰৰ পৰা আমি শুনি আছো যে আমি এক সীমিত বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ প্ৰায় বাকী । এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে আৰু এই চুক্তি এতিয়াও হৈ উঠা নাই যিয়ে প্ৰমাণ কৰে যে দুয়োপক্ষৰে ইয়াৰ লগত স্বাৰ্থ জড়িত হৈ আছে । কেতিয়াবা বুজাবুজি কৰাটো সহজ কথা নহয় । কিন্তু এক দৃঢ় প্ৰচেষ্টা লোৱা হৈছে ।

প্ৰশ্ন—যদি এখন বাণিজ্যিক চুক্তি ঘোষণা কৰা নহয় তেন্তে ই হতাশাৰ কাৰণ হৈ উঠিব পাৰে নেকি? এয়া চিন্তা কৰিব লগা বিষয় হয় নেকি ?

  • মই নাভাৱো এয়া কিবা চিন্তা কৰিবলগীয়া বিষয় । এয়া সহজ নহয় । দুয়োপক্ষৰে স্বাৰ্থ বা আন বিষয় জড়িত হৈ আছে । তেওঁলোকে বহু কাম কৰিব লগা আছে । সীমিত চুক্তিয়ে স্পষ্টতা নিৰ্ধাৰণ কৰিব পাৰে যদিও ই ট্ৰাম্পকহে ঘৰুৱা দেশত সহায় কৰিব যাতে তেওঁ ক’ব পাৰে মই মেক্সিকো,কানাডা,দক্ষিণ কোৰিয়া,চীন আৰু ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰিছো । তেওঁ যে বিভিন্ন ধৰণৰ বাণিজ্যিক চুক্তি সম্পন্ন কৰিছে আৰু আমেৰিকাৰ কৰ্মচাৰীসকলকো সহায় কৰিব সেই কথা তেওঁ প্ৰচাৰ চলাব । মই যদি ভাৰতৰ দৃষ্টিকোণেৰে আমেৰিকাৰ সৈতে সম্পৰ্ক গভীৰ কৰা বিষয়টো চাওঁ তেন্তে আমি কেৱল বাণিজ্য আৰু বিনিয়োগতে সীমাবদ্ধ নাথাকি নতুন ক্ষেত্ৰৰ সন্ধান কৰিব লাগিব । উদাহৰণ স্বৰূপে ভাৰতৰ প্ৰতিনিধিয়ে শক্তি ক্ষেত্ৰৰ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছে । অথবা বৰ্তমান আমেৰিকাৰ পৰা ক্ৰয় কৰি থকা তেল আৰু গেছ যি কাম আমি পূৰ্বতে কেতিয়াও কৰা নাই । প্ৰথমতে অসামৰিক বিমানখণ্ডলৈয়ে চোৱা যাওক—ভাৰতে এখনৰ পাছত এখন বিমান ক্ৰয় কৰিব । তাৰে বৃহৎ অংশ আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ।গতিকে এই ভ্ৰমণে বাণিজ্যিক ঘাটিৰ বিষয়টোৱে স্থান লাভ কৰিব । তাৰ উপৰি তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ধুমুহাৰ আহি আছে, যেনে ৫জি, এ আই,কোৱাণ্টাম কম্পিউটিং, নতুন ধৰণৰ ডিজিটেল প্ৰযুক্তি, জৈৱ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ সমন্বয় । আমি কেনেদৰে বাস কৰোঁ, আমি কেনেদৰে নিজৰ কাম কৰোঁ এইবোৰ সকলো সম্পূৰ্ণৰূপে সলনি হ’বলৈ গৈ আছে । সম্পৰ্কটোক পৰিৱৰ্তিত কৰিবলৈ এক নতুন সম্পৰ্ক স্থাপন কৰাটো আমেৰিকা আৰু ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব ।
  • প্ৰশ্ন— ডাটাৰ স্থানীয়কৰণো এক চিন্তনীয় বিষয় ?
  • এই বিষয়টোৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয়ভাৱে বিতৰ্ক হৈছে । যেতিয়া নতুন প্ৰযুক্তিৰ আগমণ ঘটে আৰু সমগ্ৰ বিশ্বৰে সমাজৰ প্ৰতিভাবুকিৰ সৃষ্টি কৰে । এয়া কেৱল আমেৰিকা বা ভাৰতবৰ্ষৰে কথা নহয় । ইউৰোপলৈ চাওক—তেওঁলোকৰ গোপনীয়তাক লৈ সমস্যা আছে । ফ্ৰান্সে ডিজিটেল কোম্পানীসমূহৰ ওপৰত কৰ প্ৰয়োগ কৰাকলৈ আমেৰিকা সুখী নহয় । শেহতীয়া এক প্ৰতিবেদনে প্ৰকাশ কৰামতে যে এটা কোম্পানীৰ পৰা ১৫০ মিলিয়ন আমেৰিকান লোকৰ তথ্য হেক কৰিছে । আমেৰিকাই চীনৰ পি এল এৰ মানুহ বুলি অভিযোগ কৰি চাৰিজনৰ বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । গতিকে ডাটাৰ লগত জড়িত বিষয়,ডাটাৰ স্থান,ব্যৱসায় আৰু নাগৰিকৰ সৈতে সম্পৰ্ক আদি সকলোবোৰ কথাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক কৰা হয় । নতুন প্ৰযুক্তিয়ে সমাজ আৰু নীতি-নিয়মৰ সন্মুখত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । আমি ইয়াৰ বাবে কাম কৰিব লাগিব ।

