ETV Bharat / bharat

ভোটগণনাৰ পূৰ্বে ফলাফলক লৈ মোডীক শুভেচ্ছা জ্ঞাপন মালদ্বীপছৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ - etv bharat

নিৰ্বাচনী সমীক্ষা সম্প্ৰচাৰ দেখাৰ পিচতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে

ভোটগণনাৰ পূৰ্বে ফলাফলক লৈ মোডীক শুভেচ্ছা জ্ঞাপন মালদীভছৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ
author img

By

Published : May 20, 2019, 12:20 PM IST

নতুন দিল্লী, ২০মে': বিভিন্ন সংবাদ মাধ্যমত দেওবাৰে নিশা নিৰ্বাচনী সমীক্ষা সম্প্ৰচাৰ দেখাৰ পিচতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰক শুভেচ্ছা জ্ঞাপন কৰে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাশ্বীদে। টুইটাৰযোগে মোডীক শুভেচ্ছা জ্ঞাপন কৰি ভাৰতৰ নিৰ্বাচন অন্ত পৰাৰ কথা উল্লেখ কৰি আগন্তুক দিনত মালদ্বীপৰ জনসাধাৰণে নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰৰ সৈতে সকলো ধৰণৰ সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে ।

আনহাতে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত মোডীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ ছলিহ'ৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত এনডিএ-য়ে ৩৪১ খন আসন লাভ কৰিছিল য'ত বিজেপিয়ে এককভাৱে ২৮২ খন আসন লাভ কৰাৰ বিপৰীতে ইউপিএ-য়ে ৬০ খন আসন লাভ কৰিছিল য'ত কংগ্ৰেছে লাভ কৰিছিল ৪৪ খন আসন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.