ETV Bharat / bharat

বিমানযাত্ৰীৰ মাজত হাহাকাৰ, বন্ধ হৈ পৰিল চাৰ্ভাৰ - ETV BHARAT

সমগ্ৰ ভাৰতবৰ্ষত বন্ধ হৈ পৰিছে SITA অৰ্থাৎ ছ'চাইটি ইণ্টাৰনেশ্বনেল ডে টেলিকমিউনিকেশ্বন এৰোনটিকেল ছফ্টৱেৰ । যাৰ ফলত পুৱাৰে পৰা ব্যাহত হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ সেৱা ।

বিমানযাত্ৰীৰ মাজত হাহাকাৰ, বন্ধ হৈ পৰিল চাৰ্ভাৰ
author img

By

Published : Apr 27, 2019, 10:07 AM IST

Updated : Apr 27, 2019, 2:18 PM IST

দিল্লী,27 এপ্ৰিলঃ এয়াৰলাইনছৰ মূল ছাৰ্ভাৰত সৃষ্টি হৈছে সমস্যাৰ । আৰু তাৰ ফলতে এতিয়া ব্যাহত হৈ পৰিছে এয়াৰ ইণ্ডিয়াৰ সেৱাসমূহ । ইতিমধ্যে মুম্বাই আৰু দিল্লীত যাত্ৰীবাহী বিমান সমূহৰ চলাচলত পলম হৈছে । ইয়াৰ ফলত মুম্বাই বিমানবন্দৰত অপেক্ষাৰত আছে 2000 যাত্ৰী ।

এই সমস্যা সম্পৰ্কে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই জনাই যে, SITA চাৰ্ভাৰ ডাউন হৈছে । ইতিমধ্য়ে মেৰামতিৰ কাম আৰম্ভ কৰিছে কাৰিকৰী দলে । অতি শীঘ্ৰে সমস্যাৰ সমাধান হ'ব । লগতে এই সমস্যাৰ বাবে ক্ষমা বিচাৰে এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰ গৰাকীয়ে ।

অৱশেষত ৫ ঘণ্টাৰ মূৰত পুনৰ কাৰ্যক্ষম হৈ উঠিল এয়াৰ ইণ্ডিয়াৰ চাৰ্ভাৰ। উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ চাৰ্ভাৰ SITA ডাউন হোৱাৰ ফলত শনিবাৰে পুৱা ৩.৩০ বজাৰ পৰা ৯ বজালৈ ডাউন হৈ আছিল চাৰ্ভাৰ। যাৰ ফলত প্ৰভাৱিত হৈছিল ঘৰুৱা বিমানযাত্ৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলো । জানিব পৰা মতে, চাৰ্ভাৰ ডাউন হোৱাৰ ফলত বিমানবন্দৰত চেক ইন নোহোৱাত যাত্ৰীৰ ভিৰ বাঢ়ি গৈ আছিল ।

Last Updated : Apr 27, 2019, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.