প্ৰশ্ন—আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কাশ্মীৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য আমি দেখা পাইছো । ট্ৰাম্পৰ ঘনিষ্ঠ ৰিপাব্লিকান লিণ্ডছে গ্ৰাহামসহ চাৰিগৰাকী ছিনেটৰে ছেক্ৰেটাৰী অৱ ষ্টেটলৈ পত্ৰ লিখি কাশ্মীৰত ইন্ধাৰনেট বন্ধৰ ক্ষেত্ৰত শিথিলতা, বন্দী ৰাজনৈতিক নেতাসকলৰ মুক্তিৰ দাবীৰ লগতে কা-এন আৰচিৰ প্ৰতিবাদৰ প্ৰসংগ টানি আনে ।এই বিষয়বোৰে কেনেদৰে প্ৰভাৱিত কৰিব?

  • এটা দিশ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগত জড়িত । আনটো দিশ হ’ল আমেৰিকান ছিনেটৰত যি ঘটি আছে । বিগত তিনি বছৰৰ শাসনকালত ট্ৰাম্পক অপ্ৰত্যাশিত, খামখেয়ালি হিচাপে দেখি অহা হৈছে । তেওঁ যেতিয়া যোৱা বছৰৰ জুলাইত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক সাক্ষাৎ কৰিছিল তেতিয়া মই আচৰিত হৈছিলো । তেওঁ কৈছিল যে তেওঁ কাশ্মীৰ সন্দৰ্ভত মধ্যস্থতা কৰিবলৈ সাজু আছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ অনুৰোধ জনাইছে । মই আচৰিত হৈছিলো । কিয়নো মই কেৱল চৰকাৰত থকাই নহয়, বছৰ বছৰ ধৰি পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্ক পৰিচালনা কৰিছো । ইয়াৰ পৰা আত্মবিশ্বাসেৰে ক’ব পাৰো যে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনোৱাৰ কথা ভাবিব পাৰে । গতিকে স্পষ্ট কথা এয়ে যে ট্ৰাম্পে নিজাকৈ সজাই কিবা কৈ আছিল আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁৰ কথা অস্বীকাৰ কৰে । তাৰ পাছত তেওঁ কৈছে যে তেওঁ মধ্যস্থতা কৰিবলৈ সাাজু থকাই নহয় দুয়োপক্ষই মান্তি হ’লে সহাজ কৰিবলৈও সাজু আছে । ডনাল্ড ট্ৰাম্পৰ বৰ্তমানৰ অৱস্থাটো হ’ল যে আফগানিস্তানত তেওঁলোকে এতিয়া যি কৰি আছে সেয়া চলাই যাবলৈ পাকিস্তানৰ সহযোগিতাৰ প্ৰয়োজন । বিশষকৈ কিছু চুক্তিৰ জৰিয়তে তালিবানৰ লগত শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰা। ছেপ্টেম্বৰত ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে সৈতে হিউষ্টনত বিশাল হাউডি মোদী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত নিউয়ৰ্কত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক লগ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে তেওঁ ইৰাণক লৈ মনোনিৱেশ কৰিছে কাৰণ ইয়াৰ পৰা তেওঁ কিবা হোৱাটো বিচাৰিছিল । তেওঁলোকে স্পষ্টভাৱে বুজি পাইছিল যে অকৰ্তৃত্বশীল শক্তি তথা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পাকিস্তান জড়িত আছে । আমেৰিকাই বুজি উঠে যে ভাৰতে কাশ্মীৰ সন্দৰ্ভত তৃতীয় পক্ষৰ কোনোধৰণৰ মধ্যস্থতা হ’বলৈ নিদিব । গতিকে আমি কওঁ যে ভাৰতে কিবা প্ৰকাৰে পাকিস্তানক ব্যস্ত ৰাখে ।আমেৰিকাৰ কংগ্ৰেছৰ লগত জড়িত বিষয়টোৰ প্ৰসংগ উল্লেখ কৰিলে আমি দেখা পাওঁ যে প্ৰশাসনৰ পৰা কংগ্ৰেছে বহু পৃথককৈ কাম কৰে । তেওঁলোকে চৰকাৰৰ সমপৰ্যায়ৰ শাখা বুলি ভাৱে । মূলতঃ ডেমক্ৰেটছৰ সমৰ্থনত আমেৰিকান কংগ্ৰেছত এক প্ৰস্তাৱ গৃহীত কৰা হৈছিল । তেওঁলোকে ক-এন আৰ চি আৰু কাশ্মীৰক লৈ ভৰত চৰকাৰক সমালোচনা কৰে । এইবোৰ বিষয়ত তেওঁলোকৰ যে এক স্থিতি আছে সেই কথা বুজাবলৈ তেওঁলোকৰ নিজা ৰাজনীতি আছে । ভাৰতৰ দৃষ্টিভংগীৰ ফালৰ পৰা ভাৰতত যি খাপ খাব সেয়াই ভাৰতে কৰিব । ভাৰতবৰ্ষই প্ৰশাসনক জড়িত কৰাইছে । ভাৰতবৰ্ষই আমেৰিকান কংগ্ৰেছৰ সৈতেও যোগাযোগ কৰিছে । সম্পৰ্কৰ ক্ষেত্ৰত ২০০০ চনৰে পৰা এটা কথা গুৰুত্বপূৰ্ণ হৈ আহিছে যে ডেমমক্ৰেটছ আৰু ৰিপাব্লিকানৰ মাজত দ্বিপাক্ষিক সমৰ্থন আছে । এনেধৰণৰ দ্বিপাক্ষিক সমৰ্থন থকা মাত্ৰ আন এখন দেশ আছিল । সেয়া হ’ল ইজৰাইল । বৰ্তমান ডেমক্ৰেটছ আৰু ৰিপাব্লিকানৰ মাজৰ সম্পৰ্ক অতি প্ৰতিকূল আৰু একেদৰেই তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰুভাৰতৰ প্ৰধানমন্ত্ৰীৰ সম্পৰ্কক চায় । গতিকে তেওঁলোক ভাৰত চৰকাৰৰ কিছুমান নীতিক লৈ অত্যধিক সমালোচনাত্মক । এই বিষয়ৰ ওপৰত ভাৰত সচেতন হোৱাৰ লগতে যোগাযোগ ৰক্ষা কৰাটো বৰ জৰুৰী ।

