নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ: দেওবাৰে হায়দৰাবাদত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ১ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ইজনৰ পিছত সিজন বিজেপিৰ জ্যেষ্ঠ নেতাই প্ৰচাৰ চলাইছে হায়দৰবাদত । দেওবাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱাৰ উদ্দেশ্যেৰে হায়দৰাবাদত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী ভূপেন্দ্ৰ যাদৱ আৰু দলৰ অনুসূচিত জনজাতি মৰ্চাৰ অধ্যক্ষ কে লক্ষ্মণৰ সৈতে বেগমপেত বিমানবন্দৰৰ পৰা পোনে পোনে ভাগ্যলক্ষ্মী মন্দিৰলৈ যাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । দেৱীৰ আশিস লৈ ছেকেণ্ডৰাবাদত আয়োজন কৰা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । বৰছিগুড়া চৌৰাষ্টৰ পৰা সীতাফলমণ্ডীৰ হনুমান মন্দিৰলৈ ৰোড শ্ব' আয়োজন কৰা হয় । সনথ নগৰ, খৈৰতাবাদ, আৰু জুবিলী হিল হৈ যাত্ৰা কৰে দলৰ কৰ্মকৰ্তাসকলে ।
ৰোড শ্ব' সমাপ্ত হোৱাৰ পিছতে নামপল্লীস্থিত বিজেপিৰ কাৰ্যালয়লৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । আবেলি ৫.৩০ বজাত হায়দৰাবাদৰ পৰা অমিত শ্বাহে উভতি যোৱাৰ সম্ভাৱনা আছে । তেলেংগানাৰ ৰাজধানী চহৰখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, যুৱ মৰ্চাৰ নেতা তেজস্বী সূৰ্য আৰু বিজেপিৰ কেইবাগৰাকীও নেতাই নিৰ্বাচনী প্ৰচাৰ চলায় । উল্লেখ্য যে, অহা ১ ডিচেম্বৰত ১৫০টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । অহা ৪ ডিচেম্বৰত বৃহত্তৰ হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।
লগতে পঢ়ক:প্ৰশান্ত ভূষণৰ বিৰুদ্ধে অপৰাধী অৱমাননা প্ৰক্ৰিয়া আৰম্ভ কৰাত অসন্মতি