নেশ্যনেল ডেস্ক,23 অক্টোবৰ : জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে মঙলবাৰে চোৰাংচোৱা সংস্থাৰ ওপৰত নিজৰ ক্ষোভ উজাৰে ৷ তেওঁ মন্তব্য কৰে যে,তেওঁ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পাচৰ পৰা চোৰাংচোৱা সংস্থাৰ পৰা কোনো ধৰণৰ তথ্য লাভ কৰা নাই ৷ সেয়েহে যুৱচামৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত নিজাববীয়াকৈ কথা পাতিছে বুলি মন্তব্য কৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপালগৰাকীয়ে ৷
শ্ৰী মাতা বৈষ্ণু দেৱী বিশ্ববিদ্যালয়ৰ সপ্তম সংখ্যক অভিৱৰ্তনৰ সময়ত নিৰ্ভীক মন্তব্য কৰাৰ বাবে জনাজাত সত্যপাল মালিকে কয়,"মই চোৰাংচোৱা সংস্থাৰ পৰা কোনো ধৰণৰ তথ্য লাভ কৰা নাই ৷ তেওঁলোকে আমাক আৰু দিল্লীক সত্য তথ্য প্ৰদান কৰা নাই ৷"
তেওঁ লগতে কয়, "মই 150-200 জন যুৱক-যুৱতীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছো আৰু ৰাষ্ট্ৰীয় সংগীতৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যিসকলে থিয় হৈ সন্মান প্ৰদৰ্শন নকৰে তেওঁলোকক চিনাক্ত কৰি উলিয়াইছো ৷ তেওঁলোকৰ সৈতেও মই কথা পাতিছো আৰু 25 ৰ পৰা 30 বৰ্ষীয় এই যুৱক-যুৱতীসকলৰ সপোনবোৰ চাৰখাৰ হৈ পৰাৰ লগতে তেওঁলোকক ভুল পথে পৰিচালিত কৰা হৈছে আৰু ইয়াৰ ফলত তেওঁলোক ক্ৰোধাম্বিত হৈ পৰিছে ৷ তেওঁলোকে হুৰিয়ত,দিল্লী চৰকাৰ আৰু স্বায়ত্বশাসনৰ ভিতৰত কোনো এটা শাসনকে নিবিচাৰে যিহেতু তেওঁলোকে ভাৱে যে,শ্বহীদ হ'লেহে তেওঁলোকে সৰগত স্থান লাভ কৰিব ৷"এইসকল যুৱক-যুৱতীয়ে কাশ্মীৰত ইতিমধ্যেই এখন সৰগ লাভ কৰিছে বুলি মন্তব্য কৰে সত্যপাল মালিকে ৷
মালিকে কয়,"তেওঁলোক অধ্যয়নৰ বাবে কিয় বাহিৰলৈ যাব লাগে ৷ কাৰণ বহু দশক ধৰি আমি তেওঁলোকক যোগ্য শিক্ষা ব্যৱস্থা প্ৰদান কৰাত ব্যৰ্থ হৈছো ৷ কাশ্মীৰলৈ অনুমোদন জনোৱা বুজন পৰিমাণৰ টকাৰ ৰাজনীতিবিদ আৰু আমোলাসকলে সঠিক ব্যৱহাৰ কৰা হ'লে তেওঁলোকে স্বৰ্ণখচিত ঘৰত বাস কৰিবলৈ সুবিধা লাভ কৰিলে হয় ৷"তেওঁ লগতে কয় যে, 53 খন ডিগ্ৰী মহাবিদ্যালয়ৰ অনুমোদন জনোৱাৰ লগতে আৰু 50 খনৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ লগতে 242 খন বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি মন্তব্য কৰে মালিকে ৷
ক্ষমতাশালী এটা চামে কাশ্মীৰৰ যুৱচামৰ সপোনবোৰক চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছে বুলি অভিযোগ উত্থাপন কৰে মালিকে ৷ তেওঁ সকলো কাশ্মীৰবাসীকে সত্যৰ অনুসৰণ কৰিবলৈ অনুৰোধ কৰাৰ লগতে কয় যে,ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰে শান্তি আৰু বিকাশ আনিব বিচাৰিছে ৷ এই ক্ষমতাশালী লোকসকলে নিজৰ সন্তানক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিছে যদিও সাধাৰণ লোকসকলক 'মৃত্যুবৰণেই সৰগ লাভ কৰা একমাত্ৰ উপায়' বুলি পথ দেখুৱাইছে ৷
"ৰাজনীতিবিদ,আমোলা আৰু প্ৰভাৱশালীসকলে সাধাৰণ লোকৰ সন্তানৰ সপোনবোৰ ধংস কৰি অহাৰ লগতে তেওঁলোকৰ জীৱনলৈও শংকা নমাই আনিছে ৷ সামাজিক নেতা,ধৰ্মীয় গুৰু,মৌলবী,হুৰিয়ত আৰু মুলসূঁতিৰ দলসমূহে তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰি সাধাৰণ কাশ্মীৰি যুৱকক হত্যা কৰি আহিছে ৷ এই প্ৰভাৱশালী লোকসকলৰ কোনেও নিজৰ সন্তানক হেৰুওৱা নাই আৰু তেওঁলোকৰ পৰিয়ালৰ কোনেও সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা নাই ৷"