প্ৰশ্ন—হাউডি মোদীৰ সময়ত কি প্ৰভাৱ পৰিছিল ? পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে এয়া ট্ৰাম্পৰ ভাৰতীয় তোষণ বুলি ৰিপাব্লিকানসকলে সমালোচনা কৰাৰ সময়তে নিৰ্বাচনৰ কিছুমাহ পূৰ্বে কেমচো ট্ৰাম্প অনুষ্ঠিত হ’ব । ইয়াৰ ফলত আমেৰিকাৰ কংগ্ৰেছত ভাৰতীয়সকলে লাভ কৰি অহা দ্বিপাক্ষিক সমৰ্থন হ্ৰাস পাইছে নেকি ?

  • যিয়ে নহওক ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব লগা হয় । ভাৰতে শক্তিশালীভাৱে ৰাষ্ট্ৰপতি ক্লিণ্টনৰ ক্ষেত্ৰত বিনিয়োগ কৰিছিল । আপোনাৰ নিশ্চয় মনত আছে যে ২০০৮ চনত যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি বুশ্ব আমেৰিকাৰ লগতে আন্তঃৰাষ্ট্ৰীয়ভাৱে জনপ্ৰিয়তাহীন হৈ পৰিছিল তেতিয়া তেওঁৰ কাৰ্যকাল শেষ হও হও অৱস্থাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰি ভাৰতৰ লোকসকলে তেওঁক ভাল পায় বুলি অৱগত কৰে । যেতিয়া আমেৰিকান কংগ্ৰেছৰ একাংশ অ’বামাৰ প্ৰতি অধিক আক্ৰোশী হৈ আছিল তেতিয়া ভাৰতবৰ্ষ অ’বামাৰ সৈতে ব্যস্ত আছিল । আপুনি বিনিয়োগ কৰিব লাগিব কিন্তু যেতিয়া সেয়া কাৰ্যকৰী কৰিব যেতিয়া সচেতন হ’ব লাগিব । কিয়নো আমেৰিকাৰ কংগ্ৰেছ চৰকাৰৰ সম পৰ্যায়ৰ আৰু আন ব্যৱস্থাতকৈ পৃথক । এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহে তেতিয়া আমি দেখুৱাব লাগিব যে আমি তেওঁক আদৰিছোঁ । আপুনি এগৰাকী ব্যক্তি বা এটা অংশক আদৰা নাই । আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক আদৰণি জনাইছে ।

-স্মিতা শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.