ETV Bharat / bharat

আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ আক্ৰমণত 63 জন তালিবানী সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 13, 2020, 10:56 PM IST

9 ডিচেম্বৰলৈকে 150 গৰাকী সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

Afghan security forces kill over 60 Taliban terrorists in Kandahar
আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ আক্ৰমণত 63 জন তালিবানী সন্ত্ৰাসবাদী নিহত

নিউজ ডেস্ক ৰিপৰ্ট,13 ডিচেম্বৰ: শেহতীয়া 72 ঘন্টাত আফগানিস্তানৰ দক্ষিণ অঞ্চলত আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ হাতত নিহত হৈছে 63 জন তালিবানী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ৷ ইয়াৰ মাজত 7 গৰাকী আত্মঘাতী আক্ৰমণকাৰীও আছে ৷ আনহাতে গুৰুতৰ ভাৱে আহত হৈছে 29 গৰাকী সন্ত্ৰাসবাদী ৷ মৰ্টাৰ আক্ৰমণেৰে সন্ত্ৰাসবাদী সকলক হত্যা কৰা হয় প্ৰকাশ কৰিছে সুত্ৰই ৷ উল্লেখ্য যে, বিগত সপ্তাহত তালিবানী সন্ত্ৰাসবাদী সংগঠন আৰু আফগান ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মাজত নিৰৱছিন্নভাৱে সংঘটিত হৈ আছে প্ৰচণ্ড সংঘাত ৷ ইয়াৰ ফলশ্ৰুতিতে শেহতীয়াকৈ এই সকল সন্ত্ৰাসবাদীক হত্যা কৰা হয় বুলি প্ৰকাশ কৰিছে সুত্ৰই ৷ আনহাতে 9 ডিচেম্বৰলৈকে 150 গৰাকী সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে বুলি প্ৰকাশ কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

শনিবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত সপ্তাহত কান্ধাৰৰ দান্দ, ঋাৰী, আৰঘানদাব, মাইৱান্দ আৰু শ্বাহৱালী অঞ্চলত 60 গৰাকী সন্ত্ৰাসবাদীক আক্ৰমণ কৰিছে ৷ ইয়াৰে 51 গৰাকীৰ মৃত্যু হোৱাৰ লগতে 9 গৰাকী গুৰুতৰভাৱে আহত হৈছে ৷ লগতে অভিযানত আফগান ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে 13 টাকৈ বিস্ফোৰক নিস্ক্ৰিয় কৰিছে বুলি প্ৰকাশ কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷

লগতে পঢ়কঃ ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.