নেশ্যনেল ডেস্ক, ২১ জুন : জম্মু কাশ্মীৰৰ পুঞ্জ আৰু কঠুৱা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত দেওবাৰে পাকিস্তানী সেনাই মুকলিকৈ গুলীবৰ্ষণ কৰে । সেনা বিষয়ববীয়াই জনোৱা মতে, এই গুলীবৰ্ষণত কোনো আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰতিবেদন লাভ কৰা নাই ।
দেওবাৰে পুৱা প্ৰায় ৬.১৫ বজাত পাকিস্তানী সেনাই পুঞ্জৰ বালাকোট এলেকাত বন্দুক চালনা আৰু গোলাবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন কৰে । ইয়াৰ পিছতে উভয় পক্ষৰ গুলীবৰ্ষণৰ ফলত সীমান্তবাসীৰ মাজত আতংকৰ সৃষ্টি হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
ইয়াৰোপৰি, পাকিস্তানী সেনাই কঠুৱা জিলাৰ হীৰানগৰ এলেকাত ইণ্টেলিজেন্স ব্যুৰ'ৰ সৈতে গোলাবৰ্ষণ কৰে, যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সুৰক্ষা বলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । পাকিস্তানৰ পৰা অহা এই গোলাবৰ্ষণ প্ৰায় ৫ ঘণ্টালৈ চলিছিল ।